টেলিকম খণ্ডত ডাঙৰ জোকাৰণি, Jio-Airtel ৰ টোপনি কাঢ়িছে BSNL য়ে, আগষ্ট মাহত নতুন ব্যৱহাৰকাৰীৰ সংখ্যাই গঢ়িলে অভিলেখ!
জিঅ’ আৰু এয়াৰটেলৰ ব্যৱহাৰকাৰী বৃদ্ধিৰ বিপৰীতে BSNL য়ে আচৰিত ধৰণে ১৩.৮৫ লাখ নতুন মোবাইল গ্ৰাহক লাভ কৰিছে। ইফালে Vodafone Ideaৰ পৰিস্থিতি অধিক বেয়া হৈ গৈ আছে।

২০২৫ চনৰ আগষ্ট মাহত ভাৰতৰ টেলিকম খণ্ডত এক বৃহৎ পৰিৱৰ্তন দেখা গৈছিল। জিঅ’ আৰু এয়াৰটেলৰ ব্যৱহাৰকাৰী বৃদ্ধিৰ বিপৰীতে BSNL য়ে আচৰিত ধৰণে ১৩.৮৫ লাখ নতুন মোবাইল গ্ৰাহক লাভ কৰিছে। ইফালে Vodafone Ideaৰ পৰিস্থিতি অধিক বেয়া হৈ গৈ আছে। এই সময়ছোৱাত ৩,০৯ লাখ ব্যৱহাৰকাৰী হেৰুৱাই টেলিকম কোম্পানীটোৱে। মন কৰিবলগীয়া যে, শেহতীয়াকৈ BSNL য়ে ভাৰতত 4G সেৱা মুকলি কৰিছে।
BSNL ৰ ভাল দিনৰ বিপৰীতে Vi ৰ চলিছে বেয়া দিন
চৰকাৰী মালিকানাধীন BSNL য়ে আগষ্ট মাহত ১৩.৮৫ লাখ নতুন ব্যৱহাৰকাৰী লাভ কৰিছে। যিটো লাভজনক ভৱিষ্যতৰ ইংগিত দিছে। আনহাতে MTNLৰ লোকচান অব্যাহত আছে। ইয়াৰ বিপৰীতে Vodafone Idea ই ৩,০৯ লাখ মোবাইল গ্ৰাহক হেৰুৱাবলগীয়া হৈছে।
Jio আৰু Airtelৰ অৱস্থা
আগষ্ট মাহত Reliance Jioই সৰ্বাধিক মোবাইল গ্ৰাহকৰ সংখ্যা ১৯.৪৯ লাখ যোগ কৰি ৪১%তকৈ অধিক বজাৰ অংশীদাৰিত্বৰে টেলিকম উদ্যোগত এক নম্বৰ স্থানত আছে। অৱশ্যে ৱায়াৰলাইন ছেগমেণ্টত কোম্পানীটোৱে ১৫.৫১ লাখ ব্যৱহাৰকাৰী হেৰুৱাইছে। আনহাতে Airtel ৰ ৪.৯৬ লাখ মোবাইল গ্ৰাহক বৃদ্ধি পোৱাৰ লগতে ইয়াৰ ৱায়াৰলাইন ছেগমেণ্টত ১.০৮ লাখ ব্যৱহাৰকাৰী লাভ কৰিছে।
২০২৫ চনৰ আগষ্ট মাহত দেশৰ মুঠ মোবাইল গ্ৰাহকৰ সংখ্যা ১১৬.৭ কোটিলৈ বৃদ্ধি পায়। নগৰীয়া গ্ৰাহকৰ সংখ্যা ৬৮৬.৭৯ মিলিয়ন (৫৬%), আনহাতে গ্ৰাম্য ব্যৱহাৰকাৰীৰ সংখ্যা আছিল ৫৩৭.৭৫ মিলিয়ন (৪৪%)। ট্ৰাইৰ তথ্যই স্পষ্টভাৱে দেখুৱাইছে যে, চহৰ অঞ্চলত টেলিডেন্সিটি ১৩৪% হৈছেগৈ, আনহাতে গ্ৰাম্য অঞ্চলত ৫৯.৩১%।