শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ডিফুত ৭৪ সংখ্যক কাৰ্বি আংলং জিলা দিৱস উদযাপন

ডিফুত ৭৪ সংখ্যক কাৰ্বি আংলং জিলা দিৱস উদযাপন

trishna-kalita
Trishna Kalita | Published: 17 Nov 2025 18:24 PM

আজি ডিফুৰ তাৰালাংছ' পিপ'লছ হলত অনুষ্ঠিত কৰা হয় কাৰ্বি আংলং জিলাৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী । কাৰ্বি নৃত্য-গীতেৰে মুখৰিত হৈ পৰে তাৰালাংছ'ৰ ছেৰতালিন প্ৰেক্ষাগৃহ। উল্লেখ্য যে, ১৯৫১ চনৰ ১৭ নৱেম্বৰত দিনটোতে প্ৰতিষ্ঠা হৈছিল কাৰ্বি আংলং জিলা।

দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আজি ডিফুৰ তাৰালাংছ’ পিপ’লছ হলত অনুষ্ঠিত কৰা হয় কাৰ্বি আংলং জিলাৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী । কাৰ্বি নৃত্য-গীতেৰে মুখৰিত হৈ পৰে তাৰালাংছ’ৰ ছেৰতালিন প্ৰেক্ষাগৃহ। উল্লেখ্য যে, ১৯৫১ চনৰ ১৭ নৱেম্বৰত দিনটোতে প্ৰতিষ্ঠা হৈছিল কাৰ্বি আংলং জিলা। ৭৪ সংখ্যক কাৰ্বি আংলং দিৱসৰ পতাকা উত্তোলন কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে।

প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে সাংসদ অমৰছিং তিছ’, কাৰ্বি ৰজা লংছিং ৰংহাং, পদ্মশ্ৰী ধনেশ্বৰ ইংতি, কাৰ্বি সাংস্কৃতিক সমাজৰ বিষয়ববীয়া প্ৰমুখ্যে বিধায়কসকল, কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ প্ৰতিনিধিসকল উপস্থিত থাকে। অনুষ্ঠানত কাৰ্বি আংলং জিলা প্ৰতিষ্ঠাৰ হকে বিশেষ বৰঙণি আগবঢ়োৱা ব্যক্তিসকলক মৰণোত্তৰভাৱে সম্বৰ্ধনা জনোৱা হয়।  ইফালে কাৰ্বি আংলং-ডিমা হাছাওৰ সংবিধানিক অধিকাৰ অনুচ্ছেদ ২৪৪(ক)ৰূপায়নৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা অব্যাহত আছে বুলি মন্তব্য কৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে।