শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ভাল খবৰ! হ্ৰাস পালে ৰন্ধন গেছ চিলিণ্ডাৰৰ দাম, আজিৰে পৰা প্ৰযোজ্য হ’ব নতুন মূল্য…

মাৰ্চ মাহৰ বাহিৰে ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ক্ৰমাগতভাৱে হ্ৰাস কৰা হৈছে। ১ জানুৱাৰীত ১৪.৫০ টকা হ্ৰাস কৰা হৈছিল। ইয়াৰ পিছত ফেব্ৰুৱাৰী মাহত ৭টকা হ্ৰাস হৈছিল।

ভাল খবৰ! হ্ৰাস পালে ৰন্ধন গেছ চিলিণ্ডাৰৰ দাম, আজিৰে পৰা প্ৰযোজ্য হ’ব নতুন মূল্য…
হ্ৰাস পালে ৰন্ধন গেছ চিলিণ্ডাৰৰ দাম
Trishna Kalita
Trishna Kalita | Published: 01 Sep 2025 07:11 AM

ৰন্ধন গেছ চিলিণ্ডাৰ সন্দৰ্ভত আহিছে ডাঙৰ ভাল খবৰ। ৰাইজৰ সুবিধাৰ বাবে পুনৰবাৰ গেছ চিলিণ্ডাৰৰ দাম কমালে তেল বিপণন কোম্পানীয়ে। এইবাৰ ৫১ টকাকৈ মূল্য হ্ৰাস কৰা হৈছে।কিন্তু এই হ্ৰাস কেৱল ১৯ কেজিৰ বাণিজ্যিক গেছ চিলিণ্ডাৰতহে হৈছে।

এই পৰিৱৰ্তনৰ পিছত দিল্লীত ১৯ কেজি কমাৰ্চিয়েল গেছ চিলিণ্ডাৰৰ মূল্য হ’ব ১৫৮০ টকা।এতিয়ালৈকে দিল্লীত কমাৰ্চিয়েল চিলিণ্ডাৰৰ মূল্য আছিল ১৬৩১.৫০ টকা। ইফালে  আজিৰে পৰা গুৱাহাটী মহানগৰীত ১৯ কেজি বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য হ’ব ১৭৭৫.৫০ টকা। আজিৰ পৰা অৰ্থাৎ ১ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ’ব এই নতুন মূল্য।

এল পি জি গেছ চিলিণ্ডাৰৰ দামৰ পৰিৱৰ্তন

আচলতে বাণিজ্যিক ৰন্ধন গেছ চিলিণ্ডাৰৰ দাম সলনি কৰিছে তেল বিপণন কোম্পানীসমূহে। আজিৰে পৰা ১৯ কেজিৰ বাণিজ্যিক এল পি জি গেছ চিলিণ্ডাৰৰ মূল্য ৫১.৫০ টকা হ্ৰাস কৰা হৈছে। দিল্লীত ১৯ কেজি বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ খুচুৰা বিক্ৰীৰ মূল্য ১ ছেপ্টেম্বৰৰ পৰা (আজি) ১৫৮০ টকা হ’ব। অৱশ্যে ১৪.২ কেজিৰ ঘৰুৱা চিলিণ্ডাৰৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই।

এই বছৰ ধাৰাবাহিকভাৱে হ্ৰাস পালে দাম

মাৰ্চ মাহৰ বাহিৰে ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ক্ৰমাগতভাৱে হ্ৰাস কৰা হৈছে। ১ জানুৱাৰীত ১৪.৫০ টকা হ্ৰাস কৰা হৈছিল। ইয়াৰ পিছত ফেব্ৰুৱাৰী মাহত ৭টকা হ্ৰাস হৈছিল।

মাৰ্চ মাহত দাম বৃদ্ধি পাইছিল

কিন্তু ১ মাৰ্চত মূল্যও ৬ টকা বৃদ্ধি কৰা হয়। তাৰ পিছত ১ এপ্ৰিলত ব্যৱসায়িক গেছ চিলিণ্ডাৰৰ মূল্য ৪১ টকাকৈ ডাঙৰ কৰ্তনত হ্ৰাস কৰা হয়। ইয়াৰ পিছত ১ মে’ত ১৪ টকা আৰু ১ জুনত ২৪ টকা হ্ৰাস কৰা হয়।১ জুলাইত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ৫৮.৫০ টকাকৈ ডাঙৰ হ্ৰাস কৰা হয়। ইয়াৰ পিছত ১ আগষ্টত পুনৰ ৩৩.৫০ টকা হ্ৰাস কৰা হয়।এতিয়া আকৌ এবাৰ দাম হ্ৰাস কৰা হৈছে।