বিজেপিত যোগদান কৰিব নেকি প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই…
বিজেপিত যোগদান কৰিব নেকি প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই? সভাপতি পদৰ পৰা বৰা আঁতৰ হোৱাৰ পাছতে এতিয়া বিভিন্ন জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

বিজেপিত যোগদান কৰিব নেকি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই? বৰ্তমান এই প্ৰশ্নটোৱে সামাজিক মাধ্যমত তীব্ৰ চৰ্চা লাভ কৰিছে। বিগত কেইটামান দিন পূৰ্বে AICC য়ে গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিছিল। তাৰ পাছতে এতিয়া ভূপেন বৰা বিজেপি গমন সন্দৰ্ভত বিভিন্ন চৰ্চা হৈছে। একাংশৰ মতে, অচিৰেই ভূপেন বৰাই বিজেপিত যোগদান কৰিব।
তথ্য অনুসৰি, ৰঙানদী বিধানসভা সমষ্টিৰ হোৱাটছএপ গ্ৰুপৰ পৰা হঠাতে আঁতৰিছে ভূপেন বৰা। দলৰ হোৱাটছ এপ গ্ৰুপ ত্যাগ কৰাৰ কাৰণ বৰাই এতিয়ালৈকে কোৱা নাই যদিও এই কথাই এতিয়া একাংশ কংগ্ৰেছীৰ মনত বহু প্ৰশ্নৰ অৱকাশ আনিছে। ইয়াকে লৈ কংগ্ৰেছৰ ভিতৰচ’ৰাত আৰম্ভ হৈছে ধুমুহা।
এই সন্দৰ্ভত ভূপেন বৰাক সাংবাদিকে প্ৰশ্ন কৰাত তেওঁক আওপকীয়াকৈ উত্তৰ দিয়ে। বৰাই কয়- “মই ভাগৱত গীতা, ৰামায়ন মহাভাৰত, কীৰ্তন, দশমৰ মাজত ডাঙৰ হৈছো। যি পৰিবেশৰ মাজত ডাঙৰ হৈছো সেয়া আজিৰ নৱপ্ৰজন্মই বুজি নাপায়। ভাগৱত গীতাত লিখা আছে ভাগ্যতকৈ বেছি আৰু সময়তকৈ আগত একো নাথাকে। ইয়াৰোপৰি নামঘোষাত লিখা আছে মুখে লোৱা ৰাম নাম, হাতে লোৱা কাম। মাধৱদেৱে কৈছিল- অধমে কেৱল দোষক দেখে,মধ্যমে দোষ গুণ বিচাৰ কৰে, উত্তমে গুণক দেখে, আৰু অতি উত্তমে অল্প গুণত বিস্তাৰ কৰে। আমি এই পৰিবেশত ডাঙৰ হৈছে”।
ইয়াৰোপৰি ভূপেন বৰা সন্দৰ্ভত চলি থকা জল্পনা-কল্পনাৰ মাজতে অগপ জিলা পৰিষদ তথা মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ আব্দুল ৰহিম জিব্ৰামৰ এটা পোষ্টে দৃষ্টি কাঢ়িছে একাংশৰ। ভূপেন বৰাপ ফটো আপলোড কৰি কিছুসময় পাছতে তেওঁ ডিলিট কৰে যদিও এই কাণ্ডই একাংশৰ মনত যেন সন্দেহ বৃদ্ধি কৰিছে। যাৰ বাবে একাংশই ভাবিবলৈ বাধ্য হৈছে বৰা বিজেপিত যোগদান কৰিব বুলি।
এ আই ইউ ডি এফৰ নেতা তথা দলগাঁৱৰ বিধায়ক মজিবুৰ ৰহমানেও ভূপেন বৰা সন্দৰ্ভত ডাঙৰ অভিযোগ উত্থাপন কৰিছে। সামাজিক মাধ্যমত তেওঁ লিখে যে- “ভূপেন বৰা বিজেপিৰ সৈতে কাম কৰাটো আজি নতুন কথা নহয়।তেওঁ সভাপতি হোৱাৰ পাছৰে পৰা বিজেপি বিৰোধী শক্তি দুৰ্বল হৈছে।এআইইউডিএফ আৰু কংগ্ৰেছৰ মাজৰ মিত্ৰতা ভংগ কৰাৰ একমাত্ৰ মানুহ জন আছিল ভূপেন বৰা।বিজেপিৰ কথা মতেই তেওঁ এই কাম কৰিছিল।ৰাজ্যসভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থীক নিজ দলৰ বিধায়কে বিজেপি প্ৰাৰ্থীক ভোট দিয়াই তাৰ সম্পূৰ্ণ দোষ জাপি দিছিল এআইইউডিএফৰ দলৰ ওপৰত।আজি ভূপেন বৰা বিজেপিৰ দুৱাৰডলিত।এতিয়া ৰাইজে চিন্তা কৰক কংগ্ৰেছ বিজেপিৰ বি টীম হয় নে নহয়?খোদ ৰাজ্যিক সভাপতিয়ে বিজেপিৰ হৈ কাম কৰে,দলৰ ভিতৰুৱা খবৰ দি থাকে।আজিও এনে অধিকাংশ কংগ্ৰেছী দ্বিগজ নেতা বিজেপিৰ এজেন্ট”।

পোষ্টটো
অৱশ্যে এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও প্ৰদেশ কংগ্ৰেছৰ কেইবাগৰাকী প্ৰাক্তন সভাপতিয়ে দলত্যাগ কৰাৰ নজিৰ আছে। সেয়া লাগিলে ভূৱনেশ্বৰ কলিতা, ৰিপুণ বৰাইও নহওক কিয়।
উল্লেখ্য যে, ভূপেন বৰাই এই জল্পনা-কল্পনা সন্দৰ্ভত এতিয়ালৈকে কোনো স্পষ্ট মত প্ৰকাশ কৰা নাই। বৰ্তমান পত্নীৰ সৈতে বাংগালুৰ ভ্ৰমণত ব্যস্ত আছে বৰা। গতিকে ১০ জুনত বাংগালুৰৰ পৰা উভতি আহি বৰাই কোনো ডাঙৰ ঘোষণা কৰিব পাৰে বুলি একাংশই সন্দেহ কৰিছে।
অন্য খবৰ পঢ়কঃ লবীকেন্দ্ৰিক ৰাজনীতি ৰোধৰ চেষ্টা! ভূপেন বৰাক দিল্লীলৈ তলব কংগ্ৰেছ হাইকমাণ্ডৰ…