বৃন্দাবনী বস্ত্ৰ অসমলৈ ওভটাই অনাৰ বাবে ব্ৰিটিছ সংগ্ৰহালয়ৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিব মুখ্য়মন্ত্ৰীয়ে
ষোড়শ শতিকাত বস্ত্ৰশিল্পক অনন্য মাত্ৰা প্ৰদান কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সভক্তিৰে বৈ উলিওৱা বৃন্দাবনী বস্ত্ৰক “কালজয়ী সৃষ্টি” হিচাপে অভিহিত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই শিল্পকৰ্মই অসমৰ বৈষ্ণৱী সংস্কৃতিৰ আত্মাক ইয়াৰ ঐশ্বৰিক আৰু জটিল কাৰুকাৰ্যৰ জৰিয়তে মূৰ্ত কৰি তুলিছে।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে পবিত্ৰ বৃন্দাবনী বস্ত্রক ঋণৰ ব্যৱস্থাৰ অধীনত পুনৰ অসমলৈ অনাৰ বাবে ব্ৰিটিছ মিউজিয়ামৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিবলৈ সাজু হৈছে। এই পদক্ষেপ ৰাজ্যখন বাবে ঐতিহাসিক মাইলৰ খুঁটিত পৰিণত হ’ব।
ষোড়শ শতিকাত বস্ত্ৰশিল্পক অনন্য মাত্ৰা প্ৰদান কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সভক্তিৰে বৈ উলিওৱা বৃন্দাবনী বস্ত্ৰক “কালজয়ী সৃষ্টি” হিচাপে অভিহিত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই শিল্পকৰ্মই অসমৰ বৈষ্ণৱী সংস্কৃতিৰ আত্মাক ইয়াৰ ঐশ্বৰিক আৰু জটিল কাৰুকাৰ্যৰ জৰিয়তে মূৰ্ত কৰি তুলিছে। ‘‘আমাৰ চৰকাৰে এই ঐতিহাসিক সম্পদ অসমলৈ ঘূৰাই অনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।’’-শৰ্মাই উল্লেখ কৰে।
এক্সৰ এটা পোষ্টত তেওঁ লিখিছে, ‘‘কাইলৈ অসমৰ লগতে ভাৰতবৰ্ষৰ বাবে এটা অত্যন্ত গুৰুত্বপূর্ণ দিন। পৱিত্ৰ বৃন্দাবনী বস্ত্ৰভাগি আপোন ভূমিলৈ ওভতাই আনিবলৈ আমি ব্ৰিটিছ সংগ্ৰহালয়ৰ সৈতে এটা বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিম, যাৰ জৰিয়তে ল’নিং এৰেঞ্জমেণ্টৰ বিশেষ মাধ্যমেৰে এই ঐশ্বৰ্যপূর্ণ সম্পদবিধ অসম ভূমিলৈ ওভতাই আনিব পৰা যাব ৷ আকৌ কওঁ–উন্নয়ন আৰু ঐতিহ্য, এই দুয়োটাই আমাৰ চৰকাৰৰ সংকল্পৰ দুটা মূল লক্ষ্য হৈ থাকিব।”
লণ্ডন ভ্ৰমণৰ সবিশেষ শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ লণ্ডনত প্ৰথম দিনটো চহৰখনৰ জলপৃষ্ঠ অন্বেষণ কৰি কটায়। তেওঁ লগতে কয় যে অসমে বৰ্তমান বিশ্বব্যাপী উত্তম পদ্ধতি গ্ৰহণ কৰি গুৱাহাটী নদীৰ পাৰৰ ৰূপান্তৰ ঘটাবলৈ কাম কৰি আছে। ভাৰতীয় প্ৰব্ৰজনকাৰী লোকসকলৰ সৈতেও শৰ্মাই মত বিনিময় কৰি বিদেশত তেওঁলোকৰ অৱদান আৰু নিষ্ঠাৰ প্ৰশংসা কৰে।
পঞ্চদশ শতিকাৰ সমাজ সংস্কাৰক শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি বৃন্দাবনী বস্ত্ৰ ঘৰলৈ অনাৰ বাবে ৰাজ্যখনৰ দীৰ্ঘদিনীয়া প্ৰচেষ্টাত এই প্ৰক্ৰিয়া এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত কৰিছে। অসমৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ বাবে চৰকাৰৰ দায়বদ্ধতাক পুনৰ দৃঢ়তাৰে আগষ্ট মাহত মুখ্যমন্ত্ৰীয়ে এই অভিযানত উল্লেখযোগ্য অগ্ৰগতিৰ কথা ঘোষণা কৰিছিল।