শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

প্ৰথমে GST ৰ পৰা সকাহ, এতিয়া হ্ৰাস পাব মুদ্ৰাস্ফীতি! এছ বি আইৰ প্ৰতিবেদনত দাবী

GSTৰ হাৰ কৰ্তনৰ পিছত মুদ্ৰাস্ফীতিৰ পৰাও মানুহে সকাহ পাব পাৰে বুলি অনুমান কৰিছে দেশৰ সৰ্ববৃহৎ চৰকাৰী বেংক SBI এ। ২২ ছেপ্টেম্বৰৰ পৰা দেশত কাৰ্যকৰী হ’ব GST ৰ নতুন হাৰ।

প্ৰথমে GST ৰ পৰা সকাহ, এতিয়া হ্ৰাস পাব মুদ্ৰাস্ফীতি! এছ বি আইৰ প্ৰতিবেদনত দাবী
হ্ৰাস পাব মুদ্ৰাস্ফীতি
raj-saikia
Raj Saikia | Published: 05 Sep 2025 15:57 PM

চলিত মাহতে GSTৰ হাৰত ডাঙৰ পৰিৱৰ্তন হ’ব, যাৰ ফলত সাধাৰণ ঘৰুৱা সামগ্ৰী আৰু সেৱাৰ ওপৰত কৰ হ্ৰাস পাব। ইয়াৰ ফলত অহা বিত্তীয় বৰ্ষত (২০২৫-২৬) খুচুৰা মুদ্ৰাস্ফীতি ০.৬৫ৰ পৰা ০.৭৫ শতাংশ হ্ৰাস পাব পাৰে। এছ বি আই ৰিচাৰ্চৰ এক প্ৰতিবেদন অনুসৰি GSTৰ নতুন নিয়ম কাৰ্যকৰী হোৱাৰ পিছত দেশত মুদ্ৰাস্ফীতি হ্ৰাস পাব।

GST পৰিষদৰ ৫৬ সংখ্যক বৈঠকত পুৰণি চাৰিটা স্তৰৰ কৰ গাঁথনি (৫%, ১২%, ১৮%, ২৮%) আঁতৰাই দুটা স্তৰৰ কৰ গাঁথনি (৫% আৰু ১৮%)ত অনুমোদন জনোৱা হয়। লগতে কিছুমান বিলাসী সামগ্ৰী আৰু সেৱাৰ বাবে ৪০% বিশেষ কৰ হাৰ নিৰ্ধাৰণ কৰা হৈছে। যাৰ ফলত বহু দৈনন্দিন ব্যৱহৃত সামগ্ৰী সস্তা হৈ পৰিছে আৰু কিছুমান কৰমুক্ত হৈছে।

নতুন হাৰ কেতিয়া প্ৰযোজ্য হ’ব?

ধঁপাত আৰু আনুষংগিক সামগ্ৰীক বাদ দি নতুন কৰৰ হাৰ ২০২৫ চনৰ ২২ ছেপ্টেম্বৰৰ পৰা প্ৰযোজ্য হ’ব। প্ৰতিবেদনত কোৱা হৈছে যে ৪৫৩ টা সামগ্ৰীৰ GST হাৰৰ পৰিৱৰ্তন হৈছে। ইয়াৰে ৪১৩ টা সামগ্ৰীৰ ওপৰত কৰ হ্ৰাস কৰাৰ বিপৰীতে মাত্ৰ ৪০ টা সামগ্ৰীৰ ওপৰত কৰ বৃদ্ধি কৰা হৈছে। প্ৰায় ২৯৫ টা অত্যাৱশ্যকীয় সামগ্ৰীৰ GST ১২%ৰ পৰা ৫% বা ০%লৈ হ্ৰাস কৰা হৈছে। ইয়াৰ বাবে গ্ৰাহকে বিশেষকৈ খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত ৬০% সকাহ লাভ কৰিব, যাৰ বাবে গ্ৰাহক মূল্য সূচকাংক ভিত্তিক মুদ্ৰাস্ফীতি (Consumer value index based inflation) ০.২৫ৰ পৰা ০.৩০% হ্ৰাস কৰিব পৰা যাব।

খুচুৰা মুদ্ৰাস্ফীতিৰ ওপৰত কি প্ৰভাৱ পৰিব?

এছ বি আই ৰিচাৰ্চৰ প্ৰতিবেদনত কোৱা হৈছে যে সামগ্ৰীৰ উপৰিও সেৱাৰ ওপৰত GSTৰ হাৰ যুক্তিসংগত কৰিলে অন্যান্য সামগ্ৰী আৰু সেৱাৰ খুচুৰা মুদ্ৰাস্ফীতি আৰু অধিক ০.৪০ৰ পৰা ০.৪৫ শতাংশ হ্ৰাস পাব। ইয়াত গ্ৰাহকে ৫০ শতাংশ সুবিধা লাভ কৰিব বুলি অনুমান কৰা হৈছে। প্ৰতিবেদন অনুসৰি, সামগ্ৰিকভাৱে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ ভিতৰত খুচুৰা মুদ্ৰাস্ফীতি ০.৬৫ৰ পৰা ০.৭৫ শতাংশ হ্ৰাস পাব পাৰে।

GSTৰ গড় হাৰ কিমান?

GST পৰিষদৰ হাৰ যুক্তিসংগতকৰণৰ বাবে ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত GSTৰ গড় হাৰ ১৪.৪%ৰ পৰা ১১.৬%লৈ হ্ৰাস কৰা হয়। এতিয়া নতুন পৰিৱৰ্তনৰ পিছত ইয়াক আৰু হ্ৰাস কৰি ৯.৫%লৈ হ্ৰাস কৰিব পৰা যাব। নতুন GST নিয়মৰ জৰিয়তে অত্যাৱশ্যকীয় সামগ্ৰী আৰু সেৱা সস্তা হ’ব, যাৰ ফলত মুদ্ৰাস্ফীতি হ্ৰাস পাব আৰু সাধাৰণ জনতা উপকৃত হ’ব।