শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Stok market: ৯ দিনৰ পাছত সামান্য ঊৰ্ধগামী হ’ল শ্বেয়াৰ বজাৰ

৯ দিনৰ পাছত মুখলৈ হাঁহি আহিল বিনিয়োগকাৰীৰ । কিয়নো আজি বজাৰ ভাল । ইতিবাচক ইংগিত দালাল ষ্ট্ৰীটত । চাওক শ্বেয়াৰ বজাৰৰ খবৰ ।

Stok market: ৯ দিনৰ পাছত সামান্য ঊৰ্ধগামী হ’ল শ্বেয়াৰ বজাৰ
Raj Saikia
Raj Saikia | Published: 17 Feb 2025 19:35 PM

৯ দিনৰ পাছত অৱশেষত সেউজীয়া হ’ল শ্বেয়াৰ বজাৰৰ সূচকাংক । নিফটি ফিফটি ৩০ পইণ্ট বৃদ্ধিৰে দিনটোৰ অন্ত পৰে । ৫৭ পইণ্ট বৃদ্ধিৰে দিনটোৰ অন্ত পৰে বিএছই ছেনছেক্স । অৱশ্যে আজি কেইবাটাও কোম্পানীয়ে ৫২ সপ্তাহৰ নিম্নতম স্তৰত উপনীত হৈছে । ইয়াৰ ভিতৰত গোড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ, মান্যবৰ, পিভিআৰ ইনক্স, টাটা টেক, বৰুণ বেভাৰেজ, নেটকো ফাৰ্মা, এ ইউ স্মল ফাইনেন্স বেংক, তিতাগড় ৰেল চিষ্টেম, বন্ধন বেংক, কাজাৰিয়া চিৰামিকছ, আই আৰ চি টি চি, টাটা ইনভেষ্টমেণ্টছ, টাটা টেলিচাৰ্ভিচেছ, বি ই এম এল, ওৱাৰ্লপুল ইণ্ডিয়া, কানাড়া বেংক, ষ্টেট বেংক অৱ ইণ্ডিয়া, ডেলিভাৰী, জিঅ’ ফিনচাৰ্ভ, ইৰকন ইণ্টাৰনেশ্যনেল ।

আনহাতে আজি যদিও ইতিবাচক ফলাফল দেখা গ’ল, তথাপিও ৬টা কোম্পানীয়ে একেলগে ল’ৱাৰ চাৰ্কিটত আঘাত হানে । ইয়াৰ ভিতৰত প্ৰতিৰক্ষা খণ্ডৰ অন্যতম উল্লেখযোগ্য সংস্থাও অন্তৰ্ভুক্ত ।

আজি কি কি পাঢ়িল:

আজি সন্দুৰ মেংগানিজ এণ্ড আইৰন অ’ৰৰ শ্বেয়াৰৰ মূল্যই উচ্চ চাৰ্কিট স্পৰ্শ কৰে । ইয়াৰ উপৰিও ৰিলায়েৱল ডাটা ছাৰ্ভিচেছৰ শ্বেয়াৰৰ দাম প্ৰায় ২০ শতাংশ বৃদ্ধি পাইছে । ইণ্ডিয়ান হিউম পাইপ কোম্পানী, গডফ্ৰে ফিলিপছ ইণ্ডিয়া আৰু গ্লেক্সোস্মিথক্লাইন ফাৰ্মাচিউটিকেলছৰ শ্বেয়াৰৰ মূল্যও বৃদ্ধি পাইছে ।

কি কি কমিল :

আজি ৬টা কোম্পানীৰ শ্বেয়াৰৰ মূল্যই একেলগে নিম্ন চাৰ্কিট স্পৰ্শ কৰে । চুৰাতাৱালা বিজনেছ গ্ৰুপ, জেন টেকন’লজিছ, পিক্স ট্ৰেন্সমিছন, ডি ডেভেলপমেণ্ট ইঞ্জিনিয়াৰ আৰু মেকপাৱাৰ চিএনচি মেচিনৰ শ্বেয়াৰৰ মূল্য ২০ শতাংশ হ্ৰাস পাইছে ।

বজাৰৰ খবৰ:

* আজিৰ লভ্যাংশ প্ৰদান কৰে অইল ইণ্ডিয়া লিমিটেডে । প্ৰতি শ্বেয়াৰত ৭ টকাকৈ লভ্যাংশ দিয়ে অইল ইণ্ডিয়াই ।
* ইৰকন ইণ্টাৰনেশ্যনেলে প্ৰতি শ্বেয়াৰত ১ টকা ৬৫ পইচা লভ্যাংশ প্ৰদান কৰে ।
* আই আই এফ এল ছিকিউৰিটিজে আজি প্ৰতি শ্বেয়াৰত ৩ টকা লভ্যাংশ প্ৰদান কৰে ।
* আজি কেইবাটাও কোম্পানীয়ে প্ৰকাশ কৰিছে ত্ৰিমাসিক ফলাফল । ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল এবিবি ইণ্ডিয়া, ভাৰতীয় গ্ল’বেল, আৰু মহেশ ডেভেলপাৰ ।

*১৭ ফেব্ৰুৱাৰীত বজাৰ বন্ধ হোৱাৰ সময়লৈকে পোৱা তথ্য এয়া

যদি আপুনি শ্বেয়াৰত বিনিয়োগ কৰিব বিচাৰে তেতিয়া সেই শ্বেয়াৰসমূহৰ বিষয়ে সঠিক গৱেষণা আৰু বিশ্লেষণ কৰিহে আগবঢ়া উচিত। এই ভিডিঅ’টো কেৱল শিক্ষাৰ উদ্দেশ্যে। TV9 অসম-এ কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ নিদিয়ে।

বিশেষ টোকা: যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে। গতিকে বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ প্ৰথমে ভালদৰে পঢ়ক। তাৰ পিছত বিনিয়োগৰ সিদ্ধান্ত লওক।