শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ডিগবৈত ডাম্পাৰৰ দৌৰাত্ম্য! প্ৰচণ্ড খুন্দাত থিতাতে মৃত্যু সেনা জোৱানৰ…

এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এজন সেনা জোৱানে। জানিব পৰা মতে, জোৱানজনে কামৰ পৰা কোৱাৰ্টাৰলৈ গৈ থকা অৱস্থাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। য'ত তেওঁৰ প্ৰাণ যায়।

ডিগবৈত ডাম্পাৰৰ দৌৰাত্ম্য! প্ৰচণ্ড খুন্দাত থিতাতে মৃত্যু সেনা জোৱানৰ…
ডাম্পাৰখন
barasha-sarma
Barasha Sarma | Published: 17 Nov 2025 17:49 PM

পুনৰ ডাম্পাৰৰ দৌৰাত্ম্যত প্ৰাণ হেৰুৱাবলগীয়া হয় এজন সেনা জোৱানে। সোমবাৰে (১৭ অক্টোবৰ) দিনৰ ভাগত ডিগবৈত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনা। ডাম্পাৰ আৰু মটৰ চাইকেলৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত এজন লোক থিতাতে নিহত হয়। এই লোকজন ডিগবৈ এন চি চি অফিচত কৰ্মৰত অৰুণাচল প্ৰদেশৰ বাসিন্দা বুলি জানিব পৰা গৈছে। তেওঁ পাৰবোক ৰয়িঙৰ অকেন দাৰিন বুলি চিনাক্ত হৈছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বৰ্তমান ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।

জানিব পৰা মতে, ডিগবৈ আৰক্ষী খানাৰ পৰা মাত্ৰ ২০০ মিটাৰ দূৰত তথা আই অ চিৰ প্ৰশাসনিক ভৱনৰ সমীপত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। তথ্য অনুসৰি, বালিভৰ্তি ট্ৰাকখনৰ নম্বৰ AS23 CC 5455 আৰু ক’লা ৰঙাৰ বুলেটখনৰ নম্বৰ AR11A 5932। হঠাতে এই দুয়োখন বাহনৰ মাজত হোৱা তীব্ৰ সংঘৰ্ষৰ ফলত থিতাতে প্ৰাণ হেৰুৱাই লোকজনে। ঘটনাৰ সময়ত অকেন দাৰিন এন চি চি কাৰ্যালয়ৰ পৰা কোৱাৰ্টাৰলৈ গৈ আছিল, আৰু তেতিয়াই ডাম্পাৰখনৰ সৈতে সংঘৰ্ষ হয়।

এই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ দিয়ে অকেন দাৰিনৰ পৰিয়ালৰ লোকক। ইফালে আৰক্ষীয়ে আটক কৰিছে ডাম্পাৰ চালক ৰিকি দাসক। ডাম্পাৰখনৰগৰাকী মাৰ্ঘেৰিটাৰ বিনু দত্ত বুলি জানিব পৰা গৈছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

 

 

অন্য খবৰ পঢ়কঃ ৪ দিন আগত কৰিছিল মাৰপিট! পত্নীয়ে ঘৰৰ ভিতৰত আৱদ্ধ কৰিলে স্বামীক আৰু পাছত এক ভয়ংকৰ কাণ্ড…