পাকঘৰৰ এইসমূহ সামগ্ৰী কেতিয়াও দিব নালাগে ওচৰ চুবুৰীয়াক!

17 Nov 2025

TV9 ASSAM

ওচৰ-চুবুৰীয়াৰ সৈতে প্ৰায়ে আমি কিছুমান সৰু সৰু বস্তুৰ বিনিময় কৰোঁ। কিন্তু বাস্তু আৰু জ্যোতিষ শাস্ত্ৰ মতে আমি চুবুৰীয়াক কিছুমান বস্তু কেতিয়াও দিব নালাগে।

বিনিময়

বাস্তু মতে পাকঘৰত ৰখা কিছুমান বিশেষ বস্তু আপোনাৰ লগতে ঘৰৰ সৌভাগ্য, সুখ-শান্তিৰ সৈতে জড়িত। গতিকে সেইবোৰ দান কৰিব নালাগে। এই বিষয়ে জানো আহক।

বাস্তুৰ নিয়ম

বাস্তু শাস্ত্ৰ মতে কেতিয়াও কাকো নিমখ দিব নালাগে। জ্যোতিষত নিমখ ৰাহুৰ লগত জড়িত হৈ থাকে আৰু সেয়ে নিমখ দিলে ৰাহুৰ ক্ৰোধৰ সন্মুখীন হ’ব পাৰে।

নিমখ

জ্যোতিষত মিঠাতেল শনি গ্ৰহৰ সৈতে জড়িত। গতিকে শনিৰ ক্ৰোধৰ পৰা হাত সাৰিবলৈ চুবুৰীয়াক কেতিয়াও মিঠাতেল দিব নালাগে।

মিঠাতেল

ধন আৰু বস্তুগত সুখৰ কাৰক শুক্ৰ গ্ৰহৰ লগত চাউলৰ সম্পৰ্ক আছে। গতিকে চুবুৰীয়াক চাউল দিলে শুক্ৰ দোষ হ’ব পাৰে। সেয়ে  কোনো লোককে চাউল নিদিব।

চাউল

জ্যোতিষ মতে হালধি বৃহস্পতি গ্ৰহৰ সৈতে জড়িত। হালধি দান কৰিলে বৃহস্পতি গ্ৰহৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰে, যাৰ ফলত ঘৰত ধনৰ অভাৱ হয়।

হালধি

পঢ়িবলৈ ক্লিক কৰক 

পথত এইসমূহ সামগ্রী পালে সলনি হ'ব ভাগ্য