পাকিস্তানৰ সহযোগত আফগানিস্তানত চীনে মেলিছে ভয়ংকৰ জাল! ভাৰতৰ বিৰুদ্ধে কৰিছে এই পৰিকল্পনা…
ভাৰতক ঘেৰি ৰখাৰ কৌশল আগুৱাই লৈ গৈ এতিয়া পাকিস্তানৰ সহযোগত এক নতুন পৰিকল্পনা কৰিছে চীনে । ইয়াৰ বাবে তেওঁলোকে এতিয়া আফগানিস্তানত নিজৰ জাল মেলিছে , যিটো ভাৰতৰ উদীয়মান অৰ্থনীতিৰ বাবে প্ৰত্যাহ্বান হৈ উঠিব পাৰে।

প্ৰতিবেশী দুই দেশ চীন আৰু পাকিস্তানৰ সৈতে অহৰহ উত্তেজনাৰ পৰিস্থিতিৰ সন্মুখীন হৈ আহিছে ভাৰত। শেহতীয়াকৈ পাকিস্তান আৰু ভাৰতৰ মাজত যুদ্ধৰ দৰে পৰিস্থিতি দেখা গৈছিল আৰু এই সমগ্ৰ সময়ছোৱাত পাকিস্তানক মৌন সমৰ্থন আগবঢ়াইছিল চীনে। এতিয়া এই দুয়োখন দেশে একেলগে আফগানিস্তানত নিজৰ নেটৱৰ্ক সম্প্ৰসাৰণ কৰিবলৈ আৰম্ভ কৰিছে, য’ত ইতিমধ্যে বৃহৎ বিনিয়োগ কৰিছে ভাৰতে।
জানিব পৰা মতে চীন আৰু পাকিস্তানৰ মাজত অৰ্থনৈতিক কৰিডৰ (CPEC) গঢ়ি তোলাৰ কাম চলি আছে। ইয়াৰ বাবে যথেষ্ট পৰিমাণৰ ধন বিনিয়োগ কৰিছে চীনে । এতিয়া চীনৰ এই প্ৰকল্প সম্প্ৰসাৰিত হ’ব আফগানিস্তানলৈ। শেহতীয়াকৈ চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ীয়ে বেইজিঙত তেওঁৰ পাকিস্তানী সমকক্ষ ইছাক দাৰ আৰু আফগানিস্তানৰ ভাৰপ্ৰাপ্ত বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তাকীক আতিথ্য প্ৰদান কৰে। এই সময়ছোৱাত আফগানিস্তানত ‘চীন-পাকিস্তান ইকনমিক কৰিডৰ’ (CPEC) সম্প্ৰসাৰণৰ সন্দৰ্ভত তিনিওখন দেশৰ মাজত এক চুক্তিত উপনীত হৈছে।
আফগানিস্তানত CPECৰ অৰ্থ
চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰ (CPEC)ৰ লক্ষ্য হৈছে পাকিস্তান আৰু আফগানিস্তানৰ পথ আৰু ৰেল আন্তঃগাঁথনিৰ প্ৰসাৰ আৰু সংযোগ। এইখন খনিজ সমৃদ্ধ অঞ্চল, যিটো ভৱিষ্যতে অৰ্থনৈতিক শক্তিশালী স্থানত পৰিণত হ’ব পাৰে। CPECয়ে এই সমগ্ৰ নেটৱৰ্কক চীনৰ পশ্চিমীয়া লজিষ্টিক আৰু বাণিজ্যিক নেটৱৰ্কৰ সৈতে সংযোগ কৰিব। ইয়াৰ ফলত আফগানিস্তানৰ অৰ্থনীতিত প্ৰচণ্ড প্ৰভাৱ পৰিব।
- ইয়াৰ দ্বাৰা চীনৰ ML-1 ৰেলপথ আফগানিস্তানৰ মালবাহী কৰিডৰৰ সৈতে সংযোগ কৰা হ’ব।
- টৰখাম আৰু স্পিন বোল্ডাক ক্ৰছিং পইণ্টৰ মাজেৰে এটা ঘাইপথ নিৰ্মাণ কৰা হ’ব।
- ইয়াৰ জৰিয়তে আফগানিস্তানত লিথিয়ামৰ ভাণ্ডাৰত উপনীত হোৱাত চীনৰ সুবিধা বৃদ্ধি পাব।
- ইৰাণ আৰু পশ্চিম এছিয়াৰ মাজত গেছ আৰু তেল পাইপলাইন স্থাপন কৰাত সহজ হ’ব।
- একে সময়তে প্ৰয়োজন হ’লে সামৰিক বাহিনীৰ সংগঠন বৃদ্ধি পাব।
ভাৰতৰ আপত্তি ক’ত
চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰ (CPEC) সন্দৰ্ভত আপত্তি দৰ্শাইছে ভাৰতৰ । ভাৰতৰ আপত্তি এই যে CPEC পাক অধিকৃত কাশ্মীৰৰ মাজেৰে যাব, যাক ভাৰতে নিজৰ অংশ বুলি দাবী কৰে। চীনৰ এই প্ৰকল্পটোক ভাৰতৰ সাৰ্বভৌমত্বৰ বিৰোধী হিচাপে গণ্য কৰিছে।
দ্বিতীয়তে, এই প্ৰকল্পটোক দেশখনক ঘেৰি ৰখাৰ চীনৰ কৌশল হিচাপে লৈছে ভাৰতে । এই পৰিকল্পনাৰ অধীনত চীনে কেৱল চুবুৰীয়া দেশসমূহৰ আন্তঃগাঁথনি উন্নয়ন কৰাই নহয়, সামৰিক সামৰ্থ্যও বৃদ্ধি কৰিছে।
কেৱল এয়াই নহয়, ভাৰতে চাবাহাৰ বন্দৰৰ জৰিয়তে আফগানিস্তানত আঞ্চলিক সংযোগৰ ক্ষেত্ৰত যথেষ্ট বিনিয়োগ কৰিছে। CPECয়ে এই বিনিয়োগৰ ক্ষতি কৰিব। একে সময়তে চীনৰ পুঁজি আৰু পাকিস্তানৰ চোৰাংচোৱাৰ সহায়ত আফগানিস্তানত মৌলবাদে পুনৰবাৰ উত্থান হ’ব।