শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
আজি ধন আৰু ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা, মন্দিৰত ভক্তৰ ভিৰ...

আজি ধন আৰু ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা, মন্দিৰত ভক্তৰ ভিৰ…

barasha-sarma
Barasha Sarma | Published: 06 Oct 2025 14:01 PM

Lakshmi puja 2025: আজি ধন আৰু ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা। দেশৰ বিভিন্ন প্ৰান্তত আজি লক্ষ্মী পূজা অনুষ্ঠিত কৰা হৈছে। ইয়াকে লৈ বিভিন্ন মন্দিৰত ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে।

আজি ধন আৰু ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা। প্ৰতিবছৰে শাৰদ পূৰ্ণিমাৰ দিনা লক্ষ্মী পূজা পালন কৰা হয়। এইবাৰ ৬ অক্টোবৰত ৰাজ্যবাসীয়ে লক্ষ্মী পূজা পালন কৰিছে। ইয়াৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈছে পূজাৰ ব্যাপক আয়োজন। মন্দিৰসমূহতো ভক্তই পুৱাৰ পৰা শাৰী পাতি লক্ষ্মী দেৱীক পূজা কৰিছে।

হিন্দু ধৰ্মত লক্ষ্মী পূজাৰ মহত্ব অধিক। কোৱা হয়, এই দিনটোত লক্ষ্মীৰ পূজা কৰিলে আৰ্থিক সমস্যা দূৰ হয় লগতে ধন সম্পত্তি বৃদ্ধি হয়। ঠাইভেদে লক্ষ্মী পূজা পালন কৰাৰ নিয়ম বেলেগ বেলেগ। গৃহিনীসকলে ঘৰতেই লক্ষ্মী পূজা আয়োজন কৰে। এই সময়ত বহুতে লক্ষ্মী চৰিত পাঠ কৰে।

  • পূৰ্ণিমা তিথি আৰম্ভ: ৬ অক্টোবৰ, ২০২৫, দুপৰীা ১২:২৩ বজাত
  • পূৰ্ণিমা তিথি শেষ: ৭ অক্টোবৰ, ২০২৫, পুৱা ৯:১৬ বজাত