আপোনাৰ শিশুটিক কাহ হ’লে কফ চিৰাপ খুৱাই নেকি ? চিকিৎসকৰ পৰামৰ্শ জানক
এই সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে নিৰ্দেশনা। চিকিৎসকসকলেও সেই একে সতৰ্কবাণী দিছে। চিকিৎসকৰ মতে,২ বছৰৰ তলৰ শিশুক কফ চিৰাপ দিয়াৰ প্ৰয়োজন নাই।
বহু অভিভাৱকে শিশুৰ কাহ বা চৰ্দি হ’লে কফ চিৰাপ খুৱাই দিয়ে। এই সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে নিৰ্দেশনা। চিকিৎসকসকলেও সেই একে সতৰ্কবাণী দিছে। চিকিৎসকৰ মতে,২ বছৰৰ তলৰ শিশুক কফ চিৰাপ দিয়াৰ প্ৰয়োজন নাই।
২ বছৰৰ ওপৰৰ শিশুক কফ চিৰাপ দিয়াৰ ক্ষেত্ৰত সাৱধানতা হোৱাৰ পৰামৰ্শ দিছে চিকিৎসকে। শিশুসকলক পৰিমিত পৰিমাণে পানী খাবলৈ দিয়াৰ পৰামৰ্শ দিছে চিকিৎসকে। উশাহ-নিশাহ লোৱাত অসুবিধা হ’লে পলম নকৰাকৈ চিকিৎসালয়ত ভৰ্তি কৰিবলৈ অনুৰোধ জনাইছে।
Latest Videos