শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

8th Pay Commission:চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! অষ্টম দৰমহা আয়োগক লৈ নতুন আপডেট…

কেন্দ্ৰ চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে আছে এক ভাল খবৰ। অষ্টম দৰমহা আয়োগৰ বাবে দিল্লীত এটা কাৰ্যালয় আৱন্টন হৈছে। ইয়াৰোপৰি ফেব্ৰুৱাৰীত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছে। যিয়ে ভাল খবৰ আনিব পাৰে।

8th Pay Commission:চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! অষ্টম দৰমহা আয়োগক লৈ নতুন আপডেট…
অষ্টম দৰমহা আয়োগImage Credit source: tv9 hindi
Barasha Sarma
Barasha Sarma | Published: 23 Jan 2026 12:47 PM

বহু অপেক্ষাৰ অন্তত কেন্দ্ৰ চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে এক ইতিবাচক দিশ দেখা গৈছে। অষ্টম দৰমহা আয়োগ  অৰ্থাৎ 8th Pay Commission সন্দৰ্ভত চাৰিওফালে চৰ্চা চলি আছে। আয়োগ গঠনৰ প্ৰায় ৩ মাহৰ পাছত এতিয়া দিল্লীত আয়োগে নিজৰ স্থায়ী কাৰ্যালয় স্থাপন কৰিছে। ইয়াৰ দ্বাৰা স্পষ্ট হৈ পৰিছে যে, দৰমহা বৃদ্ধিৰ প্ৰক্ৰিয়া আগবাঢ়িছে। গতিকে ই কৰ্মচাৰীৰ বাবে সুখবৰ আনিব পাৰে।

নতুন দিল্লীৰ জনপথ অঞ্চলৰ চন্দ্ৰলোক বিল্ডিঙত আয়োগক কাৰ্যালয়ৰ স্থান আৱন্টন দিয়া হৈছে। এই কাৰ্যালয় সম্পূৰ্ণৰূপে কাৰ্যক্ষম হ’লে আয়োগৰ কাম ত্বৰান্বিত হোৱাৰ সম্ভাৱনা আছে। যাৰ ফলত কেন্দ্ৰৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে প্ৰত্যক্ষভাৱে লাভান্বিত হ’ব। কিয়নো এই আয়োগে দৰমহা, ভাট্টা, আৰু পেঞ্চনৰ সৈতে জড়িত ডাঙৰ সিদ্ধান্ত ল’ব।

কেতিয়া হ’ব বৈঠক

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক প্ৰতিনিধিত্ব কৰা ৰাষ্ট্ৰীয় পৰিষদৰ ষ্টাফ চাইড ড্ৰাফটিং কমিটিয়ে ২০২৬ চনৰ ২৫ ফেব্ৰুৱাৰীত দিল্লীত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিব। ৰে’লৱে, প্ৰতিৰক্ষা, ডাক বিভাগ, আয়কৰকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰিব। গতিকে এই বৈঠকতে ডাঙৰ সিদ্ধান্ত লোৱা হ’ব পাৰে।

অধিসূচনা

অষ্টম দৰমহা আয়োগে শীঘ্ৰে আনুষ্ঠানিক অধিসূচনা জাৰি কৰিব। ই কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, আৰু অন্যান্য সংশ্লিষ্ট প্ৰতিষ্ঠানৰ পৰা দৰমহা আৰু সেৱাৰ চৰ্ত সম্পৰ্কীয় পৰামৰ্শ বিচাৰিব। পাছত নিৰ্দিষ্ট সময়ৰ ভিতৰত আয়োগক প্ৰস্তাৱ দাখিল কৰিব। পৰৱৰ্তী সময়ত এনচি-জেচিএম (NC-JCMৰ দ্বাৰা প্ৰস্তুত কৰা চূড়ান্ত খচৰা আয়োগৰ সন্মুখত দাখিল কৰা হ’ব। অৱশ্যে সকলো পৰামৰ্শ গ্ৰহণ কৰা আয়োগৰ বাবে প্ৰয়োজনীয় নহয়। ইয়াৰ পূৰ্বে সপ্তম দৰমহা আয়োগৰ সময়ত নূন্যতম মৌলিক দৰমহা ২৬,০০০ দাবী কৰিছিল যদিও আয়োগে ইয়াক ১৮,০০০  নিৰ্ধাৰণ কৰিছিল।

পিছে এতিয়া আয়োগৰ বাবে কাৰ্যালয় আৱন্টন আৰু ফেব্ৰুৱাৰীত বৈঠকৰ পৰা এয়া স্পষ্ট হৈ পৰিছে যে, অষ্টম দৰমহা আয়োগৰ প্ৰক্ৰিয়াটো কিছু আগবাঢ়িছে। গতিকে আগন্তুক মাহত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা আৰু পেঞ্চনৰ সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত লোৱা হ’ব পাৰে।

 

অন্য খবৰ পঢ়কঃ সৰস্বতী পূজাৰ দিনটোত কমিল দাম! আজি বজাৰত সোণ-ৰূপৰ মূল্য কিমান, জানক…