শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

প্ৰতিমাহে ১.২৬ কোটি টকাৰ ভাড়া! এই স্থানত গঢ়ি উঠিব আমাজনৰ ৪৩০ কোটি টকাৰ ‘উদ্যোগ’

সম্পত্তি পঞ্জীয়ন আৰু ৰিয়েল এষ্টেট কোম্পানী প্ৰপষ্টেকৰ মতে এই গুদামটো স্বাভাৱিকতকৈ কেইবাগুণো ডাঙৰ। এনে বৃহৎ আকাৰৰ গুডামটোৰ বাবে ই-কমাৰ্চ কোম্পানী আমাজনে কেইবাশ কোটি টকা খৰচ কৰিবলৈ সাজু হৈছে।

প্ৰতিমাহে ১.২৬ কোটি টকাৰ ভাড়া! এই স্থানত গঢ়ি উঠিব আমাজনৰ ৪৩০ কোটি টকাৰ ‘উদ্যোগ’
আমাজন ইণ্ডিয়াৰ বৃহৎ উদ্যোগImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Updated On: 07 Sep 2025 17:27 PM

ই-কমাৰ্চ প্লেটফৰ্ম আমাজন ইণ্ডিয়াৰ ব্যৱসায় ক্ৰমাৎ সম্প্ৰসাৰিত হৈ আহিছে। ব্যৱসায় বৃদ্ধিৰ সমান্তৰালকৈ কোম্পানীটোৱে ব্যাপক কৰ্মসংস্থানৰ পথো মুকলি কৰিছে। এতিয়া আন এক বিপ্লৱ গঢ়ি তুলিবলৈ সাজু হৈছে আমাজন। প্ৰকাশিত খবৰ মতে, ‘আমাজন ইণ্ডিয়া’ই এক বিশাল গুদাম লিজত লৈছে। এই গুডামৰ ভাড়াক লৈ চলিছে ব্যাপক চৰ্চা। সম্পত্তি পঞ্জীয়ন আৰু ৰিয়েল এষ্টেট কোম্পানী প্ৰপষ্টেকে নিজা এক্স হেণ্ডেলত এই বিষয়ে প্ৰকাশ কৰিছে। প্ৰপষ্টেকৰ মতে এই গুদামটো স্বাভাৱিকতকৈ কেইবাগুণো ডাঙৰ।

এনে বৃহৎ আকাৰৰ গুডামটোৰ বাবে ই-কমাৰ্চ কোম্পানী আমাজনে কেইবাশ কোটি টকা খৰচ কৰিবলৈ সাজু হৈছে। প্ৰপষ্টেকে প্ৰদান কৰা তথ্য অনুসৰি পশ্চিম বংগৰ হুগলী জিলাত এই গুডাম লিজত লৈছে আমাজনে। উল্লেখ্য যে হুগলীৰ ভিন্ন প্ৰান্তত আমাজন, ফ্লিপকাৰ্টৰ দৰে কেইবাটাও ই-কমাৰ্চ ছাইটৰ গুদাম আছে। এই গুদামসমূহৰ পৰা বিভিন্ন সামগ্ৰী সমগ্ৰ ৰাজ্যলৈ প্ৰেৰণ কৰা হয়।

প্ৰপষ্টেকে প্ৰদান কৰা তথ্য অনুসৰি আমাজনে হুগলীত ৫.৬ লাখ বৰ্গফুটৰ বিশাল গুদাম লিজত লৈছে। আগন্তুক ২০ বছৰ এই গুদামৰ পৰাই ডেলিভাৰীৰ কাম চলাব কোম্পানীটোৱে। লক্ষণীয়ভাৱে গুদামটোৰ বাবে আমাজনে ১ কোটি ২৬ লাখ টকাৰ মাহিলী ভাড়া দিব লাগিব।

অৰ্থাৎ ২০ বছৰৰ বাবে গুদামটোৰ ভাড়াৰ পৰিমাণ হ’ব ৪৩০ কোটি টকা। এই নতুন গুদামটোৱে কোম্পানীটোৰ ব্যৱসায় সম্প্ৰসাৰণৰ লগতে কৰ্মসংস্থাপনৰ দিশতো অনন্য ভূমিকা ল’ব। অৱশ্যে এই চুক্তি এতিয়াও প্ৰাৰম্ভিক পৰ্যায়ত আছে। সংবাদ সংস্থা হিন্দুস্তান টাইমছৰ এক প্ৰতিবেদন অনুসৰি অহা বছৰৰ জানুৱাৰীৰ পৰা জুন মাহৰ ভিতৰত চূড়ান্ত চুক্তি স্বাক্ষৰিত হ’ব।

চূড়ান্ত চুক্তিৰ পিছত গুদামৰ পট্টা নথি-পত্ৰ আমাজন ইণ্ডিয়াক গতাই দিয়া হ’ব। প্ৰতিবেদন মতে মুঠ ২০ বছৰৰ বাবে গুদামটো আমাজনৰ হাতত গতাই দিয়া হৈছে। তদুপৰি আমাজনে এই গুদামৰ বাবে চিকিউৰিটি হিচাপে ৭ কোটি টকা জমা কৰিব লাগিব আৰু প্ৰতি তিনি বছৰৰ মূৰে মূৰে ১২ শতাংশ ভাড়া বৃদ্ধি পাব।