শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Aadhaar Card Misuse: আপোনাৰ আধাৰ কাৰ্ড দুই নম্বৰী কামত ব্যৱহাৰ হ’লে জানিব কেনেকৈ ?

যদি আপোনাৰ আধাৰ কাৰ্ড প্ৰৱঞ্চকৰ হাতত পৰে তেন্তে আপুনি আৰ্থিক প্ৰৱঞ্চনাৰ বলি হ’ব পাৰে। আনকি আপোনাৰ চৰকাৰী সুবিধাও ব্লক কৰিব পাৰে। এনে পৰিস্থিতিত কেনেকৈ আধাৰ কাৰ্ড সুৰক্ষিত কৰি ৰাখিব পাৰি?

Aadhaar Card Misuse: আপোনাৰ আধাৰ কাৰ্ড দুই নম্বৰী কামত ব্যৱহাৰ হ’লে জানিব কেনেকৈ ?
manas-borah
Manas Borah | Updated On: 16 Dec 2025 13:09 PM

ভাৰতীয়ৰ বাবে আধাৰ কাৰ্ড আজিৰ দিনত কেৱল পৰিচয় পত্ৰ নহয়। ক’ব পাৰি যে, বৰ্তমান ই বেংক, চৰকাৰী সেৱা আৰু ˌটেলিক’মিউনিকেচনৰ সুবিধা লাভৰ মূল চাবিকাঠি। কিন্তু আপোনাৰ সকলো ব্যক্তিগত তথ্য আৰু বায়’মেট্ৰিক সবিশেষ এই ১২ অংকৰ আধাৰ নম্বৰৰ ভিতৰত লুকাই থাকে। যদি আপোনাৰ আধাৰ কাৰ্ড প্ৰৱঞ্চকৰ হাতত পৰে তেন্তে আপুনি আৰ্থিক প্ৰৱঞ্চনাৰ বলি হ’ব পাৰে। আনকি আপোনাৰ চৰকাৰী সুবিধাও ব্লক কৰিব পাৰে। এনে পৰিস্থিতিত কেনেকৈ আধাৰ কাৰ্ড সুৰক্ষিত কৰি ৰাখিব পাৰি?

কোনো লোকে আপোনাৰ আধাৰ কাৰ্ড অপব্যৱহাৰ কৰিছে নেকি সেই কথা জানিব কেনেকৈ ? আপোনাৰ আধাৰ কাৰ্ডৰ অপব্যৱহাৰ হৈছে নেকি সেয়া অনলাইনত পৰীক্ষা কৰিব পাৰি। এই কাম আপুনি নিজে কৰিব লাগিব।

কেনেকৈ পৰীক্ষা কৰিব পাৰি জানেনে ?

প্ৰথমে আপুনি UIDAI ৰ অফিচিয়েল ৱেবছাইটলৈ যাওক।

দ্বিতীয়তে আপোনাৰ আধাৰ নম্বৰ আৰু কেপচাৰ দি ‘Login With OTP’ ত ক্লিক কৰক।

তৃতীয়তে আপোনাৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰত পোৱা OTP ব্যৱহাৰ কৰি আপোনাৰ একাউণ্টত লগইন কৰক।

চতুৰ্থতে মেনুৰ পৰা ‘Authentication History’ অপচনটো নিৰ্বাচন কৰক। আপুনি এটা নিৰ্দিষ্ট তাৰিখৰ ভিতৰত আপোনাৰ আধাৰ ব্যৱহাৰৰ সকলো বিৱৰণ চাব পাৰিব।

জৰুৰী পদক্ষেপ: যদি আপুনি কোনো অজ্ঞাত লোকে আপোনাৰ আধাৰ কাৰ্ড ব্যৱহাৰ কৰা দেখে, যিটো আপুনি কৰা নাই, তেন্তে তৎক্ষণাত UIDAI পৰ্টেলত ৰিপৰ্ট কৰক।

আধাৰ কেনেকৈ লক কৰিব পাৰি?

বায়’মেট্ৰিক জালিয়াতিৰ পৰা হাত সাৰিবলৈ আপুনি আপোনাৰ আধাৰ বায়’মেট্ৰিক ডাটা লক কৰিব পাৰে। ইয়াৰ ফলত কোনো প্ৰৱঞ্চকে আপোনাৰ আঙুলিৰ ছাপ বা চকুৰ বায়’মেট্ৰিক ব্যৱহাৰ কৰিব নোৱাৰে।

অফিচিয়েল আধাৰ ৱেবছাইটত গৈ ‘Lock/Unlock Aadhaar’ বিকল্পত ক্লিক কৰক। তাত আপোনাৰ ভাৰ্চুৱেল আইডি (VID), নাম, পিন ক’ড আৰু কেপচা সঠিকভাৱে ইনপুট কৰক। আপোনাৰ মোবাইলত পোৱা OTP ব্যৱহাৰ কৰি ‘Submit’ ক্লিক কৰক। তেতিয়াহে আপোনাৰ বায়’মেট্ৰিক তথ্য সফলতাৰে লক কৰা হ’ব। যদি এবাৰ লক কৰা হয়, তেন্তে আপুনি নিজেও OTP অবিহনে কোনো বায়’মেট্ৰিক লেনদেন কৰিব নোৱাৰিব।

অপব্যৱহাৰৰ সন্দেহ হ’লে কি কৰিব?

বিশেষজ্ঞসকলে কয় যে, সামান্য সন্দেহ থাকিলেও ব্যৱস্থা লোৱাটো প্ৰয়োজন। আৰ্থিক লোকচানৰ আশংকা হ্ৰাস কৰিবলৈ সময় নষ্ট কৰিব নালাগে। যদি সন্দেহ হয় চৰকাৰী আধাৰ হেল্পলাইন নম্বৰ ১৯৪৭ লৈ ফোন কৰক। লগতে আপোনাৰ সমস্যাৰ বিশদ বিৱৰণ দি help@uidai.gov.in লৈ ইমেইল প্ৰেৰণ কৰিব পাৰে।