শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ক্ৰেডিট কাৰ্ডত চলিছে বহু ভাৰতীয়ৰ জীৱন, মাহে ৫০ হাজাৰতকৈ কম উপাৰ্জন কৰা ৯৩% ই চলে ক্ৰেডিট কাৰ্ডেৰে

প্ৰতিমাহে ৫০ হাজাৰ টকাৰ কম উপাৰ্জন কৰা লোকৰ ৯৩% ই নিজৰ দৈনন্দিন প্ৰয়োজন পূৰণৰ বাবে ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে। কেৱল এয়াই নহয়, নিজাববীয়াকৈ কাম কৰা ৮৫% লোকেও ক্ৰেডিট কাৰ্ড অবিহনে খৰচ পৰিচালনা কৰাত অসুবিধা পায়।

ক্ৰেডিট কাৰ্ডত চলিছে বহু ভাৰতীয়ৰ জীৱন, মাহে ৫০ হাজাৰতকৈ কম উপাৰ্জন কৰা ৯৩% ই চলে ক্ৰেডিট কাৰ্ডেৰে
প্ৰতীকী ছবিImage Credit source: Getty Images
raj-saikia
Raj Saikia | Published: 17 Jul 2025 16:29 PM

আজিকালি ক্ৰেডিট কাৰ্ড আৰু ডিজিটেল ঋণে সাধাৰণ মানুহৰ জীৱনত এক বিশেষ স্থান লাভ কৰিছে। এক নতুন অধ্যয়নত প্ৰকাশ পাইছে যে প্ৰতিমাহে ৫০ হাজাৰ টকাৰ কম উপাৰ্জন কৰা লোকৰ ৯৩% ই নিজৰ দৈনন্দিন প্ৰয়োজন পূৰণৰ বাবে ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে। কেৱল এয়াই নহয়, নিজাববীয়াকৈ কাম কৰা ৮৫% লোকেও ক্ৰেডিট কাৰ্ড অবিহনে খৰচ পৰিচালনা কৰাত অসুবিধা পায়। Think360.ai এ গোটেই বছৰটো ২০ হাজাৰৰো অধিক নিয়োজিত আৰু স্বনিয়োজিত লোকৰ খৰচৰ প্ৰক্ৰিয়া ভালদৰে পৰ্যবেক্ষণ কৰি এই তথ্য প্ৰস্তুত কৰিছে।

কম উপাৰ্জন, অধিক খৰচ.. ক্ৰেডিট কাৰ্ডত চলিছে জীৱন

আগতে ক্ৰেডিট কাৰ্ডক ধনী মানুহৰ সামগ্ৰী বুলি গণ্য কৰা হৈছিল, যিটো মানুহে চখ বা মৰ্যাদাৰ বাবে ৰাখিছিল। কিন্তু এতিয়া ই বহু লোকৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে। ক্ৰেডিট কাৰ্ডৰ গুৰুত্ব ইমানেই বাঢ়িছে যে ইয়াৰ অবিহনে মাহিলী খৰচ পৰিচালনা কৰাটো কঠিন হৈ পৰিছে বহুতৰ বাবে। গেলামালৰ দোকানৰ পৰা সামগ্ৰী কিনিবলৈ হওক, বিদ্যুতৰ বিল পৰিশোধ কৰিবলৈ হওক বা অনলাইন বজাৰ কৰিবলৈ হওক, মানুহে ক্ৰেডিট কাৰ্ডখন বহুলভাৱে ব্যৱহাৰ কৰে।

এক অধ্যয়নত প্ৰকাশ পাইছে যে কম আয়ৰ লোকসকলে দৰমহা শেষ হোৱাৰ পিছতো ক্ৰেডিট কাৰ্ডৰ জৰিয়তে খৰচ বহন কৰি আছে। তাৰ পিছৰ মাহত দৰমহাৰ পৰা কাৰ্ডৰ বিল পৰিশোধ কৰে। বিল পৰিশোধ কৰাৰ লগে লগে টকা শেষ হয়, আৰু আকৌ ক্ৰেডিট কাৰ্ডৰ আশ্ৰয় লয়। বহু লোক এই প্ৰক্ৰিয়াত আবদ্ধ হৈ আছে আৰু ইয়াৰ পৰা ওলাই আহিব পৰা নাই।

আজিৰ সময়ত মুদ্ৰাস্ফীতি আকাশলংঘী হৈছে। গেলামাল, বিদ্যুৎ-পানীৰ বিল, শিশুৰ খৰচ আৰু অন্যান্য প্ৰয়োজনীয়তাই সাধাৰণ মানুহৰ পকেটত চাপৰ সৃষ্টি কৰিছে। এনে পৰিস্থিতিত কম আয়ৰ লোকসকলে দৰমহা শেষ হোৱাৰ পিছত ক্ৰেডিট কাৰ্ড আৰু বিএনপিএলৰ দৰে ডিজিটেল ক্ৰেডিট সেৱাৰ আশ্ৰয় লৈছে। অধ্যয়নটোত দেখা গৈছে যে এই লোকসকলে নগদ ধনৰ নাটনি পূৰণৰ বাবে এই পদ্ধতিসমূহ গ্ৰহণ কৰে।

