অসমলৈ ওভতাই অনা হ’ব বৃন্দাবনী বস্ত্ৰ, ব্ৰিটিছ মিউজিয়ামৰ সৈতে অসম চৰকাৰৰ চুক্তি স্বাক্ষৰ…
Vrindavani Vastra: অৱশেষত অসমীয়াই দেখাৰ সৌভাগ্য লাভ কৰিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহান সৃষ্টিৰাজি বৃন্দাবনী বস্ত্ৰ। এই সন্দৰ্ভত আজি ব্ৰিটিছ মিউজিয়ামৰ সৈতে অসম চৰকাৰৰ এক বিশেষ চুক্তি স্বাক্ষৰ হয়।
আজি অসমৰ বাবে এটা ভাল দিন! ১৭ নৱেম্বৰত সুদূৰ লণ্ডনত অসম চৰকাৰ আৰু ব্ৰিটিছ মিউজিয়ামৰ মাজত স্বাক্ষৰিত হয় ‘লেটাৰ অৱ ইণ্টেন্ট’। এই চুক্তিৰ অধীনত অসমলৈ ওভতাই অনা হ’ব বৃন্দাবনী বস্ত্ৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি বৃন্দাবনী বস্ত্ৰ অসমলৈ ওভতাই অনাৰ ক্ষেত্ৰত অসমৰ চৰকাৰৰ এই পদক্ষেপ মাইলৰ খুঁটি বুলি ক’ব পাৰি। সম্ভৱতঃ ২০২৭ চনত অসমলৈ এই বৃন্দবনী বস্ত্ৰ অনা হ’ব। যাৰ পাছত ৰাইজে ওচৰৰ পৰা এই বস্ত্ৰ দৰ্শন কৰিব পাৰি।
আজি এই চুক্তি স্বাক্ষৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত লিখে যে- “লণ্ডনৰ ব্ৰিটিছ সংগ্ৰহালয় হৈছে বিশ্বৰ এনে এটি বিৰল সংগ্ৰহালয়, যি ইতিহাসৰ বহু উল্লেখনীয় আৰু স্মৰণীয় সমলৰ সাক্ষ্য বহন কৰি হৈছে। এতিয়া মই এই ঐতিহাসিক স্থানতে আছোঁ। ব্ৰিটিছ মিউজিয়ামত সংগৃহীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সৃষ্টি বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ বাবে আজি অসম চৰকাৰ আৰু ব্ৰিটিছ মিউজিয়ামৰ মাজত ‘লেটাৰ অৱ ইণ্টেন্ট’ স্বাক্ষৰিত হয়।
অসমৰ ঐতিহ্য, অতিকৈ আপুৰুগীয়া সম্পদ অসমৰ ভূমিলৈ উভতি আহিব আৰু অসমবাসীয়ে এই পৱিত্ৰ বস্ত্ৰভাগি দৰ্শন কৰিব। গতিকে আজিৰ দিনটো আমাৰ বাবে সদায় স্মৰণীয় হৈ ৰ’ব। ব্ৰিটিছ মিউজিয়ামত থকা এই সম্পদবিধ অসমলৈ বিশেষ কিছু নিয়মৰ মাজেৰে সীমিত সময়ৰ বাবেহে অনা হ’ব৷ এই বাৰ্তাই নিশ্চিতকৈ জাতীয় জীৱন তথা ভাৰতবাসীকো গৌৰৱান্বিত কৰিব”৷
শৰ্মাই আৰু কয়, “বৃন্দাবনী বস্ত্ৰ আমাৰ ঐতিহ্য, সম্পদ আৰু ই স্বাভিমানৰ প্ৰতীক৷ আমাৰ চৰকাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অপূৰ্ব সৃষ্টি বৃন্দাবনী বস্ত্ৰভাগি ব্ৰিটিছ সংগ্ৰহালয়ৰ পৰা আপোন ভূমিলৈ বিশেষ নিয়ম সাপেক্ষে ওভতাই আনিবলৈ প্ৰচেষ্টা গ্ৰহণ কৰিছোঁ “৷
উল্লেখ্য যে,মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তত্বাৱধানত অসমীয়া শিপিনিয়ে বৈ উলিয়াইছিল দীঘলীয়া বস্ত্ৰ। এই বস্ত্ৰখনত বৃন্দাবনত শ্ৰীকৃষ্ণই কৰা বাল্যকালৰ লীলাসমূহ চিত্ৰসহ বৰ্ণনা কৰা আছে। নানাৰঙী এই ছবিবিলাকৰ লগতে ইয়াত শংকৰদেৱ বিৰচিত এটি পদো তুলি থোৱা আছে। এই বস্ত্ৰখনৰ কিছু অংশ লণ্ডনৰ ভিক্টোৰিয়া আৰু এলবাৰ্ট সংগ্ৰহালয়ত আৰু কিছু অংশ পেৰিছৰ গুইমেট সংগ্ৰহালয়ত (the Guimet Museum) সংৰক্ষিত হৈ আছে। ভাৰতৰ কেইবাটাও চৰকাৰী সংস্থাই এই বস্ত্ৰ ভাৰতলৈ আনিবলৈ চেষ্টা কৰিছিল যদিও সফল হ’ব পৰা নাছিল। অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই বস্ত্ৰখনি কিছুসময়ৰ বাবে হ’লেও অসমীয়াই দেখাৰ সৌভাগ্য লাভ কৰিব বুলি ক’ব পাৰি।