শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
GMC ৰ নতুন আয়ুক্তৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিলে ACS চিন্ময় প্ৰকাশ ফুকনে...

GMC ৰ নতুন আয়ুক্তৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিলে ACS চিন্ময় প্ৰকাশ ফুকনে…

barasha-sarma
Barasha Sarma | Published: 17 Nov 2025 16:55 PM

GMC ৰ নতুন আয়ুক্তৰূপে দায়িত্বভাৰ গ্ৰহণ ACS চিন্ময় প্ৰকাশ ফুকনৰ। সোমবাৰে দায়িত্বভাৰ গ্ৰহণ কৰি তেওঁ সংবাদমাধ্যমক সম্বোধন কৰে। এই সময়চোৱাত তেওঁ গুৱাহাটীৰ উন্নয়নৰ লগতে বিভিন্ন দিশৰ ওপৰত মত প্ৰকাশ কৰে।

সোমবাৰে গুৱাহাটী পৌৰ নিগমৰ নতুন আয়ুক্তৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিলে ACS চিন্মই প্ৰকাশ ফুকনে। দায়িত্ব গ্ৰহণ কৰিয়ে তেওঁ গুৱাহাটীবাসীৰ সমস্যাসমূহ সমাধানৰ বাবে সকলো ধৰণৰ চেষ্টা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। দায়িত্ব গ্ৰহণ  কৰাৰ পাছতে তেওঁ আজি সংবাদ মাধ্যমক সম্বোধন কৰি বিভিন্ন দিশৰ ওপৰত মত ব্যক্ত কৰে। তেওঁ গুৱাহাটীৰ উন্নয়ন সন্দৰ্ভত ল’বলগীয়া পদক্ষেপ সন্দৰ্ভতো মত প্ৰকাশ কৰে।

ACS চিন্মই প্ৰকাশ ফুকনে কয় যে, ৰাইজে মোক কাৰ্যালয়ত নহয় ৰাইজৰ মাজতে বেছিকৈ লগ পাব। কৃত্ৰিম বান, খোৱা পানীকে ধৰি গুৱাহাটীৰ সকলো সমস্যা তাৎক্ষণিক সমাধান কৰাৰ বাবে চেষ্টা চলোৱাৰ সংকল্প নতুন আয়ুক্তগৰাকীৰ।এই শুভ ক্ষণত গুৱাহাটী পৌৰ নিগমৰ নতুন আয়ুক্তগৰাকীক বিভিন্নজনে শুভকামনা প্ৰদান কৰিছে।

সবিশেষৰ বাবে চাওক ভিডিঅ’…