শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দায়িত্ব স্বীকাৰ আলফা (স্বা)ৰ, নিশা কাকপথাৰৰ সেনা ছাউনীত চলাইছিল প্ৰতিশোধমূল আক্ৰমণ…

নিশা কাকপথাৰত সংঘটিত আক্ৰমণৰ ঘটনাৰ দায়িত্ব স্বীকাৰ আলফা (স্বা)ৰ। উল্লেখ্য যে, নিশা সেনা ছাউনীত হোৱা আক্ৰমণৰ ফলত ৩ গৰাকী সেনা জোৱান আঘাতপ্ৰাপ্ত হৈছে।

দায়িত্ব স্বীকাৰ আলফা (স্বা)ৰ, নিশা কাকপথাৰৰ সেনা ছাউনীত চলাইছিল প্ৰতিশোধমূল আক্ৰমণ…
কাকপথাৰ
barasha-sarma
Barasha Sarma | Updated On: 17 Oct 2025 13:02 PM

তিনিচুকীয়া জিলাৰ কাকপথাৰস্থিত সেনা ছাউনিত আক্ৰমণৰ দায়িত্ব স্বীকাৰ আলফা (স্বা)ৰ। ১৭ অক্টোবৰত এক প্ৰেছ বিবৃতিৰ যোগে সংগঠনটোৱে জনাই যে, ১৭ অক্টোবৰৰ দিনা প্ৰায় ০০.৪০ বজাত আলফা (স্বা)য়ে কাকপথাৰস্থিত সেনা ছাউনিত আক্ৰমণ চলায়। এই আক্ৰমণত সংগঠনটোৱে ‘অভিযান প্ৰতিশোধ’ নামেৰে নামকৰণ কৰে। কিছুদিন পূৰ্বে আলফা (স্বা)ৰ শিবিৰত ভয়ংকৰ আক্ৰমণ চলিছিল। য’ত কেইবাজনো সদস্যৰ মৃত্যু হৈছিল। সেই আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে আলফা (স্বা)য়ে এই পদক্ষেপ গ্ৰহণ কৰে।

নিশা চলা এই আক্ৰমণত প্ৰায় ৩ জন সেনা জোৱান আহত হোৱা বুলি খবৰ পোৱা গৈছে। জানিব পৰা মতে, গুলী আৰু গ্ৰেণেড বিস্ফোৰণ সংঘটিত কৰে আলফা (স্বা)ৰ দলটোয়ে। ট্ৰাকত আহি এই আক্ৰমণ সংঘটিত কৰিছিল বুলি কোৱা হৈছে। এই ট্ৰাকখন ইতিমধ্যে আৰক্ষীয়ে অৰুণাচল প্ৰদেশৰ টেঙাপানীত উদ্ধাৰ কৰিছে । এই কাণ্ডই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিশা গুলী, গ্ৰেণেডৰ শব্দই কপাই তোলে কাকপথাৰ। এই ঘটনাৰ পাছতে ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।

উল্লেখ্য যে, যোৱা জুলাই মাহত নাগালেণ্ড আৰু ম্যানমাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত লংৱাৰ পৰা অৰুণাচল-ম্যানমাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাংচ’পাছলৈকে আলফা স্বাধীন, আৰ পি এফ/ পি এল এৰ বিভিন্ন শিবিৰত ভয়ংকৰ ড্ৰোন আক্ৰমণ সংঘটিত হৈছিল। য’ত মৃত্যু হৈছিল আলফা(স্বা)ৰ লেফটেনেণ্ট জেনেৰেল নয়ন অসমসহ গণেশ অসম আৰু প্ৰদীপ অসমৰ। পৰৱৰ্তী সময়ত আলফ (স্বা)ই স্বীকাৰ কৰিছিল যে এই আক্ৰমণত ৩ সদস্যৰ মৃত্যু আৰু ১৯ গৰাকী আহত হয়। সেই আক্ৰমণৰে আজি প্ৰতিশোধ লয় আলফা (স্বা)য়ে।

 

অন্য খবৰ পঢ়কঃ কাকপথাৰ সেনা ছাউনীত গুলী আৰু গ্ৰেনেড বিস্ফোৰণৰ ঘটনা, ২৪ ঘন্টাত ২টাকৈ আক্ৰমণ…