প্ৰত্যক্ষ প্ৰভাৱ আপোনাৰ পকেটত পৰিব ! নতুন বছৰৰ পৰা সলনি হ’ব এই ১০টা নিয়ম
বেংকিং, ডিজিটেল পেমেণ্ট, দৰমহা, কৃষক আৰু ছ’চিয়েল মিডিয়াৰ সৈতে জড়িত অসংখ্য নিয়ম পৰিৱৰ্তনৰ হ'ব পাৰে। ১ জানুৱাৰী, ২০২৬ ৰ পৰা কি কি নিয়ম সলনি হ'ব জানি লওঁ আহক।
২০২৬ চনত বহু নিয়ম সলনি হ’বলৈ গৈ আছে। যিয়ে আপোনাৰ মানিবেগ, বেংকিং আৰু দৈনন্দিন জীৱনত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাব পাৰে। চৰকাৰ আৰু নিয়ন্ত্ৰকসকলে বেংকিং, ডিজিটেল পেমেণ্ট, দৰমহা, কৃষক আৰু ছ’চিয়েল মিডিয়াৰ সৈতে জড়িত অসংখ্য নিয়ম পৰিৱৰ্তনৰ বাবে সাজু হৈছে। ১ জানুৱাৰী, ২০২৬ ৰ পৰা কি কি নিয়ম সলনি হ’ব জানি লওঁ আহক…
এফ ডিৰ ওপৰত নতুন হাৰ
নতুন বছৰ আৰম্ভ হোৱাৰ লগে লগে বহু বৃহৎ বেংকে ঋণৰ সুতৰ হাৰ হ্ৰাস কৰিব। হোম লোন আৰু ব্যক্তিগত ঋণৰ সুতৰ হাৰ হ্ৰাস হ’ব পাৰে। ফিক্সড ডিপ’জিটৰ ওপৰতো নতুন সুতৰ হাৰ কাৰ্যকৰী কৰা হ’ব, যাৰ ফলত বেংকৰ ওপৰত নিৰ্ভৰ কৰি সঞ্চয়কাৰীৰ বাবে সামান্য লাভ বা লোকচান হ’ব পাৰে।
পান-আধাৰ লিংকিং বাধ্যতামূলক হ’ব
২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা প্ৰায় সকলো বেংকিং আৰু চৰকাৰী সেৱাৰ বাবে পান আৰু আধাৰ লিংক কৰাটো বাধ্যতামূলক হ’ব। তেনে নকৰিলে একাউণ্ট সম্পৰ্কীয় বহু সেৱা স্থগিত ৰখা হ’ব পাৰে।
ক্ৰেডিট স্ক’ৰ এতিয়া অধিক দ্ৰুতভাৱে আপডেট হ’ব
ক্ৰেডিট স্ক’ৰ আপডেট হ’বলৈ বেছি সময় অপেক্ষা কৰাৰ প্ৰয়োজন নহ’ব। পূৰ্বে প্ৰতি ১৫ দিনৰ মূৰে মূৰে আপডেট কৰা হৈছিল যদিও এতিয়া সাপ্তাহিকভাৱে আপডেট কৰা হ’ব। ইয়াৰ দ্বাৰা ঋণগ্ৰহণকাৰীসকল উপকৃত হ’ব, কিয়নো সময়মতে ইএমআই পৰিশোধৰ প্ৰভাৱ অধিক ক্ষীপ্ৰতাৰে দেখা যাব, যাৰ ফলত বেংকসমূহে অধিক সঠিক সিদ্ধান্ত ল’ব পাৰিব।
ইউপিআই আৰু ডিজিটেল পেমেণ্ট কঠোৰ নিয়ম
ডিজিটেল জালিয়াতি ৰোধ কৰিবলৈ ইউপিআই, মোবাইল নম্বৰ আৰু বেংক একাউণ্টৰ সৈতে জড়িত নিয়মসমূহ আৰু কঠোৰ কৰা হ’ব। অনলাইন জালিয়াতি ৰোধ কৰি চিম পৰীক্ষণ আৰু ডিজিটেল পৰিচয়ৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হ’ব।
ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ বয়সৰ সীমা
১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়াৰ নিয়ম কটকটীয়া কৰাৰ প্ৰস্তুতি চলাইছে চৰকাৰে। নতুন নিয়মত শিশুৰ অনলাইন সুৰক্ষা বৃদ্ধিৰ বাবে বয়স পৰীক্ষণৰ প্ৰয়োজন হ’ব পাৰে।
পেট্ৰল-ডিজেল বাহনৰ ওপৰত নতুন নিষেধাজ্ঞা
প্ৰদূষণ হ্ৰাস কৰিবলৈ কিছুমান ডাঙৰ চহৰত পুৰণি বা বাণিজ্যিক পেট্ৰ’ল-ডিজেল বাহনৰ ওপৰত নতুনকৈ নিষেধাজ্ঞা আৰোপ কৰা হ’ব পাৰে। ইয়াৰ ফলত কেব, ডেলিভাৰী আৰু লজিষ্টিক সেৱাতো প্ৰভাৱ পৰিব পাৰে।
কৃষকৰ বাবে নতুন নিয়ম
প্ৰধানমন্ত্ৰী কৃষক আঁচনিৰ সুবিধা লাভ কৰিবলৈ কিছুমান ৰাজ্যত একক কৃষক আইডিৰ প্ৰয়োজন হ’ব। সময়মতে ৰিপৰ্ট দিলে ফচল বীমা যোজনাৰ অধীনত বন্যপ্ৰাণীয়ে কৰা ক্ষতিৰ বাবে ক্ষতিপূৰণ আদায় কৰিব পাৰিব।
গেছ, ইন্ধন আৰু কৰ সম্পৰ্কীয় পৰিৱৰ্তন
সচৰাচৰৰ দৰেই এল পি জি, বাণিজ্যিক গেছ আৰু বিমান ইন্ধনৰ দামৰ পৰিৱৰ্তন হ’ব পাৰে। লগতে নতুন প্ৰি-ফিল্ড আইটিআৰ প্ৰ-পত্ৰ প্ৰৱৰ্তনৰ লগে লগে কৰ দাখিল কৰাটো সহজ হৈ পৰিব, কিন্তু পূৰ্বতকৈ অধিক কঠোৰ হ’ব পাৰে নিৰীক্ষণ।