শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ধন-সম্পত্তি, গহনা… ৰাজক এৰি কিয় ৰাজাৰ সৈতে বিয়াত বহিছিল সোণম?

পৰিয়ালৰ লোকে জনোৱা মতে, সোণমে বিয়াৰ পিছত দামী গহনা দাবী কৰাৰ লগতে নিজেও দামী গহনা পিন্ধি ঘৰৰ পৰা ওলাই আহে। কেৱল এয়াই নহয় সোণমৰ মংগলসূত্ৰই আৰক্ষীক ক্লু পোৱাত সহায় কৰিছিল, গতিকে জানো আহক তেওঁৰ মংগলসূত্ৰৰ দাম কিমান?

ধন-সম্পত্তি, গহনা… ৰাজক এৰি কিয় ৰাজাৰ সৈতে বিয়াত বহিছিল সোণম?
কিয় ৰাজাৰ সৈতে বিয়াত বহিছিল সোণম?
trishna-kalita
Trishna Kalita | Published: 21 Jun 2025 18:29 PM

ইন্দোৰৰ ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ কাহিনী যিমানেই চাঞ্চল্যকৰ সিমানেই বেদনাদায়ক। শেহতীয়াকৈ কইনা হোৱা সোণম ৰঘুবংশী স্বামীৰ মৃত্যুৰ আটাইতকৈ ডাঙৰ ষড়যন্ত্ৰকাৰী হৈ পৰিল। বিয়াৰ মাত্ৰ কেইদিনমান পিছতে তেওঁ মেঘালয়ত হানিমুনৰ অজুহাতত ৰাজা হত্যাৰ পৰিকল্পনা সম্পন্ন কৰিলে।

এতিয়া এই দিশটোও আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে সোণমে হয়তো ইচ্ছাকৃতভাৱে কেৱল ধন আৰু গহনাৰ বাবে ৰাজাৰ সৈতে বিয়া হৈছিল। পৰিয়ালৰ লোকে জনোৱা মতে, সোণমে বিয়াৰ পিছত দামী গহনা দাবী কৰাৰ লগতে নিজেও দামী গহনা পিন্ধি ঘৰৰ পৰা ওলাই আহে। কেৱল এয়াই নহয় সোণমৰ মংগলসূত্ৰই আৰক্ষীক ক্লু পোৱাত সহায় কৰিছিল, গতিকে জানো আহক তেওঁৰ মংগলসূত্ৰৰ দাম কিমান?

মংগলসূত্ৰৰ দাম কিমান?

সোণমৰ মংগলসূত্ৰ তেওঁৰ ষড়যন্ত্ৰৰ এটা অংশ হৈ পৰিছিল, যাৰ দামক লৈ এতিয়া চৰ্চা চলি আছে। খবৰ অনুসৰি সোণমে প্ৰায় ২.৫ তোলা সোণৰ মংগলসূত্ৰ পিন্ধিছিল, যাৰ আনুমানিক মূল্য ২ লাখৰ পৰা ২.৫ লাখ টকাৰ ভিতৰত (বৰ্তমানৰ বজাৰৰ হাৰ অনুসৰি প্ৰতি তোলাত সোণৰ মূল্য প্ৰায় ১ লাখ)। এইটোও পোহৰলৈ আহিছে যে তেওঁ স্বামী ৰাজা ৰঘুবংশীকো বিবাহত লাভ কৰা দামী গহনা যেনে সোণৰ চেইন, আঙঠি আৰু ব্ৰেচলেট পিন্ধিবলৈ বাধ্য কৰাইছিল, যাতে ডকাইতিৰ অজুহাতত হত্যাকাণ্ড সংঘটিত কৰিব পৰা যায়।

ৰাজাৰ মাকে আৰক্ষীক জনোৱা মতে, সোণেমে নিজেই সমগ্ৰ হানিমুন ভ্ৰমণৰ পৰিকল্পনা কৰিছিল আৰু ইচ্ছাকৃতভাৱে মেঘালয়ৰ দৰে দুৰ্গম অঞ্চল এটা বাছি লৈছিল, যাতে কোনো সন্দেহ নাথাকে আৰু অপৰাধৰ পিছত তেওঁ তাৰ পৰা সহজে পলায়ন কৰিব পাৰে।

টকা আৰু গহনাৰ বাবেই বিয়া হৈছিল নেকি?

এতিয়া সমহ্ৰ গোচৰটোৱে স্পষ্ট কৰি দিছে যে সোণমৰ উদ্দেশ্য আৰম্ভণিৰে পৰা ভুল আছিল। তেওঁৰ বাবে বিবাহ কেৱল প্ৰেমৰ মিছা অভিনয় নহয়, বৰঞ্চ এটা অপৰাধমূলক পৰিকল্পনাৰ অংশ আছিল য’ত ধন আৰু গহনাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এগৰাকী নাৰীৰ বিয়া হোৱাৰ প্ৰতীক মংগলসূত্ৰ এই ক্ষেত্ৰত সাক্ষী হৈ পৰিল।