Think360.ai ৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া অমিত দাসে কয়, “ভাৰতত ক্ৰেডিটৰ যুগ সম্পূৰ্ণৰূপে সলনি হৈছে। আগতে ক্ৰেডিট কাৰ্ড আৰু বিএনপিএলৰ দৰে সুবিধাসমূহ কেৱল ডাঙৰ ক্ৰয়ৰ বাবে আছিল, কিন্তু এতিয়া দৰমহাপ্ৰাপ্ত লোক, গিগ কৰ্মী আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে ই এক দৈনন্দিন প্ৰয়োজনীয়তা হৈ পৰিছে।”

বিএনপিএলৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তা

ক্ৰেডিট কাৰ্ডৰ লগতে বিএনপিএল অৰ্থাৎ ‘Buy Now, Pay Later’ সেৱাও মানুহৰ মাজত অতি জনপ্ৰিয় হৈ পৰিছে। এক অধ্যয়ন অনুসৰি ১৮% স্বনিয়োজিত আৰু ১৫% নিয়োজিত লোকে এই সেৱা ব্যৱহাৰ কৰি আছে। বিএনপিএলে মানুহক সৰু সৰু ক্ৰয়ৰ বাবে তৎক্ষণাত ক্ৰেডিট দিয়ে, যিবোৰ পিছত সহজ কিস্তিত ঘূৰাই দিব পাৰি। বিশেষকৈ অনলাইন শ্বপিং আৰু সৰু সৰু খৰচৰ বাবে বিএনপিএলৰ প্ৰচলন দ্ৰুতগতিত বৃদ্ধি পাইছে।

উদাহৰণস্বৰূপে ধৰি লওক এজন ব্যক্তিয়ে অনলাইনত ৩০ হাজাৰ টকাৰ মোবাইল কিনিব বিচাৰিছে, কিন্তু তেওঁৰ হাতত বৰ্তমান সম্পূৰ্ণ ধন নাই। গতিকে বিএনপিএলৰ সহায়ত তেওঁ ফোনটো কিনি অনাগত কেইমাহমানৰ ভিতৰত সৰু সৰু কিস্তিত টকাখিনি দিব পাৰিব। বিশেষকৈ যিসকল লোকৰ আয় কম, তেওঁলোকৰ বাবে এই সুবিধা অতি সহায়ক বুলি প্ৰমাণিত হৈছে।

কিন্তু একে সময়তে বহু লোকৰ বাবে ই বোজা হৈ পৰিছে। কাৰণ বহু সময়ত তেওঁলোকে সময়মতে বিল পৰিশোধ কৰিব নোৱাৰে আৰু তাৰ পিছত বিপুল সুত দিবলগীয়া হয়। এনে পৰিস্থিতিত বিএনপিএল চিন্তাৰ কাৰণ হোৱাৰ লগতে সহায়ক হ’ব পাৰে।

ফিনটেক কোম্পানীয়ে ছবিখন সলনি কৰিছে

এই অধ্যয়নত ফিনটেক কোম্পানীসমূহৰ শক্তিও দেখুওৱা হৈছে। ডিজিটেল লেণ্ডিঙৰ জৰিয়তে এই কোম্পানীসমূহে দেশত এক নতুন বিপ্লৱ কঢ়িয়াই আনিছে। ২০২৩ চনৰ বিত্তীয় বৰ্ষত ফিনটেক কোম্পানীসমূহে ৯২ হাজাৰ কোটিতকৈ অধিক ব্যক্তিগত ঋণ দিছিল, যিটো নতুন ঋণৰ ৭৬%। এই পৰিসংখ্যাই স্পষ্টভাৱে দেখুৱাইছে যে ফিনটেক কোম্পানীসমূহে সৰু আৰু দ্ৰুত ঋণ দি ৰাইজৰ প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত ডাঙৰ ভূমিকা পালন কৰিছে।

ফিনটেকে কেৱল ঋণ দিয়াত সীমাবদ্ধ নহয়, ইয়াৰ ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে ঋণ লোৱাৰ সমগ্ৰ প্ৰক্ৰিয়াটোও সহজ কৰি তুলিছে। আগতে বেংকৰ পৰা ঋণ ল’বলৈ বহু কাগজ-পত্ৰ কৰিবলগীয়া হৈছিল যদিও এতিয়া ফিনটেক এপত কেইমিনিটমানৰ ভিতৰতে ঋণ অনুমোদন কৰা হৈছে। এই কাৰণে কম আয়ৰ লোকসকলো এতিয়া এই সেৱাসমূহৰ প্ৰতি ক্ৰমান্বয়ে আকৰ্ষিত হৈছে।