শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Life Insurance Corporation: ডাঙৰ খবৰ! LIC ৰ অধিক শ্বেয়াৰ বিক্ৰী কৰিব কেন্দ্ৰীয় চৰকাৰে

Life Insurance Corporation: এই প্ৰসংগত বিনিয়োগ আৰু ৰাজহুৱা সম্পত্তি ব্যৱস্থাপনা বিভাগৰ সচিব অৰুণীষ চাৱাই বিজনেছ ষ্টেণ্ডাৰ্ডছক জনাই যে,, ‘এই বছৰ আমি সৰু সৰু পদক্ষেপত শ্বেয়াৰ হস্তান্তৰ কৰিম। আনকি, এই অংশীদাৰিত্বৰ হস্তান্তৰৰ বাবে আগতীয়াকৈ জাননী দিয়া হ’ব।

Life Insurance Corporation: ডাঙৰ খবৰ! LIC ৰ অধিক শ্বেয়াৰ বিক্ৰী কৰিব কেন্দ্ৰীয় চৰকাৰে
LIC ৰ অধিক শ্বেয়াৰ বিক্ৰী কৰিব কেন্দ্ৰীয় চৰকাৰেImage Credit source: Getty Images
barasha-misra
Barasha Misra | Published: 20 May 2025 13:41 PM

জীৱন বীমা কোম্পানী LIC ৰ ৬.৫ শতাংশ অংশীদাৰিত্ব বিক্ৰীৰ দিশত আগবাঢ়িছে কেন্দ্ৰ। সোমবাৰে বিজনেছ ষ্টেণ্ডাৰ্ডে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি অহা দুবছৰত কেন্দ্ৰীয় চৰকাৰে মুঠ ৬ শতাংশতকৈ অধিক শ্বেয়াৰ সৰু সৰু পদক্ষেপত বিক্ৰী কৰিব। জানিব পৰা মতে এই পদক্ষেপৰ জৰিয়তে চৰকাৰে ক্ৰমান্বয়ে কেন্দ্ৰীয়ভাৱে পৰিচালিত একাধিক প্ৰতিষ্ঠানৰ অংশীদাৰিত্ব শিথিল কৰিবলৈ আৰম্ভ কৰিব।

কিন্তু কিয় এইসমূহ বিক্ৰীৰ পথত আগবাঢ়িছে কেন্দ্ৰ?  শ্বেয়াৰ বজাৰ নিয়ন্ত্ৰক ছেবিয়ে প্ৰস্তুত কৰা নিয়ম অনুসৰি যিকোনো ৰাজহুৱা কোম্পানী CPSE ৰ অন্তৰ্গত অৰ্থাৎ যিবোৰ প্ৰতিষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ অংশ ৫১ শতাংশতকৈ অধিক, সেইবোৰত মুঠ অংশৰ কমেও ২৫ শতাংশ জনসাধাৰণৰ হাতত থকা উচিত। অৰ্থাৎ ৰাইজে ইচ্ছা কৰিলে LIC ৰ অধিক শ্বেয়াৰ ক্ৰয় কৰিব পাৰিব, সেই ভিত্তিতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে।

বিজনেছ ষ্টেণ্ডাৰ্ডছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বিনিয়োগ আৰু ৰাজহুৱা সম্পত্তি ব্যৱস্থাপনা বিভাগৰ সচিব অৰুনিশ চাৱাই কয় যে, এই বছৰ আমি সৰু সৰু পদক্ষেপত শ্বেয়াৰ হস্তান্তৰ কৰিম। আনকি, এই অংশীদাৰিত্বৰ হস্তান্তৰৰ বাবে আগতীয়াকৈ জাননী দিয়া হ’ব।

অৱশ্যে বেছিভাগ CPSE এ এতিয়াও ছেবিৰ নিয়ম মানি চলা নাই। বিশেষকৈ প্ৰতিৰক্ষা, ৰে’ল আৰু বিত্ত মন্ত্ৰালয়ৰ অধীনত কেইবাটাও CPSE ই আছে। যাৰ মুঠ ২৫ শতাংশ শ্বেয়াৰহোল্ডিং কেন্দ্ৰই জনসাধাৰণৰ বাবে উপলব্ধ কৰা নাই। শেহতীয়াকৈ এই প্ৰেক্ষাপটত ছেবিয়ে LIC ক ২০২৭ চনৰ ভিতৰত সাধাৰণ বিনিয়োগকাৰীক নিজৰ ১০ শতাংশ অংশীদাৰিত্ব মুকলি কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ উপৰিও ষ্টক নিয়ন্ত্ৰক ছেবিয়ে মহাৰাষ্ট্ৰ বেংক আৰু UCO বেংককো ২০২৬ চনৰ ভিতৰত তেওঁলোকৰ অংশীদাৰিত্বৰ ২৫ শতাংশ সাধাৰণ বিনিয়োগকাৰী বা ৰাজহুৱা শ্বেয়াৰহোল্ডিঙক প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে।