17 Nov 2025
TV9 ASSAM
ৰঙালাউৰ গুটিত প্ৰটিন, ফাইবাৰ, ভিটামিন, মিনাৰেল আদিৰ দৰে বহু পুষ্টিকৰ উপাদান থাকে। ই শৰীৰৰ বাবে বহু উপকাৰী। যাৰ বাবে বহুতে এয়া খায়।
কিন্তু কিছুমানৰ বাবে ৰঙালাউৰ গুটি খোৱা বেয়া। অৱশ্যে এই ক্ষেত্ৰত অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা ভাল।
যিসকল লোকৰ নিম্ন ৰক্তচাপৰ সমস্যা আছে সেইসকলে ৰঙালাউৰ গুটি খাব নালাগে। কিয়নো ইয়াত মেগনেছিয়াম আৰু অন্য উপাদান থাকে যিয়ে বিপিত সমস্যা আনিব পাৰে।
যজি আপুনি ওজন কম কৰাৰ চেষ্টা কৰি আছে তেন্তে ৰঙালাউৰ গুটি খাওতে সাৱধান হোৱা ভাল। কিয়নো ইয়াত বেছি কেলৰি থাকে। যদি বেছিকৈ ৰঙালাউৰ গুটি খাই তেন্তে ওজন বৃদ্ধি পাব পাৰে।
কিছুমান মানুহৰ ৰঙালাউৰ গুটিৰ পৰা এলাৰ্জি থাকে। যদি ৰঙালাউৰ গুটি খোৱাৰ পাছত আপোনাৰ ছালত ৰঙা পৰা, খজুৱতি আদি সমস্যা হয় তেন্তে খাব নালাগে।
যদি আপোনাৰ পাচনতন্ত্ৰৰ লগত জড়িত সমস্যা আছে তেন্তে এই গুটি খাব নালাগে। কিয়নো ইয়াত হাই ফাইবাৰ থাকে। দুৰ্বল পাচনতন্ত্ৰৰ বাবে বেছি ফাইবাৰ বেয়া।
গৰ্ভৱতী মহিলাসকলে বা স্তনপান কৰোৱা মহিলাসকলে এই বীজ খোৱাৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা ভাল।
পঢ়িবলৈ ক্লিক কৰক