শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
TV9 Assam ৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত কি ক’লে বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী ৰিহন দৈমাৰীয়ে

TV9 Assam ৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত কি ক’লে বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী ৰিহন দৈমাৰীয়ে

monjit-dutta
Monjit Dutta | Published: 06 Oct 2025 13:28 PM

দেওবাৰে বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী হিচাপে শপত গ্ৰহণৰ পিছতে ৰিহন দৈমাৰীয়ে TV9 Assam- ৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰত অংশ লয়। এই সাক্ষাৎকাৰত বিটিচিৰ নৱনিযুক্ত উপ-মুখ্য কাৰ্যবাহীগৰাকীয়ে বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

শেহতীয়া বিটিচি নিৰ্বাচনত জয়লাভেৰে পুনৰ এবাৰ ক্ষমতালৈ আহিছে বড়োলেণ্ড পিপ’লচ্ ফ্ৰণ্ট, চমুকৈ বিপিএফ। নিৰ্বাচনত ২৮ খন আসনেৰে নিৰংকুশ সখ্যাগৰিষ্ঠতা লাভ কৰে দলটোৱে। এই জয়ৰ পিছত দেওবাৰে বিটিচিৰ মুখ্য কাৰ্যবাহী হিচাপে শপত গ্ৰহণ কৰে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে। আনহাতে তেওঁৰ দলীয় সতীৰ্থ ৰিহন দৈমাৰীয়ে বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী হিচাপে শপত গ্ৰহণ কৰে। অসম ৰাজনীতিৰ এক চিনাকি মুখ, প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীয়ে এতিয়া হাগ্ৰামা মহিলাৰীৰ ডেপুটি হিচাপে কাৰ্যনিৰ্বাহ কৰিব।

শপত গ্ৰহণৰ পিছতে ৰিহন দৈমাৰীয়ে TV9 Assam- ৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰত অংশ লয়। এই সাক্ষাৎকাৰত বিটিচিৰ নৱনিযুক্ত উপ-মুখ্য কাৰ্যবাহীগৰাকীয়ে বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰে। ক্ষমতালৈ অহাৰ পিছত নিৰ্বাচনী ইস্তাহাৰৰ প্ৰতিশ্ৰুতি পূৰণৰো আশ্বাস দিছে ৰিহন দৈমাৰীয়ে।