লবীকেন্দ্ৰিক ৰাজনীতি ৰোধৰ চেষ্টা! ভূপেন বৰাক দিল্লীলৈ তলব কংগ্ৰেছ হাইকমাণ্ডৰ…
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি ভূপেন বৰাক দিল্লীলৈ তলব। কংগ্ৰেছ হাইকমাণ্ডৰ নিৰ্দেশ লাভৰ পাছতে ভূপেন বৰা ইতিমধ্যে ৰাওনা হৈছে দিল্লীলৈ।

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি ভূপেন বৰাক তলব কংগ্ৰেছ হাইকমাণ্ডৰ। ইতিমধ্যে দিল্লীলৈ ৰাওনা হৈছে বৰা। প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি নিৰ্বাচন হোৱাৰ পাছতে এনেদৰে বৰাক দিল্লীলৈ মাতি পঠিওৱাৰ কাৰ্যই এতিয়া বহু প্ৰশ্নৰ অৱকাশ আনিছে। প্ৰশ্ন হয়, লবীকেন্দ্ৰিক ৰাজনীতি বন্ধ কৰিবলৈ ভূপেন বৰাক মাতি পঠিয়াইছে নেকি? ভূপেন বৰাক বুজনি দিব নেকি কংগ্ৰেছ হাইকমাণ্ডে?
যোৱা কেইটামান বছৰত লবীকেন্দ্ৰিক ৰাজনীতিয়ে কংগ্ৰেছৰ ভিতৰচ’ৰা বিধ্বস্ত কৰি পেলাইছে। বিভিন্ন সময়ত কংগ্ৰেছৰ লবীকেন্দ্ৰিক ৰাজনীতিৰ বহিঃপ্ৰকাশ ঘটা দেখা যায়। বিধনসভাৰ উপ-নিৰ্বাচনতো এই লবীকেন্দ্ৰিক ৰাজনীতি পোহৰলৈ আহিছিল। বিহালী সমষ্টিৰ প্ৰাৰ্থীক লৈ দুটা ভাগত বিভক্ত হৈছিল কংগ্ৰেছ।
কংগ্ৰেছত বৰ্তমান প্ৰায় ৫ টাকৈ লবী আছে। এনে ৰাজনীতি ৰোধ কৰাৰ বাবে ইতিমধ্যে এই লবীকেইটাৰ নেতৃত্বক AICC য়ে কিছুমান বিভাগৰ অধ্যক্ষ হিচাপে দায়িত্ব প্ৰদান কৰিছে। কিছুদিন পূৰ্বে AICC য়ে গৌৰৱ গগৈক সভাপতিৰ পদ দিয়াৰ লগতে সমন্বয়ৰক্ষী কমিটীৰ দায়িত্ব অৰ্পন কৰে দেৱব্ৰত শইকীয়াক। লগতে ইস্তাহাৰ কমিটীৰ দায়িত্ব প্ৰদ্যুত বৰদলৈক, প্ৰচাৰ কমিটীৰ দায়িত্ব ৰকিবুল হুচেইনক, নিৰ্বাচনী প্ৰচাৰ কমিটীৰ দায়িত্ব ভূপেন বৰাক দিয়াৰ লগতে ৰিপুণ বৰাকো বিশেষ দায়িত্ব প্ৰদান কৰিছে।
ইয়াৰ মাজতে বৃহস্পতিবাৰে দিল্লীলৈ ৰাওনা হৈছে ভূপেন বৰা। সূত্ৰ অনুসৰি জানিব পৰা মতে, প্ৰদেশ কংগ্ৰেছৰ পৰা লবী নোহোৱা কৰি শক্তিশালী কৰিবলৈ এজনৰ পাছত আনজন নেতাক তলব কৰিব পাৰে দিল্লী হাইকমাণ্ডে। প্ৰথম পৰ্যায়ত ভূপেন বৰাক তলব কৰাৰ লগতে পৰৱৰ্তী সময়ত আন কেইজনকো মাতি পঠিওৱাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে, ২০২৬ চনত অসমত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। এনে পৰিস্থিতি প্ৰদেশ কংগ্ৰেছক শক্তিশালী কৰাৰ বাবে উঠি পৰি লাগিছে কংগ্ৰেছ হাইকমাণ্ড। আজি বুলিয়েই নহয় , বছৰ বছৰ ধৰি কংগ্ৰেছ লবীকেন্দ্ৰিক ৰাজনীতিত জুৰুলা হৈ আছে। তেনে ক্ষেত্ৰত দলটো শক্তিশালী কৰাৰ সময় আহি পৰিছে। হাইকামাণ্ডেও জানে যে অসমত কংগ্ৰেছৰ অৱস্থা ভাল নহয়। গতিকে দলটোৰ অন্তৰ্কন্দল যদি ৰোধ কৰিব নোৱাৰে তেন্তে ২৬’ৰ নিৰ্বাচনী বৈতৰণী পাৰ কৰা টান হ’ব দলটোৰ বাবে।
এনে অৱস্থাত এতিয়া দলটোৰ এজনৰ পাছত আনজনক দিল্লী হাইকমাণ্ডে তলব কৰিব পাৰে বুলি চৰ্চা চলিছে। উল্লেখ্য যে, যোৱা প্ৰায় ১টা বছৰ ধৰি ভূপেন বৰাৰ সভাপতিত্বক লৈ কংগ্ৰেছত বিবাদ হৈ আছিল। ১৮-১৯ জন বিধায়কে ভূপেন বৰাক অপসাৰণ কৰাৰ বাবে পত্ৰ লিখি হাইকমাণ্ডলৈ প্ৰেৰণ কৰা বুলি অভিযোগ উঠিছিল। তাৰ মাজতে এতিয়া কংগ্ৰেছে নতুন সভাপতি হিচাপে নিযুক্তি দিছে গৌৰৱ গগৈয়। গতিকে পৰৱৰ্তী সময়ত কংগ্ৰেছ হাইকামাণ্ডে কংগ্ৰেছৰ ভিতৰচ’ৰাৰ জুই নুমুয়াব পাৰে নে নাই সেয়া হ’ব লক্ষণীয়।
অন্য খবৰ পঢ়কঃ APCC president: পত্নীৰ পাকিস্তান বিতৰ্কৰ মাজতেই আহিল ভাল খবৰ, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