পূজাৰ বতৰত চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ, ৩ শতাংশ মৰগীয়া বানচ বৃদ্ধি কৰিলে চৰকাৰে
কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে ৩ শতাংশ মৰগীয়া বানচ বৃদ্ধিৰ বাবে অনুমোদন জনায়। এই বৃদ্ধি সপ্তম দৰমহা আয়োগৰ অধীনত সামৰি লোৱা সকলো কৰ্মচাৰী, পেঞ্চনাৰ আৰু পেঞ্চনাৰৰ পৰিয়ালৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব, যাৰ ফলত প্ৰায় ১ কোটি ১৫ লাখ লোক উপকৃত হ’ব।

দেশজুৰি উদযাপন হৈছে শাৰদীয়া দুৰ্গোৎসৱ আৰু নৱৰাত্ৰি। ইফালে সমুখত পোহৰৰ উৎসৱ দীপাৱলী। কেন্দ্ৰীয় চৰকাৰে দীপাৱলী উৎসৱৰ ঠিক পূৰ্বেই কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে ঘোষণা কৰিছে এক ভাল খবৰ। কেন্দ্ৰীয় কেবিনেটে মৰগীয়া বানচ (DA) ৩ শতাংশ বৃদ্ধিৰ বাবে অনুমোদন জনাইছে। এই বৃদ্ধিৰ লগে লগে এতিয়া মুঠ মৰগীয়া বানচৰ হাৰ ৫৫ শতাংশৰ পৰা ৫৮ শতাংশলৈ বৃদ্ধি পাইছে।
এই সিদ্ধান্তই প্ৰায় ১ কোটি ১৫ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ উপকৃত কৰিব। এই বৃদ্ধি ২০২৫ চনৰ ১ জুলাইৰ পৰা কাৰ্যকৰী হ’ব, অৰ্থাৎ জুলাইৰ পৰা ছেপ্টেম্বৰলৈকে বৃদ্ধি পোৱা মৰগীয়া বানচ অক্টোবৰৰ দৰমহাৰ সৈতে লাভ কৰিব কৰ্মচাৰীসকলে।
মৰগীয়া বানচ বৃদ্ধিৰ অৰ্থ কি?
মৰগীয়া বানচ হৈছে দৰমহা আৰু পেঞ্চনৰ এক গুৰুত্বপূৰ্ণ উপাদান, যিয়ে বৃদ্ধি পোৱা মুদ্ৰাস্ফীতিৰ প্ৰতি সঁহাৰি জনাই কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক সকাহ প্ৰদান কৰে। কেন্দ্রীয় চৰকাৰে বছৰত দুবাৰকৈ জানুৱাৰী আৰু জুলাই মাহত মৰগীয়া বানচ সংশোধন কৰে, যাতে বৰ্ধিত খৰচৰ পাছতো কৰ্মচাৰীৰ জীৱন ধাৰণৰ মান বজাই ৰাখিব পাৰে।
বিশেষকৈ উৎসৱৰ বতৰত যেতিয়া মুদ্ৰাস্ফীতিয়ে ঘৰুৱা বাজেটত ক্ৰমাৎ হেঁচা প্ৰয়োগ কৰে তেতিয়া এই সিদ্ধান্তক এক উল্লেখযোগ্য সকাহ বুলি বিবেচিত হৈছে। ২০২৫ চনৰ মাৰ্চ মাহতো চৰকাৰে ৫৩ শতাংশৰ পৰা ৫৫ শতাংশলৈ ২ শতাংশ মৰগীয়া বানচ বৃদ্ধি কৰিছিল। এতিয়া এই হাৰ ৫৮ শতাংশত উপনীত হৈছে। সপ্তম কেন্দ্ৰীয় দৰমহা আয়োগৰ পৰামৰ্শৰ ভিত্তিত এই বৃদ্ধি কৰা হৈছে।
পুৰণি ভাট্টা অক্টোবৰৰ দৰমহাত দিয়া হ’ব
কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত ২০২৫ চনৰ ১ জুলাইৰ পৰা কাৰ্যকৰী হ’ব, কিন্তু ২০২৫ চনৰ অক্টোবৰৰ দৰমহাৰ সৈতে প্ৰদান কৰা হ’ব বানচৰ ধন। অৰ্থাৎ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে অক্টোবৰৰ দৰমহাত একেলগে জুলাই, আগষ্ট আৰু ছেপ্টেম্বৰ তিনিমাহৰ অতিৰিক্ত মৰগীয়া বানচ লাভ কৰিব। প্ৰায় ৪৮ লাখ কেন্দ্ৰীয় কৰ্মচাৰী আৰু ৬৮ লাখ পেঞ্চনাৰ এই সুবিধাৰ বাবে যোগ্য।
বিশেষজ্ঞসকলে কয় যে এই বৃদ্ধি মংগল ভাট্টা কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক মুদ্ৰাস্ফীতিৰ বৰ্ধিত চাপৰ পৰা ৰক্ষা কৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এই চৰকাৰী সিদ্ধান্তই কেৱল আৰ্থিক সকাহ দিয়াই নহয়, উৎসৱৰ বতৰত আৰ্থ-সামাজিক স্থিতিশিলতাতো অৰিহণা যোগাব।
#WATCH | Union Minister Ashwini Vaishnaw says, “The Union Government has approved an increase in Dearness Allowance and Dearness Relief by 3%, effective from July 1.” pic.twitter.com/qvsO4a9IxR
— ANI (@ANI) October 1, 2025
কিমান বৃদ্ধি পাব দৰমহা?
বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে লাভ কৰে ৫৫% মৰগীয়া বানচ (DA)। এতিয়া প্ৰায় ৩% বৃদ্ধিৰ অনুমোদন দিয়া হৈছে, যাৰ ফলত মৰগীয়া বানচ ৫৮% লৈ বৃদ্ধি পাইছে। এই বৃদ্ধি ২০২৫ চনৰ ১ জুলাইৰ পৰা কাৰ্যকৰী হ’ব। অৰ্থাৎ কৰ্মচাৰীসকলে এতিয়া তেওঁলোকৰ মূল দৰমহাৰ ৫৮% মৰগীয়া বানচ হিচাপে লাভ কৰিব।
মাহিলী দৰমহা বৃদ্ধি কিমান হ’ব?
ধৰি লওক এজন কৰ্মচাৰীৰ মৌলিক দৰমহা ৫০,০০০ টকা। পূৰ্বে মৰগীয়া বানচৰ হাৰ আছিল ৫৫%, অৰ্থাৎ তেওঁলোকে ৫৫% × ৫০,০০০ = ২৭,৫০০ টকা DA হিচাপে লাভ কৰিছিল। এতিয়া চৰকাৰে DA ৰেট ৫৮% লৈ বৃদ্ধি কৰিছে, গতিকে তেওঁলোকে ৫৮% × ৫০,০০০ = ২৯,০০০ টকা লাভ কৰিব।
এইদৰে DA বৃদ্ধিৰ বাবে তেওঁলোকৰ মুঠ দৰমহা ২৯,০০০ – ২৭,৫০০ = ১৫০০ টকা প্ৰতিমাহে বৃদ্ধি পাব। অৰ্থাৎ কৰ্মচাৰীজনে প্ৰতিমাহে ১৫০০ টকা অধিক লাভ কৰিব।
একেদৰে এনে এজন পেঞ্চনাৰৰ ক্ষেত্ৰত চাবলৈ গ’লে, ধৰক তেওঁৰ মূল পেঞ্চন ২৫,০০০ টকা। পূৰ্বে তেওঁৰ DR (Dearness Relief) আছিল ৫৫%, অৰ্থাৎ তেওঁ ৫৫% × ২৫,০০০ = ১৩,৭৫০ টকা লাভ কৰিছিল। এতিয়া DR ৫৮% লৈ বৃদ্ধি পাইছে, গতিকে তেওঁ ৫৮% × ২৫,০০০ = ১৪,৫০০ টকা লাভ কৰিব।
এই পৰিৱৰ্তনৰ ফলত পেঞ্চনাৰৰ পেঞ্চন ১৪,৫০০ – ১৩,৭৫০ = ৭৫০ টকা প্ৰতিমাহে বৃদ্ধি পাব। অৰ্থাৎ পেঞ্চনাৰজনে প্ৰতিমাহে ৭৫০ টকা অধিক লাভ কৰিব।