শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

UPI ৰ জৰিয়তে ৰে’লৰ টিকট ক্ৰয় কৰিলে IRCTC এ লয় নেকি অতিৰিক্ত ধন? জনালে ৰে’লৱে

Indian Railways: ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে ৰে’ল মন্ত্ৰীক প্ৰশ্ন কৰিছিল যে অনলাইন বুকিঙৰ বাবে আই আৰ চি টি চিয়ে অতিৰিক্ত ধন লয় নেকি? ইউ পি আই বা আন কোনো উপায়েৰে টিকট বুকিং কৰাৰ বাবে অতিৰিক্ত চাৰ্জ কিয় লোৱা হয়?

UPI ৰ জৰিয়তে ৰে’লৰ টিকট ক্ৰয় কৰিলে IRCTC এ লয় নেকি অতিৰিক্ত ধন? জনালে ৰে’লৱে
ৰে'লৰ নিয়ম
Barasha Misra
Barasha Misra | Published: 10 Aug 2025 14:21 PM

আজিকালি ৰে’লৰ টিকট ক্ৰয় কৰিবলৈ ঘণ্টাৰ পিছত ঘণ্টা কাউণ্টাৰত থিয় হৈ থাকিব নালাগে। ঘৰতে বহি মোবাইলত অনলাইনত টিকট বুকিং কৰিব পাৰি। যাত্ৰীসকলৰ সুবিধাৰ বাবে ভাৰতীয় ৰে’লৱেই কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। যোৱা জুলাই মাহত ৰে’লৰ টিকট বুকিঙৰ নিয়মত বৃহৎ পৰিৱৰ্তন কৰা হৈছিল। এতিয়া সংসদত উত্থাপন হৈছে টিকট বুকিং চাৰ্জৰ ওপৰত প্ৰশ্ন।

ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে ৰে’ল মন্ত্ৰীক প্ৰশ্ন কৰিছিল যে, আই আৰ চি টি চিয়ে অনলাইন বুকিঙৰ বাবে অতিৰিক্ত ধন লয় নেকি? ইউ পি আই বা আন কোনো উপায়েৰে টিকট বুকিং কৰাৰ বাবে অতিৰিক্ত চাৰ্জ কিয় লোৱা হয়?

ইয়াৰ উত্তৰত ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, যাত্ৰীসকলৰ সময় ৰাহি কৰিবলৈ অনলাইন বুকিং সেৱা প্ৰৱৰ্তন কৰা হৈছে। এতিয়া আৰু কষ্টেৰে ৰিজাৰ্ভচন কাউণ্টাৰলৈ যাব নালাগে। কাউণ্টাৰলৈ যোৱাৰ খৰচো ৰাহি হয়। বৰ্তমান ৮৭ শতাংশ টিকট বুকিং অনলাইনযোগে কৰা হয়।

আই আৰ চি টি চিয়ে অনলাইন টিকট বুকিং সেৱা আগবঢ়ায়। ৰে’লৱেৰ ৰক্ষণাবেক্ষণ, টিকট বুকিং আন্তঃগাঁথনিৰ উন্নতি আৰু বৃদ্ধিৰ বাবে আই আৰ চি টি চিয়ে নূন্যতম সুবিধাজনক চাৰ্জ লয়।

ইউপিআই বা আন কোনো মাধ্যমৰ জৰিয়তে টিকট বুকিং কৰাৰ সময়ত নন-এচি টিকটৰ বাবে ১০ টকা আৰু এচি টিকটৰ বাবে ২০ টাকা চাৰ্জ লয়।