শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ, জুলাইৰ পৰা বৃদ্ধি পাব ৪ শতাংশ DA !

২০২৫ চনৰ জুলাইৰ পৰা ডিয়াৰনেচ এলাউৱেঞ্চ (DA) ৪ শতাংশ বৃদ্ধিৰ সম্ভাৱনা আছে। উদ্যোগিক শ্ৰমিকৰ বাবে সৰ্বভাৰতীয় গ্ৰাহক মূল্য সূচকাংক (AICPI-IW)ৰ শেহতীয়া তথ্যই এই আশাক আৰু অধিক শক্তিশালী কৰি তুলিছে।

চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ, জুলাইৰ পৰা বৃদ্ধি পাব ৪ শতাংশ DA !
প্ৰতীকী ফটোImage Credit source: GettyImage
manas-borah
Manas Borah | Updated On: 06 Jul 2025 17:23 PM

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে ডাঙৰ খবৰ ! ২০২৫ চনৰ জুলাইৰ পৰা ডিয়াৰনেচ এলাউৱেঞ্চ (DA) ৪ শতাংশ বৃদ্ধিৰ সম্ভাৱনা আছে। উদ্যোগিক শ্ৰমিকৰ বাবে সৰ্বভাৰতীয় গ্ৰাহক মূল্য সূচকাংক (AICPI-IW)ৰ শেহতীয়া তথ্যই এই আশাক আৰু অধিক শক্তিশালী কৰি তুলিছে। ২০২৫ চনৰ মে’ মাহত এই সূচকাংক ০.৫ পইণ্ট বৃদ্ধি পাই ১৪৪ হৈছে। মাৰ্চৰ পৰা মে’লৈ ই ক্ৰমাগতভাৱে বৃদ্ধি পাইছে –মাৰ্চ মাহত ১৪৩, এপ্ৰিল মাহত ১৪৩.৫ আৰু এতিয়া মে’ মাহত ১৪৪। যদি ২০২৫ চনৰ জুন মাহতো সূচকাংক ০.৫ পইণ্ট বৃদ্ধি পায়, তেন্তে DA ৫৫%ৰ পৰা ৫৯%লৈ বৃদ্ধি পাব পাৰে।

DA বৃদ্ধিৰ অংক কি ?

যোৱা ১২ মাহৰ AICPI-IWৰ গড়ৰ ভিত্তিত DA গণনা কৰা হয়। সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি ইয়াৰ সূত্ৰ হ’ল…

ডি এ (%) = [(যোৱা ১২ মাহৰ AICPI-IW) ২৬১.৪২] ÷ ২৬১.৪২ × ১০০

ইয়াত ২৬১.৪২ হৈছে সূচকাংকৰ ভিত্তি মান। যদিহে ২০২৫ চনৰ জুন মাহত AICPI-IW ১৪৪.৫ হয়, তেন্তে ১২ মাহৰ গড় হ’ব প্ৰায় ১৪৪.১৭। এই গড়টো সূত্ৰত ৰাখিলে ডি এ প্ৰায় ৫৮.৮৫% হৈ পৰে। অৰ্থাৎ বৰ্তমানৰ ৫৫%তকৈ ৪% বৃদ্ধি হ’ব। জানুৱাৰীৰ পৰা মে’ মাহলৈকে পৰিসংখ্যাই ৩ শতাংশ বৃদ্ধিৰ দিশলৈ আঙুলিয়াই দিছিল যদিও জুন মাহৰ পৰিসংখ্যাই ইয়াক ৪ শতাংশলৈ লৈ যাব পাৰে।

লগতে পঢ়ক: প্ৰাক্তন CJI ডি ৱাই চন্দ্রচূড়ে এতিয়াও কিয় খালী কৰা নাই চৰকাৰী বাংলো ? কেন্দ্ৰলৈ পত্ৰ উচ্চতম ন্যায়ালয়ৰ

ডি এৰ ঘোষণা

যদিও নতুন ডি এ ২০২৫ চনৰ জুলাইৰ পৰা কাৰ্যকৰী হ’ব, চৰকাৰে সাধাৰণতে ছেপ্টেম্বৰ বা অক্টোবৰ মাহত বিশেষকৈ উৎসৱৰ বতৰৰ আশে-পাশে ঘোষণা কৰে। এইবাৰো দীপাৱলীৰ আশে-পাশে এই বৃহৎ ঘোষণা কৰিব পৰা যাব বুলি আশা কৰা হৈছে। কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে এই খবৰৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে।

২০২৫ চনৰ জুলাই-ডিচেম্বৰৰ এই ডি এ বৃদ্ধি সপ্তম দৰমহা আয়োগৰ অধীনত শেষ বৃদ্ধি হ’ব । কিয়নো এই আয়োগৰ কাৰ্যকাল ২০২৫ চনৰ ৩১ ডিচেম্বৰত শেষ হ’ব।আনহাতে অষ্টম দৰমহা আয়োগ ২০২৫ চনৰ জানুৱাৰী মাহত ঘোষণা কৰা হৈছে যদিও ইয়াৰ অধ্যক্ষ আৰু পেনেল সদস্যৰ নাম এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই। টাৰ্মছ অৱ ৰেফাৰেন্সো (ToR) ওলোৱা নাই। এপ্ৰিল মাহৰ ভিতৰত ToR সাজু হ’ব আৰু আয়োগে কাম আৰম্ভ কৰিব বুলি চৰকাৰে ইংগিত দিছিল যদিও এতিয়াও কোনো সুনিৰ্দিষ্ট আপডেট পোৱা নাই।

অষ্টম দৰমহা আয়োগৰ ২ বছৰৰ পলম পাৰে

যদি আমি পূৰ্বৰ দৰমহা আয়োগৰ ইতিহাস চাওঁ তেন্তে পৰামৰ্শসমূহ কাৰ্যকৰী হ’বলৈ ১৮ৰ পৰা ২৪ মাহ সময় লাগে। এনে পৰিস্থিতিত ২০২৭ চনৰ ভিতৰত অষ্টম দৰমহা আয়োগৰ পৰামৰ্শ কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকৰ বৰ্তমানৰ মৌলিক দৰমহাত আৰু বহু DA বৃদ্ধি লাভ কৰি থাকিব।

অষ্টম দৰমহা আয়োগৰ পলম হোৱাটো নিশ্চিত, কিন্তু কৰ্মচাৰীসকলৰ বাবে সকাহ হৈছে যে চৰকাৰে ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা প্ৰযোজ্য দৰমহা আৰু পেঞ্চনৰ সুবিধা বকেয়া ৰূপত দিব। অৰ্থাৎ কৰ্মচাৰীসকলে কেৱল নতুন সুবিধা লাভ কৰাই নহয়, বকেয়াৰ পৰিমাণো এককালীনভাৱে দিয়া হ’ব।

লগতে পঢ়ক : Indian Railways: দুটা কাউৰীৰ মাজত তীব্ৰ কাজিয়া, ফলত ৪ ঘণ্টা ধৰি আবদ্ধ এক্সপ্ৰেছ ৰে’ল ! যাত্ৰীৰ মাজত হাহাকাৰ…