17 Nov 2025
TV9 ASSAM
মানুহে বহু খাদ্য বাৰে বাৰে গৰম কৰি খাই থাকে। কিন্তু কিছুমান খাদ্য দ্বিতীয়বাৰ গৰম কৰি খোৱা ভাল নহয়। ইয়াৰ ফলত বিভিন্ন স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে।
চিকেনত প্ৰটিন থাকে। কিন্তু বাৰে বাৰে গৰম কৰি খালে ইয়াৰ প্ৰ'টিন কম হৈ যায়। ইয়াৰ ফলত পাচনতন্ত্ৰৰ লগত জড়িত সমস্যা হ'ব পাৰে। যাৰ ফলত গেছ, এচিডিটি হ'ব পাৰে।
আলুত ষ্টাৰ্চ থাকে। যাৰ বাবে আলুৰ দ্বাৰা প্ৰস্তুত কৰা যিকোনো খাদ্য পুনৰবাৰ গৰম কৰি খাব নালাগে। এনে কৰিলে ক্ষতিকাৰক বেক্টেৰিয়া সৃষ্টি হ'ব পাৰে। ই ফুড পইজনিঙৰ কাৰণ হ'ব পাৰে।
পালেং শাকত নাইট্ৰেটছ থাকে। পালেং দ্বিতীয়বাৰ গৰম কৰি খাব নালাগে। এনে কৰিলে ই নাইট্ৰাইটলৈ সলনি হ'ব পাৰে। ইয়াৰ ফলত হজমৰ লগতে বিভিন্ন সমস্যা হ'ব পাৰে।
কণীত প্ৰটিনৰ মাত্ৰা অধিক থাকে। যাৰ বাবে ইয়াক বাৰে বাৰে গৰম কৰি খাব নালাগে। এনে কৰিলে প্ৰটিন ভাঙি টক্সিক কমাউণ্ডৰ সৃষ্টি হয়। যিয়ে পাচনত সমস্যা কৰে।
মাশ্বৰুমত প্ৰটিন আৰু এঞ্জাইম থাকে। যাৰ বাবে ইয়াক দ্বিতীয়বাৰ গৰম কৰি খাব নালাগে। এনে কৰিলে ই বিষাক্ত পদাৰ্থলৈ ৰূপান্তৰিত হ'ব পাৰে। ইয়াৰ ফলত পেটৰ লগত জড়িত সমস্যা হ'ব পাৰে।
ভাত বনাই বহু সময় থৈ দিলে তাত বেচিলছ চেৰেচ নামৰ এবিধ বেক্টেৰিয়াৰ সৃষ্টি হয়। গতিকে চাউল গৰম কৰি খাব নালাগে। ইয়াৰোপৰি ভজা-পোৰা বস্তু বাৰে বাৰে গৰম কৰি খাব নালাগে।
পঢ়িবলৈ ক্লিক কৰক