শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

৩৭ হাজাৰ টকাতে পাব ১০ গ্ৰাম সোণ! উৎসৱৰ বতৰত মধ্যবিত্তলৈ সকাহ কেন্দ্ৰৰ…

ভাৰতত উৎসৱৰ বতৰত সোণ কিনা আৰু উপহাৰ হিচাপে সোণ দিয়াৰ প্ৰৱণতা দেখা যায়। ফলত কেন্দ্ৰীয় চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে যাতে মধ্যবিত্ত শ্ৰেণীয়ে সোণ ক্ৰয় কৰিব পাৰে।

৩৭ হাজাৰ টকাতে পাব ১০ গ্ৰাম সোণ! উৎসৱৰ বতৰত মধ্যবিত্তলৈ সকাহ কেন্দ্ৰৰ…
Gold Jewel
trishna-kalita
Trishna Kalita | Updated On: 25 Aug 2025 12:38 PM

বজাৰত ভয়ংকৰভাৱে বৃদ্ধি পাইছে সোণৰ দাম। যাৰ বাবে সোণ কিনাটো মধ্যবিত্ত শ্ৰেণীৰ সপোনত পৰিণত হৈছে। ইফালে সোণৰ মূল্য বৃদ্ধিয়ে বিনিয়োগকাৰীক হাঁহিবলৈ বাধ্য কৰাইছে। আনফালে দেশৰ সাধাৰণ জনতাক কোঙা কৰিছে। ভাৰতত উৎসৱৰ বতৰত সোণ কিনা আৰু উপহাৰ হিচাপে সোণ দিয়াৰ প্ৰৱণতা দেখা যায়। ফলত কেন্দ্ৰীয় চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে যাতে মধ্যবিত্ত শ্ৰেণীয়ে সোণ ক্ৰয় কৰিব পাৰে।

চলিত বৰ্ষৰ জুন মাহত ৬০ শতাংশ সোণৰ বিক্ৰী হৈছিল। আৰু বিক্ৰী হ্ৰাস পোৱাৰ ফলত চৰকাৰে এটা ইংগিত পালে যে ভৱিষ্যতে সোণৰ বিক্ৰী আৰু অধিক হ্ৰাস পাব পাৰে। ইয়াৰ পৰা সকাহ পাবলৈ কেন্দ্ৰই কিছু ব্যৱস্থা হাতত ল’বলগীয়া হ’ল। আৰু কেন্দ্ৰই জুলাইৰ পৰা ৯ কেৰেটৰ সোণৰ হলমাৰ্কিঙৰ বাবে গাইডলাইন জাৰি কৰে।

৯ কেৰেটৰ সোণত ৩৭.৫ শতাংশ বিশুদ্ধ সোণ থাকে আৰু বাকীখিনি আন ধাতু। ফলত ৯৯.৯ শতাংশ বিশুদ্ধ ২৪ কেৰেট সোণৰ মূল্য লাখ লাখ টকা হোৱাৰ লগতে ৯ কেৰেট সোণৰ মূল্য ৩৮ হাজাৰ টকাৰ ভিতৰত হ’ব। ফলত ২৪ ,২২ কেৰেটৰ সোণৰ গহনা ক্ৰয় কৰিব নোৱাৰা বহু লোকৰ বাবে ৯ কেৰেটৰ সোণ এটা  ভাল বিকল্প হৈ পৰিব।

ইফালে গুড ৰিটাৰ্ণছে প্ৰকাশ কৰা মতে আজি দেশৰ বজাৰত সোণৰ দাম হ্ৰাস পাইছে। সেই অনুসাৰে আজি  ২৪ কেৰেট সোণ প্ৰতিগ্ৰামত ১১ টকা হ্ৰাস পাই ১০,১৫১ টকা দৰত আজি দেশৰ বজাৰত উপলব্ধ হৈছে বুলি গুড ৰিটাৰ্ণছে প্ৰকাশ কৰিছে। গুৱাহাটীৰ বজাৰতো দেশৰ বজাৰৰ দৰেই সোণৰ মূল্য হ্ৰাস পাইছে। গুৱাহাটীৰ বজাৰতো আজি প্ৰতিগ্ৰাম সোণত টকাকৈ হ্ৰাস পাই ১৮ কেৰেট সোণ প্ৰতিগ্ৰামত  ৭,৬১৩ টকা, ২২ কেৰেট সোণ প্ৰতিগ্ৰামত ৯,৩০৫ টকা আৰু ২৪ কেৰেট সোণ প্ৰতিগ্ৰামত ১০,১৫১ টকা দৰত উপলব্ধ হৈছে বুলি প্ৰকাশ কৰিছে গুড ৰিটাৰ্ণছে।

যদি আপুনি সোণৰ গহনা কিনিব বিচাৰে তেন্তে কিনাৰ আগতে হ’লমার্ক আৰু HUID পৰীক্ষা কৰক। এই প্ৰতিবেদন কেৱল শিক্ষাৰ উদ্দেশ্যে। TV9 অসমে-এ সোণ কিনাৰ কোনো পৰামৰ্শ নিদিয়ে।

(বিশেষ টোকা: যিকোনো বিনিয়োগত বজাৰৰ বিপদ থাকে। গতিকে প্ৰথমে বিনিয়োগৰ সকলো নথি-পত্ৰ ভালদৰে পঢ়ক। তাৰ পিছত বিনিয়োগৰ সিদ্ধান্ত লওক।)

লগতে পঢ়ক: অন্ত পৰিব ডলাৰৰ আধিপত্য! কি হ’ব আমেৰিকাৰ ভৱিষ্যৎ? সতৰ্কবাণী…