শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
২ মাহ ধৰি দিব পৰা নাই কলেজৰ মাচুল! কৰিশ্মাৰ সন্তান কাষ চাপিল আদালতৰ...

২ মাহ ধৰি দিব পৰা নাই কলেজৰ মাচুল! কৰিশ্মাৰ সন্তান কাষ চাপিল আদালতৰ…

barasha-sarma
Barasha Sarma | Published: 17 Nov 2025 20:20 PM

Karishma Kapoor: প্ৰাক্তন স্বামী সঞ্জয় কাপুৰৰ মৃত্যুৰ পাছতে চৰ্চাত আছে কৰিশ্মা কাপুৰ। পিছে অন্য কাৰণক লৈ নহয়, সম্পত্তিৰ বাবে। শেহতীয়াকৈ কৰিশ্মাৰ দুই সন্তানে সম্পত্তিৰ দাবী কৰিছে।

আৰ্থিক সকাহ বিচাৰি আদালতৰ কাষ চাপিছে কৰিশ্মা কাপুৰৰ সন্তান। অভিনেত্ৰীগৰাকীৰ প্ৰাক্তন স্বামীৰ মৃত্যুৰ পাছতে সম্পত্তিৰ বিবাদৰ মাজত সোমাই পৰিছে কৰিশ্মা কাপুৰ। শেহতীয়াকৈ কৰিশ্মাৰ দুই সন্তান কাষ চাপিছি দিল্লী উচ্চ ন্য়ায়ালয়ৰ। তেওঁলোকে এই আবেদনৰ জৰিয়তে পিতৃৰ সম্পত্তি দাবী কৰে।

ইমানেই নহয়, তেওঁলোকে আদালতত কয় যে, টকাৰ অভাৱৰ বাবে তেওঁলোকে যোৱা দুমাহ কলেজত মাচুল দিব পৰা নাই। এই কথা শুনি ক্ষোভিত হৈ পৰে ন্যায়াধীশ। কৰিশ্মাৰ দুই সন্তানে আবেদনত আৰ্থিক সংকটৰ কথা উল্লেখ কৰা দেখি আচৰিত হৈ পৰে ন্যায়াধীশ।

উল্লেখ্য যে, কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী সঞ্জয় কাপুৰে তেওঁৰ সম্পত্তিৰ মূল হিতাধিকাৰী হিচাপে তৃতীয় পত্নী প্ৰিয়া কাপুৰৰ নাম উল্লেখ কৰি গৈছে। কিন্তু এই কথা মানি লব পৰা নাই কৰিশ্মা আৰু তেওঁৰ সন্তানে।

সবিশেষৰ বাবে চাওক ভিডিঅ’…