শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ৰন্ধন তেলেৰে চলোৱা হ’ব বিমান, ইণ্ডিয়ান অইলৰ বৃহৎ পদক্ষেপ!

উল্লেখ্য যে, দেশত পেট্ৰলিয়াম তেলৰ আমদানি হ্ৰাস কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’লত ২০ শতাংশ পৰ্যন্ত ইথানল মিহলি কৰিবলৈ আৰম্ভ কৰিছে। আৰু এতিয়া নতুন দিল্লীয়ে একে পদ্ধতি ব্যৱহাৰ কৰি বিমান ইন্ধন হিচাপে ব্যৱহৃত তেল আমদানি হ্ৰাস কৰাৰ চেষ্টা কৰিছে।

ৰন্ধন তেলেৰে চলোৱা হ’ব বিমান, ইণ্ডিয়ান অইলৰ বৃহৎ পদক্ষেপ!
ৰন্ধন তেলত চলিব বিমান!
Trishna Kalita
Trishna Kalita | Published: 21 Aug 2025 12:41 PM

ইণ্ডিয়ান অইলে এতিয়া ৰেষ্টুৰেণ্ট, হোটেলকে ধৰি দেশৰ বিভিন্ন স্থানৰ পৰা জ্বলি যোৱা ৰন্ধন তেল সংগ্ৰহ কৰিব। ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্ট, হোটেল বা ধাবাত গোটেই দিনটো ৰন্ধা-বঢ়া কৰাৰ পিছত বহু ব্যৱহৃত তেল ৰৈ যায়। এই তেল সংগ্ৰহ কৰি বহনক্ষম বিমান ইন্ধন বা অত্যাৱশ্যকীয় বিমান ইন্ধন প্ৰস্তুত কৰিব ইণ্ডিয়ান অইলে ।

উল্লেখ্য যে, দেশত পেট্ৰলিয়াম তেলৰ আমদানি হ্ৰাস কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’লত ২০ শতাংশ পৰ্যন্ত ইথানল মিহলি কৰিবলৈ আৰম্ভ কৰিছে। আৰু এতিয়া নতুন দিল্লীয়ে একে পদ্ধতি ব্যৱহাৰ কৰি বিমান ইন্ধন হিচাপে ব্যৱহৃত তেল আমদানি হ্ৰাস কৰাৰ চেষ্টা কৰিছে। এই ধৰণৰ ইন্ধনৰ জৰিয়তে কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ লক্ষ্য হিচাপে লৈছে ইণ্ডিয়ান অইলে।

জানিব পৰা মতে হাৰিয়ানাৰ পানীপট শোধনাগাৰত ব্যৱহৃত ৰন্ধন তেলৰ পৰা বহনক্ষম বিমান ইন্ধন উৎপাদন কৰিছে ইণ্ডিয়ান অইলে ।  ইণ্ডিয়ান অইলৰ অধ্যক্ষই কয় যে ইতিমধ্যে এই তেলে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ সংস্থা (আইচিএঅ’)ৰ পৰা আন্তঃৰাষ্ট্ৰীয় বহনক্ষমতা আৰু কাৰ্বন প্ৰমাণপত্ৰ লাভ কৰিছে।

বিমান পৰিবহণৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বতে সাধাৰণতে ইন্ধন হিচাপে এভিয়েচন টাৰ্বাইন ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। আৰু ইয়াৰ লগত সৰ্বাধিক ৫০ শতাংশ পৰ্যন্ত বহনক্ষম বিমান ইন্ধন মিহলি কৰিব পাৰি। এতিয়া যদি জ্বলি যোৱা ৰন্ধন তেলেৰে বিমান চলাব পৰা যায় তেন্তে ক’ব পাৰি যে পেট্ৰলিয়ামৰ আমদানি কিছু পৰিমাণে হ্ৰাস পাব।

লগতে পঢ়ক: ইলন মাস্কৰ ষ্টাৰলিংকত নতুন সংযোজন, গ্ৰাহকৰ সুবিধাৰ বাবে কৰিব এই কাম…