বিহাৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিশে, পিছে কেতিয়া সোমাব পিএম কিষাণৰ ২১তম কিস্তি!
প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ (PM-KISAN) ২১ সংখ্যক কিস্তি কেতিয়া মুকলি হ’ব? যোৱা অক্টোবৰ মাহতে আঁচনিৰ ২১তম কিস্তি মুকলি হ’ব লাগিছিল যদিও বিভিন্ন কাৰণত এতিয়ালৈকে আঁচনিৰ ২১তম কিস্তি মুকলি হোৱা নাই।
বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ দিশে। এইপৰ্যন্ত চলি থকা ভোটগণনাত অপ্ৰতিৰোধ্য অগ্ৰগতি লাভেৰে এন ডি এ মিত্ৰজোঁটে পুনৰবাৰ চৰকাৰ গঠনৰ দিশে আগবঢ়া পৰিলক্ষিত হৈছে। নিৰ্বাচনী ফলাফলৰ দেশজোৰা চৰ্চাৰ মাজত দেশৰ লক্ষাধিক কৃষকৰ মনতো এটা প্ৰশ্নই ঠাই লৈছে। এই প্ৰশ্নটো হৈছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ (PM-KISAN) ২১ সংখ্যক কিস্তি কেতিয়া মুকলি হ’ব? এই আঁচনিৰ হিতাধিকাৰী কৃষকসকলে প্ৰতি চাৰি মাহৰ মূৰে মূৰে ২০০০ টকাকৈ সাহায্য লাভ কৰে। এইদৰে বছৰত মুঠ ৬০০০ টকা লাভ কৰে কৃষকসকলে।
শেহতীয়াকৈ আগষ্ট মাহত এই আঁচনিৰ ২০তম কিস্তিৰ ধন লাভ কৰিছিল কৃষকসকলে। কিন্তু নিৰ্ধাৰিত সূচী অনুসৰি অক্টোবৰ মাহত আঁচনিৰ ২১তম কিস্তি মুকলি হ’ব লাগিছিল। পিছে বিভিন্ন কাৰণত এতিয়ালৈকে আঁচনিৰ ২১তম কিস্তি মুকলি হোৱা নাই। বিহাৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিততো এইক্ষেত্ৰত কিছু পলম হয়।
অৱশ্যে কেন্দ্রীয় চৰকাৰে শেহতীয়াকৈ এই বিষয়ত এক গুৰুত্বপূৰ্ণ বিবৃতি প্ৰকাশ কৰিছিল। এই বিবৃতিৰ জৰিয়তে চৰকাৰে বৰ্তমানৰ গাইডলাইনৰ অধীনত যোগ্য নহ’লেও লাখ লাখ কৃষকে আঁচনিৰ বাবে পঞ্জীয়ন কৰা বুলি প্ৰকাশ কৰিছে। এই ভুল আবেদনসমূহৰ চিনাক্তকৰণৰ বাবে পৰৱৰ্তী কিস্তিত পলম হোৱা বুলি উল্লেখ কৰা হৈছে।
কৰিব লাগিব এই কাম
পিএম কিষাণৰ ধন লাভ কৰিবলৈ eKYC আপডেট কৰাটো অতি প্ৰয়োজনীয়। আঁচনিখন সুচাৰুৰূপে পৰিচালিত কৰাৰ বাবে চৰকাৰে এই eKYC বাধ্যতামূলক কৰিছে। যদি আপোনাৰ eKYC আপডেট কৰা নহয়, আপোনাৰ কিস্তিত বিলম্ব হ’ব পাৰে। কৃষকসকলে এই কাম দুটা উপায়েৰে সম্পূৰ্ণ কৰিব পাৰে।
OTP-based eKYC: কৃষকসকলে পিএম কিষাণ পৰ্টেলত নিজে এই কাম সম্পূৰ্ণ কৰিব পাৰিব।
বায়’মেট্ৰিক eKYC: ইয়াৰ বাবে ওচৰৰ কমন চাৰ্ভিচ চেণ্টাৰ (CSC)লৈ যোৱাৰ প্ৰয়োজন।
এই ৰাজ্যসমূহৰ কৃষকসকলে ইতিমধ্যে ২১ সংখ্যক কিস্তি লাভ কৰিছে
দেশৰ অধিকাংশ কৃষকে ২১ সংখ্যক কিস্তিৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে একাংশ ৰাজ্যই ইতিমধ্যে এই সাহায্যৰ ধন লাভ কৰিছে। প্ৰাকৃতিক দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত কৃষকসকলক তাৎক্ষণিকভাৱে সকাহ দিয়াৰ বাবে এই কাম কৰা হৈছিল।
হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, আৰু পঞ্জাৱঃ বিগত ছেপ্টেম্বৰ মাহত প্ৰবল বৰষুণ আৰু ভূমিস্খলনৰ ফলত হোৱা ক্ষতিৰ বাবে ইতিমধ্যে এই ৰাজ্যসমূহৰ কৃষকসকলৰ বাবে ২১ সংখ্যক কিস্তি মুকলি কৰি দিয়া হৈছে।
জম্মু-কাশ্মীৰঃ জম্মু-কাশ্মীৰৰ কৃষকসকলকো যোৱা ৭ অক্টোবৰত এই কিস্তি প্ৰদান কৰা হৈছিল।
২১ সংখ্যক কিস্তি কেতিয়া মুকলি হ’ব
পিএম কিষাণৰ ২১তম কিস্তি মুকলি কৰাৰ সন্দৰ্ভত এতিয়ালৈকে আনুষ্ঠানিক তাৰিখ ঘোষণা কৰা নাই চৰকাৰে। দেশজুৰি আঁচনিখনৰ পৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতহে এই কিস্তি মুকলি কৰা হ’ব বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চলিত মাহৰ শেষৰ ফালে এই ধন একাউণ্টত জমা হ’ব পাৰে।