আজি ডেডলাইন শেষ ! অসমলৈ কেতিয়া আহিব শেষ মুহূৰ্তত জুবিনৰ লগত থকা ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া? জনালে মুখ্যমন্ত্ৰীয়ে
প্ৰশ্ন উত্থাপন হৈছে যে, জুবিনৰ মৃত্যুৰ সময়ত উপস্থিত ছিংগাপুৰৰ এজনো প্ৰৱাসী অসমীয়াই কিয় তদন্তত সহযোগিতা কৰা নাই? CID ৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ সময়সীমা বান্ধি দিয়াৰ পাছতো তেওঁলোক কিয় অসমলৈ অহা নাই? বান্ধি দিয়া সময়সীমাৰ আজি শেষদিন।

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত অব্যাহত ৰাখিছে চিআইডিয়ে। ইয়াৰ মাজতে প্ৰশ্ন উত্থাপন হৈছে যে, জুবিনৰ মৃত্যুৰ সময়ত উপস্থিত ছিংগাপুৰৰ এজনো প্ৰৱাসী অসমীয়াই কিয় তদন্তত সহযোগিতা কৰা নাই? CID ৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ সময়সীমা বান্ধি দিয়াৰ পাছতো তেওঁলোক কিয় অসমলৈ অহা নাই? বান্ধি দিয়া সময়সীমাৰ আজি শেষদিন। এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰিব অসম চৰকাৰে? এইসমূহ এতিয়া প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে জুবিন অনুৰাগীয়ে।
কিন্তু আজি সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ছিংগাপুৰত শেষ মুহূৰ্তত জুবিন গাৰ্গৰ সৈতে উপস্থিত থকা এজন প্ৰৱাসী অসমীয়াই চিআইডিৰ সৈতে যোগাযোগ কৰা বুলি জানিবলৈ দিছে। তেওঁ নাম হৈছে ৰূপকমল কলিতা। কিন্তু এই ব্যক্তিজনক বাদ দি শেষ মুহূৰ্তত জুবিন গাৰ্গৰ লগত থকা বাকী ৭ জন প্ৰৱাসী অসমীয়াই চিআইডিৰ চমনৰ প্ৰতি কোনো ধৰণৰ সঁহাৰি এতিয়ালৈকে দিয়া নাই।
মুখ্যমন্ত্ৰীয়ে কয় যে, ১৯ ছেপ্টেম্বৰত জুবিন গাৰ্গে সাগৰত সাঁতুৰি থকাৰ সময়ত য়টত উপস্থিত থকা ৰূপকমল কলিতাই তদন্তকাৰী এছ আই টিৰ চমনৰ প্ৰতি সহাঁৰি জনাইছে। মঙলবাৰে তেওঁ গুৱাহাটীলৈ আহিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। অৱশ্যে তদন্তত সহায় কৰিবলৈ অসমলৈ অহা সন্দৰ্ভত আন সাতজনে একো কোৱা নাই বুলিও সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে মুখ্যমন্ত্ৰী শর্মাই।
“আমি তেওঁলোকৰ ওপৰত হেঁচা বজাই ৰাখিম, তেওঁলোক যিমান সোনকালে আহিব, আমি তদন্ত শেষ কৰিব পাৰিম। আমি তেওঁলোকক আমাৰ সৈতে সহযোগিতা কৰিবলৈ জোৰ দিম। আমি বিশ্বাস কৰোঁ যে, এজন আহিলে বাকীবোৰেও আহিব বুলি আশা কৰিছোঁ।” এইদৰে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
লগতে তেওঁ কয় যে, “অসম আৰক্ষীয়ে তদন্তৰ বাবে ছিংগাপুৰলৈ যোৱাটো বাধ্যতামূলক নহয়, কিয়নো মিউচুৱেল লিগেল এচিষ্টেন্স ট্ৰিটি (এমএলএটি)ৰ অধীনত চিংগাপুৰ আৰক্ষীয়ে যিমানেই প্ৰমাণ সংগ্ৰহ কৰিব সেয়া আমাৰ সৈতে শ্বেয়াৰ কৰিব।” মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, “আমাৰ অনুৰোধ ইতিমধ্যে ছিংগাপুৰলৈ প্ৰেৰণ কৰা হৈছে।” কিন্তু কোনো বিদেশী দেশে আন দেশৰ আৰক্ষীক তেওঁলোকৰ মাটিত তদন্ত কৰিবলৈ নিদিয়ে বুলি সদৰী কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই।