শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ভাৰতীয় সশস্ত্ৰ বাহিনীৰ কাষত অনিল আম্বানী! বৃদ্ধি পাব নেকি শ্বেয়াৰৰ মূল্য?

মে’ মাহত অনিল আম্বানীৰ কোম্পানীয়ে আন এটা জাৰ্মান প্ৰতিৰক্ষা সঁজুলি নিৰ্মাতা কোম্পানীৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছিল। সেই চুক্তি অনুসৰি তেওঁলোকে সেনাবাহিনীৰ বাবে বৃহৎ আৰু মজলীয়া কেলিবাৰৰ গোলাবাৰুদ নিৰ্মাণ কৰিব। আৰু তাৰ বাবে ৫ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে ৰত্নগিৰিত এটা কাৰখানা নিৰ্মাণ কৰা হ’ব।

ভাৰতীয় সশস্ত্ৰ বাহিনীৰ কাষত অনিল আম্বানী! বৃদ্ধি পাব নেকি শ্বেয়াৰৰ মূল্য?
অনিল আম্বানী
Trishna Kalita
Trishna Kalita | Published: 12 Jun 2025 13:31 PM

ভাৰতীয় সেনাৰ বাবে ৰিলায়েন্স ডিফেন্সে নিৰ্মাণ কৰিব উন্নত টাৰ্মিনেলী গাইডেড মুনিচন (TGM)। আৰু ইয়াৰ বাবে তেওঁলোকে জাৰ্মান কোম্পানী ডিয়েল ডিফেন্সৰ সৈতে চুক্তিবদ্ধ হৈছে। ৰিলায়েন্স ডিফেন্সে কয় যে ডিয়েল ডিফেন্সৰ সৈতে হোৱা এই চুক্তি অনুসৰি ভাৰতত নিৰ্মাণ কৰা হ’ব ভলকেনো ১৫৫ মিমি প্ৰিচিচন গাইডেড মুনিচন চিষ্টেম (Vulcano 155 mm precision-guided munition system)।

চুক্তি অনুসৰি ৰিলায়েন্স ডিফেন্সে মহাৰাষ্ট্ৰৰ ৰত্নাগিৰিৰ ৱাটাড ঔদ্যোগিক এলেকাত উন্নত প্ৰযুক্তিৰে গ্ৰীণফিল্ড গোলাবাৰুদ আৰু বিস্ফোৰক উৎপাদন কাৰখানা স্থাপন কৰিব।  ইয়াৰ উপৰিও মে’ মাহত অনিল আম্বানীৰ কোম্পানীয়ে আন এটা জাৰ্মান প্ৰতিৰক্ষা সঁজুলি নিৰ্মাতা কোম্পানীৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছিল। সেই চুক্তি অনুসৰি তেওঁলোকে সেনাবাহিনীৰ বাবে বৃহৎ আৰু মজলীয়া কেলিবাৰৰ গোলাবাৰুদ নিৰ্মাণ কৰিব। আৰু তাৰ বাবে ৫ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে ৰত্নগিৰিত এটা কাৰখানা নিৰ্মাণ কৰা হ’ব।

এতিয়া ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে আশা কৰিছে যে অহা ১৮ মাহৰ ভিতৰত ইয়াত উৎপাদন আৰম্ভ কৰিব পাৰিব। ৩০ শতাংশ বিনিয়োগ ইকুইটিৰ জৰিয়তে আৰু বাকী ৭০ শতাংশ ঋণৰ জৰিয়তে কাম সম্পূৰ্ণ কৰাৰ আশা কৰিছে কোম্পানীটোৱে । সূত্ৰসমূহে জনোৱা মতে, কোম্পানীটোৰ ভিতৰৰ পৰা ধন সংগ্ৰহ কৰি সমগ্ৰ ইকুইটিৰ প্ৰয়োজনীয়তা পূৰণ কৰা হ’ব। মন কৰিবলগীয়া যে ৰিলায়েন্স ডিফেন্সৰ মূল কোম্পানী হৈছে ৰিলায়েন্স ইনফ্ৰাষ্ট্ৰাকচাৰ। এতিয়া ইমানবোৰ চুক্তিৰ সৈতে এই কোম্পানীটোৰ শ্বেয়াৰৰ মূল্যও ওপৰলৈ উঠিব বুলি আশা কৰা হৈছে।

যদি আপুনি ক’ৰবাত বিনিয়োগ কৰিব বিচাৰে তেন্তে সেই বিষয়ত সঠিক গৱেষণা আৰু বিশ্লেষণ কৰক। এই লেখাটো কেৱল শিক্ষাৰ উদ্দেশ্যে। TV9 অসমে বিনিয়োগৰ কোনোধৰণৰ পৰামৰ্শ নিদিয়ে।

বিশেষ টোকা: যিকোনো বিনিয়োগত বজাৰৰ বিপদ থাকে। গতিকে প্ৰথমে বিনিয়োগৰ সকলো নথি-পত্ৰ ভালদৰে পঢ়ক। তাৰ পিছত বিনিয়োগৰ বিষয়ে এটা সিদ্ধান্ত লওক।