Morning News: জুবিন গোচৰত মুখ্যমন্ত্ৰীৰ স্থিতিৰ পৰা মহিলা বিশ্বকাপলৈ, পলকতে চাওক পুৱাৰ মুখ্য খবৰসমূহ
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ আওতালৈ আহিব ছিংগাপুৰৰ য়ট পাৰ্টীত থকা প্ৰবাসী অসমীয়াসকল। আজিৰ ভিতৰত ভিতৰত এই লোকসকলে সঁহাৰি নজনালে চৰকাৰ তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। তদন্তত সহযোগৰ বাবে চৰকাৰে প্ৰবাসী অসমীয়াৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিব বুলিও তেওঁ কয়।

পুৱাৰ মুখ্য খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্ত অব্যাহত ৰাখিছে চিআইডিয়ে। এই গোচৰত ইতিমধ্যে চাৰি অভিযুক্তক গ্ৰেপ্তাৰৰ লগতে বহুকেইজন লোকক সোধা-পোছা কৰিছে তদন্তকাৰী দলে। দেওবাৰে জুবিন গাৰ্গৰ পূৰ্বৰ সহযোগী কণ্ঠশিল্পী মেঘনা বৰপূজাৰী আৰু দেহৰক্ষী নন্দেশ্বৰ বৰাসহ ১২ জন লোকক চিআইডিয়ে সোধা-পোছা কৰে।
- জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ আওতালৈ আহিব ছিংগাপুৰৰ য়ট পাৰ্টীত থকা প্ৰবাসী অসমীয়াসকল। আজিৰ ভিতৰত ভিতৰত এই লোকসকলে সঁহাৰি নজনালে চৰকাৰ তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। তদন্তত সহযোগৰ বাবে চৰকাৰে প্ৰবাসী অসমীয়াৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিব বুলিও তেওঁ কয়।
- ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন। দেওবাৰে এই বিষয়ে পুনৰবাৰ স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কোনো লোকে এই প্ৰতিবেদন চাব বিচাৰিলে CIDৰ ওচৰলৈ যাব লাগিব বুলি তেওঁ উল্লেখ কৰে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা কৰিলে আদালতত ইয়াৰ মূল্য নাথাকিব বুলিও তেওঁ দোহাৰে।
- দেওবাৰে বিটিচিৰ মুখ্য কাৰ্যবাহী হিচাপে শপত লয় বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। আনহাতে ৰিহন দৈমাৰীয়ে মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰে। এই শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
- যোৱা নিশা ৰাজস্থানৰ ৰাজধানী জয়পুৰস্থিত ছাৱাই মান সিং হাস্পতালৰ ট্ৰমা চেণ্টাৰৰ ICU ৱাৰ্ডত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত ICUত চিকিৎসাধীন হৈ থকা ৭ গৰাকী ৰোগীয়ে শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছে। ৪ জন ৰোগীৰ অৱস্থা এতিয়াও সংকটজনক বুলি জানিব পৰা গৈছে।
- পশ্চিম বংগৰ দাৰ্জিলিঙত প্ৰকৃতিয়ে ধাৰণ কৰিছে ৰুদ্ৰ ৰূপ। ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত দাৰ্জিলিঙত এইপৰ্যন্ত ২০ জন লোকে প্ৰাণ হেৰুৱাইছে। এই ঘটনাত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইফালে ৰাজ্যৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ভুক্তভোগীৰ পৰিয়াললৈ আৰ্থিক সাহায্য আৰু চৰকাৰী চাকৰি আগবঢ়াব বুলি ঘোষণা কৰিছে।
- দেওবাৰে মহিলা বিশ্বকাপৰ এখন মেচত মুখামুখি হয় ভাৰত আৰু পাকিস্তান। এই মেচখনত ভাৰতীয় মহিলা দলে পাকিস্তানক ৮৮ ৰানৰ ব্যৱধানত সহজে পৰাস্ত কৰে। প্ৰতিযোগিতাত ভাৰতীয় দলৰ এয়া ক্ৰমাগত দ্বিতীয় জয়। প্ৰথম মেচত ভাৰতে শ্ৰীলংকাক পৰাস্ত কৰিছিল।
- মধ্য প্ৰাচ্যত প্ৰতিষ্ঠা হ’ব শান্তি। এই নিশ্চয়তা দিছে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধৰ অৱসানৰ বাবে ট্ৰাম্পে আগভাগ লোৱা গাজা শান্তি চুক্তিৰ প্ৰসঙ্গৰে ট্ৰাম্পে এই ঘোষণা কৰিছে। ৩০০০ বছৰত প্ৰথমবাৰ এনে হ’ব বুলি মন্তব্য কৰি ট্ৰাম্পে লগতে এই প্ৰক্ৰিয়াৰ সৈতে জড়িত হৈ সন্মানিত হোৱা বুলিও মন্তব্য কৰে।