বিহাৰ নিৰ্বাচনত জয়ৰ উপহাৰ প্ৰধানমন্ত্ৰী মোদীৰ, এই দিনটোত আপোনাৰ একাউণ্টত সোমাব ২ হাজাৰ টকা
বিগত কিছুদিন ধৰি PM-Kisanৰ ২১ সংখ্যক কিস্তিৰ ধন মুকলিক লৈ চৰ্চা দেখা গৈছিল। এতিয়া চৰ্চাৰ ওৰ পেলাই কেন্দ্ৰীয় চৰকাৰে নিশ্চিত তথ্য প্ৰকাশ কৰে। কৃষকৰ একাউণ্টত কেতিয়া এই ধনৰাশি সোমাব, জানো আহক।
শুকুৰবাৰে ঘোষণা কৰা হয় বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। বিৰোধীক সম্পূৰ্ণ বিধ্বস্ত কৰি নিৰ্বাচনত শাসকীয় মিত্ৰজোঁট NDA-ই বৃহৎ ব্যৱধানত জয়লাভ কৰে আৰু পুনৰবাৰ বিহাৰৰ ক্ষমতা হস্তগত কৰে। বিহাৰত এই অভূতপূৰ্ব সফলতাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ লাখ লাখ কৃষকলৈ উপহাৰ আগবঢ়াবলৈ সাজু হৈছে। এই উপহাৰ হ’ব প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (PM-KISAN) আঁচনিৰ ধন। অহা ১৯ নৱেম্বৰত তেওঁ PM-KISAN আঁচনিৰ ২১ সংখ্যক কিস্তি মুকলি কৰিব।
বিগত কিছুদিন ধৰি আঁচনিৰ এই ২১ সংখ্যক কিস্তিৰ ধন মুকলিক লৈ চৰ্চা দেখা গৈছিল। এতিয়া চৰ্চাৰ ওৰ পেলাই কেন্দ্ৰীয় চৰকাৰে নিশ্চিত তথ্য প্ৰকাশ কৰে। শুকুৰবাৰে কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে এক বিবৃতি যোগে অহা ১৯ নৱেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে PM-KISANৰ ২১ সংখ্যক কিস্তি মুকলি কৰিব বুলি প্ৰকাশ কৰে।
কৃষকক কিমান টকা প্ৰদান কৰা হৈছে?
PM-KISAN ৰ অধীনত যোগ্য কৃষকক বছৰি ৬,০০০ টকাকৈ সাহায্য আগবঢ়োৱা হয়। এই ধন বছৰি তিনিটা কিস্তিত প্ৰদান কৰা হয়। ২০১৯ চনৰ ২৪ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় চৰকাৰে এই আঁচনিৰ আৰম্ভণি কৰে। বৰ্তমানলৈকে এই আঁচনিৰ জৰিয়তে সমগ্ৰ দেশৰ ১১ কোটিৰো অধিক কৃষক পৰিয়ালক ২০টা কিস্তিৰ জৰিয়তে ৩.৭০ লাখ কোটিতকৈ অধিক টকা বিতৰণ কৰা হৈছে।
এই পুঁজিয়ে কৃষকসকলক অত্যাৱশ্যকীয় কৃষি সামগ্ৰী ক্ৰয় কৰাত সহায় কৰাৰ লগতে অন্যান্য খৰচ যেনে শিক্ষা, চিকিৎসা সেৱাৰ দৰে প্ৰয়োজনো পূৰণ কৰাত সহায় কৰিছে। এই আঁচনিৰ ধন লাভ কৰিবলৈ eKYC আপডেট কৰাটো বাধ্যতামূলক কৰিছিল কেন্দ্ৰীয় চৰকাৰে। আঁচনিখন ত্ৰুটি মুক্ত কৰি তোলা তথা যোগ্যজনে এই সুবিধা লাভ কৰাটো নিশ্চিত কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
২১ সংখ্যক কিস্তি এই ৰাজ্যসমূহত পূৰ্বেই মুকলি
অৱশ্যে আঁচনিৰ ২১ সংখ্যক কিস্তিৰ ধন কেইখনমান ৰাজ্যৰ কৃষকসকলে আগতীয়াকৈ লাভ কৰিছিল। হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু পঞ্জাৱৰ কৃষকসকলৰ বাবে বিগত ছেপ্টেম্বৰত এই কিস্তি মুকলি কৰাৰ পৰিৱৰ্তে জম্মু-কাশ্মীৰৰ কৃষকসকলে অক্টোবৰত এই ধনৰাশি লাভ কৰিছিল। প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত কৃষকসকলৰ সহায়ৰ বাবে এই সিদ্ধান্ত লৈছিল কেন্দ্ৰই।