প্ৰস্তুতি কিহৰ? ইউক্ৰেইনে ফ্ৰান্সৰ পৰা ক্ৰয় কৰিব ১০০ খন ৰাফেল বিমান…
শেহতীয়াকৈ ইউক্ৰেইন আৰু ফ্ৰান্সৰ মাজত এখন ডাঙৰ চুক্তি স্বাক্ষৰ হয়। ইয়াৰ অধীনত ১০ বছৰত ১০০ খন ৰাফেল জেট বিমান ক্ৰয় কৰিব। এই চুক্তিত ডিফেন্স চিষ্টেম, বোমা, ড্ৰন আদিও অন্তৰ্ভুক্ত কৰা হয়।
শেহতীয়াকৈ ফ্ৰান্স আৰু ইউক্ৰেইনৰ মাজত এখন ডাঙৰ চুক্তি স্বাক্ষৰ হয়। ফ্ৰান্সৰ ৰাষ্ট্ৰপতিভবনে জাৰি কৰি তথ্য অনুসৰি, ইউক্ৰেইনে ফ্ৰান্সৰ সৈতে আগন্তুক ১০ বছৰত ১০০ খন ৰাফেল যুদ্ধ বিমান ক্ৰয় কৰাৰ বাবে লেটৰ অফ ইনটেন্টত স্বাক্ষাৰ কৰে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কি বৰ্তমান ফ্ৰান্স ভ্ৰমণত ব্যস্ত আছে। এই সময়চোৱাত তেওঁ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে আলোচনাত মিলিত হয়।
উল্লেখ্য যে, শেহতীয়াকৈ ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত ড্ৰ’ন আৰু মিছাইল আক্ৰমণ বৃদ্ধি কৰিছে। ইয়াৰোপৰি জাপ’ৰিজিয়াত স্থলপথৰ পিনে আগবাঢ়ি আহিছে। ইয়াৰ মাজতে ইউক্ৰেইন আৰু ফ্ৰান্সৰ মাজত এই চুক্তি স্বাক্ষৰ হয়।
ৰাফেল জেটে ইউক্ৰেইনৰ ডিফেন্স চিষ্টেম মজবুত কৰিব। এই সন্দৰ্ভত ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, এই চুক্তি কেৱল মাত্ৰ জেটতেই সীমিত নহয়। ইয়াত এয়াৰ ডিফেন্স চিষ্টেম, বোমা আৰু ড্ৰ’ন অন্তৰ্ভুক্ত আছে। এই বিমানসমূহ বৰ্তমান ফ্ৰান্সৰ ষ্ট’কৰ পৰা বিক্ৰী কৰা নহয়। নতুন উৎপাদন কেন্দ্ৰৰ পৰা যোগান ধৰা হ’ব। তেওঁ আৰু কয় যে, ইউক্ৰেইনৰ সেনাবাহিনীৰ পুনৰ নিৰ্মাণৰ বাবে ১০০ খন ৰাফেল জেট বিমানৰ প্ৰয়োজন।
লেটাৰ অৱ ইনটেন্ট কি?
লেটাৰ অৱ ইনটেণ্ট হৈছে ক্ৰয়ৰ ইচ্ছা প্ৰকাশ কৰা ৰাজনৈতিক চুক্তি। পাছত প্ৰকৃত ক্ৰয় কৰা হ’ব। ইউৰোপত ৰখা ৰাছিয়ানৰ ধন আৰু সম্পত্তিৰ দ্বাৰা এই ক্ৰয়ৰ বাবে ধন আগবঢ়োৱাৰ পৰিকল্পনা কৰা হৈছে। অৱশ্যে ইউৰোপীয় সংঘই এতিয়াও পৰিকল্পনাত অনুমোদন জনোৱা নাই।
জেলেনস্কিয়ে ডাছল্টকে ধৰি ফ্ৰান্সৰ অস্ত্ৰ কোম্পানীসমূহৰ সৈতেও বৈঠকত মিলিত হৈছে। জানিব পৰা মতে, ইউক্ৰেইনৰ পাইলটসকলে ৰাফেল জেট উৰুৱাবলৈ প্ৰশিক্ষণ গ্ৰহণ কৰিব।ইতিমধ্যে ফ্ৰান্সে মিৰাজ জেট আৰু এষ্টাৰ ৩০ মিছাইলৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।
৩০ দেশৰ মিত্ৰজোঁট
ইয়াৰোপৰি ফ্ৰান্স আৰু ব্ৰিটেইনে প্ৰায় ৩০খন দেশৰ সৈতে মিত্ৰজোঁট গঠন কৰাৰ চেষ্টা কৰিছে। যিয়ে ৰাছিয়াৰ সৈতে শান্তি চুক্তিৰ পিছত ইউক্ৰেইন বা ইয়াৰ পশ্চিম সীমান্ত অঞ্চললৈ সৈন্য আৰু সামৰিক সম্পদ প্ৰেৰণ কৰিব পাৰে। ইয়াৰ লক্ষ্য হৈছে ইউক্ৰেইনক দীৰ্ঘম্যাদী সামৰিক আৰু অৰ্থনৈতিক সহায় আগবঢ়োৱ লগতে ৰাছিয়াৰ আগ্ৰাসানক ৰোধ কৰা।
অন্য খবৰ পঢ়কঃ প্ৰেম বিবাহ, জাতি বেলেগ! দৰাৰ ভাতৃৰ সৈতে ভয়ংকৰ কাণ্ড কইনাৰ পিতৃৰ, প্ৰথমে লৈ গ’ল জংঘললৈ আৰু পাছত…