শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

গাহৰিৰ মাংসৰ ওপৰত নিষেধাজ্ঞাৰ পৰা শ্বেখ হাছিনাৰ বিপদলৈ…দিনটোৰ খবৰ…

Top9: আজিৰ দিনটোত ৰাজ্যৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তলৈ বহু ঘটনা সংঘটিত হয়। অসমৰ কেইবাখনো জিলাত গাহৰিৰ মাংস নিষিদ্ধ কৰা হয়। আফ্ৰিকান ছোৱাইন ফিভাৰৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে সংশ্লিষ্ট প্ৰশাসনে।

গাহৰিৰ মাংসৰ ওপৰত নিষেধাজ্ঞাৰ পৰা শ্বেখ হাছিনাৰ বিপদলৈ…দিনটোৰ খবৰ…
গাহৰিImage Credit source: Unsplash
barasha-sarma
Barasha Sarma | Published: 17 Nov 2025 19:06 PM

আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ তলত উল্লেখ কৰা হ’ল-

১. বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক মৃত্যুদণ্ডৰ ৰায়। বাংলাদেশ আন্তৰ্জাতিক অপৰাধ ন্যায়াধিকৰণে গণহত্যাৰ অভিযোগত মৃত্যুদণ্ডৰ নিৰ্দেশ দিয়ে হাছিনাক। ২০২৪ চনৰ গণ বিদ্ৰোহৰ সময়ত হাছিনাৰ নিৰ্দেশতেই সাধাৰণ লোকৰ ওপৰত গুলীচালনা কৰাৰ অভিযোগ। হাছিনাৰ লগতে বাংলাদেশৰ প্ৰাক্তন গৃহমন্ত্ৰী আছাদুজ্জামানকো মৃত্য়ুদণ্ড বিহিলে আদালতে।

২. আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱে প্ৰভাৱিত কৰিছে অসমৰ গাহৰি পালকক। এক জাননিযোগে চৰকাৰে অসমৰ ৭ খনকৈ জিলাত নিষিদ্ধ কৰিছে গাহৰিৰ মাংস বিক্ৰী। লগতে নিষিদ্ধ কৰা হৈছে আন্তঃজিলা গাহৰি সৰবৰাহ। ক্ষতিগ্ৰস্ত জিলা কেইখন হৈছে শিৱসাগৰ, যোৰহাট, ধেমাজি, ডিব্ৰুগড়, লখিমপুৰ, কামৰূপ আৰু দৰং।

৩. অসমত উপস্থিত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ মুৰব্বী ডঃ মোহন ভাগৱত। দুদিনীয়া সূচীৰে অসমলৈ আহিছে আৰ এছ এছৰ মুৰব্বীগৰাকী। সংগঠনটোৰ শতবাৰ্ষিকী উদযাপনৰ মাজতেই অসমলৈ আহিছে মোহন ভাগৱত। সাংগঠনিক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে আৰ এছ এছৰ অসমৰ কাৰ্যকৰ্তাৰ সৈতেও তেওঁ মিলিত হ’ব।

৪. তিনিচুকীয়াত স্থানীয় ৰাইজে আটক কৰিলে ৪৪ জন কাশ্মিৰী লোকক। নিউ তিনিচুকীয়া ৰেলৱে ষ্টেচনৰ সমীপৰ হিজুগুৰিৰ পৰা আটক কৰা হয় লোককেইজনক। অমৃতচৰ এক্সপ্ৰেছেৰে ৰয়িঙত কাম কৰিবলৈ অহা বুলি স্থানীয় লোকক জনাইছিল লোককেইজনে। বৰ্তমান লোক কেইজনক সোধা-পোছা কৰাৰ লগতে নথি-পত্ৰ পৰীক্ষা কৰিছে আৰক্ষীয়ে ৷

৫. সোমবাৰে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তৰূপে দায়িত্বভাৰ গ্ৰহণ কৰে চিন্ময় প্ৰকাশ ফুকনে। দায়িত্ব লৈয়েই গুৱাহাটীবাসীৰ সমস্যাসমূহ সৰ্বতোপ্ৰকাৰে সমাধানৰ চেষ্টা কৰাৰ প্ৰতিশ্ৰুতি নতুন আয়ুক্তৰ। কৃত্ৰিম বান, খোৱা পানীকে ধৰি গুৱাহাটীৰ সকলো সমস্যা তাৎক্ষণিক সমাধান বাবে চেষ্টা চলোৱাৰ সংকল্প ফুকনৰ।

৬. ডিগবৈত শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে সেনা জোৱানে। ডিগবৈৰ এন চি চি অফিচত কৰ্মৰত জোৱানজনৰ ঘৰ অৰুণাচলত বুলি জানিব পৰা গৈছে। এখন ডাম্পাৰৰ সৈতে এখন বুলেটৰ সংৰ্ষৰ ফলতেই মৃত্যু হয় অকেন দাৰিন নামৰ জোৱানজনৰ। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে ডাম্পাৰ চালক ৰিকি দাসক।

৭. কাইলৈ জুবিন গাৰ্গৰ ৫৪ সংখ্যক জন্মদিন। আজি জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত গণ স্বাক্ষৰ অভিযান চলায় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। দক্ষিণ গুৱাহাটীত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে আন আন পথচাৰীৰো স্বাক্ষৰ গ্ৰহণ কৰে সংগঠনটোৱে।

৮. আজি ডিফুত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস। এই অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাং ৰংহাং, সাংসদ অমৰছিং তিছ’ৰ লগতে কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কাৰ্বি আংলং জিলা প্ৰতিষ্ঠাৰ হকে বিশেষ বৰঙণি আগবঢ়োৱা ব্যক্তিসকলক মৰণোত্তৰভাৱে সম্বৰ্ধনা জনোৱা হয়।

৯. অসমলৈ অনা হ’ব বৃন্দাবনী বস্ত্ৰ। আজি ব্ৰিটিছ মিউজিয়ামৰ সৈতে এক বুজাবুজি চুক্তিত মিলিত হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তাৰ পাছতেই এই প্ৰক্ৰিয়াই অধিক গতি লাভ কৰিব। এক্সযোগে এই বিষয়ে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

 

অন্য খবৰ পঢ়কঃ ডিগবৈত ডাম্পাৰৰ দৌৰাত্ম্য! প্ৰচণ্ড খুন্দাত থিতাতে মৃত্যু সেনা জোৱানৰ…