শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Bank Holiday: জুন মাহত ১২ দিন বন্ধ বেংক! কোন দিনা ক’ত থাকিব বন্ধ? চাওক এই তালিকা

ভাৰতীয় ৰিজাৰ্ভ বেংকে (RBI) প্ৰকাশ কৰা ২০২৫ চনৰ জুন মাহৰ বেংক বন্ধৰ তালিকা অনুসৰি চলিত মাহত মুঠ ১২ দিনৰ বাবে বেংক বন্ধ থাকিব। এই বিষয়ে জানো আহক সবিশেষ...

Bank Holiday: জুন মাহত ১২ দিন বন্ধ বেংক! কোন দিনা ক’ত থাকিব বন্ধ? চাওক এই তালিকা
জুন মাহত ১২ দিন বন্ধ বেংক!
barasha-misra
Barasha Misra | Published: 31 May 2025 16:10 PM

যদি আপোনাৰো জুন মাহত বেংকত কোনো গুৰুত্বপূৰ্ণ কাম আছে তেন্তে এই খবৰটো আপোনাৰ বাবে উপযোগী হ’ব। দৰাচলতে ২০২৫ চনৰ জুন মাহত ভাৰতৰ বেংকসমূহ মুঠ ১২ দিনৰ বাবে বন্ধ থাকিব, য’ত ৰাষ্ট্ৰীয় আৰু আঞ্চলিক উৎসৱৰ লগতে নিয়মীয়া সাপ্তাহিক বন্ধৰ দিনো অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে ঘোষণা কৰা এই বন্ধৰ তালিকা অনুসৰি বেংকৰ গ্ৰাহকে আগতীয়াকৈ নিজৰ বিত্তীয় কাম-কাজ শেষ কৰিব পাৰে।

জুন মাহৰ বাবে বেংক বন্ধৰ দিনৰ তালিকা

  • ১ জুন(দেওবাৰ) সাপ্তাহিক বন্ধ
  • ৬ জুন (শুকুৰবাৰ) ঈদ-উল আজহা (কেৰেলাত বেংক বন্ধ)
  • ৭ জুন (শনিবাৰ) ঈদ-উল আজহা (গুজৰাট, ছিকিম, অৰুণাচল প্ৰদেশ আৰু কেৰালাৰ বাহিৰে সকলো ৰাজ্যতে বেংক বন্ধ)
  • ৮ জুন (দেওবাৰ) সাপ্তাহিক বন্ধ
  • ১১ জুন (বুধবাৰ) সন্ত কবীৰ জয়ন্তী / সাগা দাৱা (চিকিম আৰু মেঘালয়ত বন্ধ বেংক)
  • ১৪ জুন (শনিবাৰ) দ্বিতীয় শনিবাৰ (সকলো বেংকৰ বাবে বন্ধ)
  • ১৫ জুন (দেওবাৰ) সাপ্তাহিক বন্ধ
  • ২২ জুন (দেওবাৰ) সাপ্তাহিক বন্ধ
  • ২৭ জুন (শুকুৰবাৰ) ৰথ যাত্ৰা / কাংগ (ওড়িশা আৰু মণিপুৰত বেংক বন্ধ)
  • ২৮ জুন (শনিবাৰ) চতুৰ্থ শনিবাৰ (সকলো বেংকৰ বাবে বন্ধ)
  • ২৯ জুন(দেওবাৰ) সাপ্তাহিক বন্ধ
  • ৩০ জুন (সোমবাৰ) ৰেমনা নি (মিজোৰামত বেংক বন্ধ)([NDTV India])

এই বন্ধৰ কিছুমান দিন ৰাজ্য নিৰ্দিষ্ট, গতিকে গ্ৰাহকক নিজ নিজ ৰাজ্যৰ বেংক ছুটীৰ তালিকা পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

এইদৰেই হ’ব বেংকৰ কাম

বেংকৰ শাখাসমূহ বন্ধ হৈ থকাৰ পাছতো ইউ পি আই, নেট বেংকিং, ম’বাইল বেংকিং, এ টি এম আদি ডিজিটেল বেংকিং সেৱাসমূহ সদায়ৰ দৰে চলি থাকিব। কিন্তু চেক ক্লিয়াৰেন্স, ডিমাণ্ড ড্ৰাফট আৰু পাছবুক আপডেট আদি কিছুমান সেৱা বেংকৰ শাখাৰ জৰিয়তেহে সম্ভৱ, সেয়েহে এই কামবোৰ সময়মতে সম্পন্ন কৰাটো বাঞ্ছনীয়।