শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

১০০ কোটি ডলাৰৰ বিনিয়োগ লাভ আদানি গোটৰঃ ব্যয় কৰা হ’ব এই প্ৰকল্পত….

গৌতম আদানি মালিকানাধীন আদানি গোটে ১০০ কোটি (১ বিলিয়ন) আমেৰিকান ডলাৰৰ বিশাল বিনিয়োগ লাভ কৰিছে।। প্ৰকাশিত এই তথ্য অনুসৰি আদানি এণ্টাৰপ্ৰাইজৰ অধীনস্থ আদানি এয়াৰপোৰ্ট হোল্ডিংছ লিমিটেডে লাভ কৰিছে এই বিনিয়োগ।

১০০ কোটি ডলাৰৰ বিনিয়োগ লাভ আদানি গোটৰঃ ব্যয় কৰা হ’ব এই প্ৰকল্পত….
আদানি গোটে লাভ কৰিছে বৃহৎ বিনিয়োগImage Credit source: Getty Images
Monjit Dutta
Monjit Dutta | Published: 24 Jun 2025 12:55 PM

দেশৰ অন্যতম প্ৰধান ব্যৱসায়িক গোষ্ঠী আদানি গোটে ১০০ কোটি (১ বিলিয়ন) আমেৰিকান ডলাৰৰ বিশাল বিনিয়োগ লাভ কৰিছে। মঙ্গলবাৰে এক প্ৰেছ বিবৃতি যোগে এই তথ্য প্ৰকাশ কৰিছে গৌতম আদানি মালিকানাধীন প্ৰতিষ্ঠানটোৱে। প্ৰকাশিত এই তথ্য অনুসৰি আদানি এণ্টাৰপ্ৰাইজৰ অধীনস্থ আদানি এয়াৰপোৰ্ট হোল্ডিংছ লিমিটেডে এই বিনিয়োগ লাভ কৰিছে। উল্লেখ্য যে আদানি এয়াৰপোৰ্ট হোল্ডিংছ লিমিটেড হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ বেচৰকাৰি বিমানবন্দৰ পৰিচালক সংস্থা।

জানিব পৰা মতে, এই বৃহৎ পৰিমাণৰ পুঁজি মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ আধুনিকীকৰণ প্ৰকল্পত ব্যয় কৰা হ’ব। আদানি গোটে প্ৰকাশ কৰা মতে, প্ৰথম পৰ্যায়ত সংস্থাটোৱে ৭৫০ মিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগকাৰীৰ পৰা ল’ব পাৰিব। ইয়াৰ পিছত বিনিয়োগ বৈঠকৰ জৰিয়তে আন এটা পৰ্যায়ত বিনিয়োগকাৰীৰ পৰা বাকী ২৫০ নিযুত মাৰ্কিন ডলাৰ সংগ্ৰহ কৰিব পাৰিব।

আদানী গোটে সদৰী কৰা মতে এপ’ল’ মেনেজড ফাণ্ডছ নামৰ এটা কোম্পানীয়ে আন কেইটামান সংস্থাৰ সৈতে এক বিনিয়োগ কেন্দ্ৰ গঠন কৰি এই বৃহৎ পৰিমাণৰ মূলধন আদানী গোটৰ ব্যৱসায়ত বিনিয়োগ কৰিবলৈ সাজু হৈছে। এপ’ল’কোম্পানীয়ে গঠন কৰা বিনিয়োগকাৰীৰ এই গোটটোত আমেৰিকাৰ ব্লেকৰক মেনেজড ফাণ্ডছ, ষ্টেণ্ডাৰ্ড চাৰ্টাৰ্ডকে ধৰি কেইবাটাও বিখ্যাত প্ৰতিষ্ঠান অন্তৰ্ভুক্ত হৈ আছে।

এই বিনিয়োগ সন্দৰ্ভত আদানী এয়াৰপৰ্টছ হোল্ডিংছ লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া অৰুণ বংছালে কয়, “এই বিনিয়োগে আদানী গ্ৰুপক পূৰ্বৰ তুলনাত অধিক শক্তিশালী কৰি তুলিব। এই বিনিয়োগে আমাৰ উন্নয়নৰ লক্ষ্য পূৰণ কৰাত সহায় কৰিব। বিশ্বৰ এক বৃহৎ বিনিয়োগকাৰী সংস্থাই আমাৰ গ্ৰুপত বিনিয়োগ কৰাৰ কথা ভাবিছে বাবে আমি সঁচাকৈয়ে গৌৰৱান্বিত।”