কাকপথাৰ সেনা ছাউনীত গুলী আৰু গ্ৰেনেড বিস্ফোৰণৰ ঘটনা, ২৪ ঘন্টাত ২টাকৈ আক্ৰমণ…
নিশা কাকপথাৰত সংঘটিত হয় ভয়ংকৰ ঘটনা। সেনা ছাউনীলৈ লক্ষ্য কৰি গুলী আৰু গ্ৰেনেড নিক্ষেপ কৰে দুস্কৃতিকাৰীয়ে। প্ৰাৰম্ভিক অৱস্থাত এয়া আলফা (স্বা)ৰ কাণ্ড বুলি সন্দেহ কৰা হৈছে।

কাকপথৰাত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড। বৃহস্পতিবাৰে নিশা প্ৰচণ্ড গুলী, গ্ৰেণেড বিস্ফোৰণে কপাই তোলে সমগ্ৰ কাকপথাৰ। নিশা প্ৰায় ১২ মান বজাত এই ঘটনা সংঘটিত হয়। কাকপথাৰ সেনা ছাউনীৰ সমীপত প্ৰায় ১ ঘন্টা ধৰি প্ৰচণ্ড গুলী আৰু গ্ৰেনেডৰ শব্দ শুনা যায়। যাৰ পাছতে আতংকিত হৈ পৰে সমগ্ৰ কাকপথাৰবাসী।
তথ্য অনুসৰি, তিনিচুকীয়াৰ কাকপথাৰ সেনা ছাউনীলৈ লক্ষ্য কৰি এই গ্ৰেনেড নিক্ষেপ কৰে কোনোয়ে। সন্দেহ অনুসৰি আলফা (স্বা)ৰ সদস্যই এই কাণ্ড সংঘটিত কৰিছে। অৱশ্যে বাতৰি লিখি থকাৰ পৰলৈকে আলফা (স্বা)এ এই কথাৰ দায়িত্ব স্বীকাৰ কৰা নাই। ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।
অঞ্চলটোৰ বিশেষ একো ক্ষয়-ক্ষতি হোৱা নাই যদিও তিনিগৰাকী ভাৰতীয় সেনা জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত আৰক্ষী, সেনাই তদন্ত আৰম্ভ কৰিছে। সেই ঠাইলৈ অন্য লোকৰ প্ৰৱেশত বাধা আৰোপ কৰিছে আৰক্ষী, সেনাই। খবৰ অনুসৰি, ট্ৰাকত অহা এদল দুষ্কৃতিকাৰীয়ে এই ঘটনা সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে। ইতিমধ্যে আৰক্ষীয়ে অৰুণাচল প্ৰদেশৰ টেঙাপানীত উদ্ধাৰ কৰিছে দুষ্কৃতিকাৰীয়ে ব্যৱহাৰ কৰা ট্ৰাকখন।
ইয়াৰ পূৰ্বে অৰুণাচলৰ চাংলাং অঞ্চলৰ সেনাৰ ছাউনীটো ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হয়। আছাম ৰাইফলৰ শিবিৰত বিদ্ৰোহী সংগঠনৰ প্ৰায় ৪৫ জনীয়া দলে আক্ৰমণ চলাইছিল। য’ত ৪ জন সেনা জোৱাত আঘাতপ্ৰাপ্ত হয়, ইয়াৰে দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। এই কাণ্ড আলফা (স্বা) আৰু এন এছ চি এন (কে-য়াই এ) সংঘটিত কৰা বুলি সন্দেহ কৰা হৈছে। ২৪ ঘন্টাত হোৱা এই দুটা আক্ৰমণে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
অন্য খবৰ পঢ়কঃ ৰাজ্যিক কৰ্মচাৰীৰ DA বৃদ্ধিৰ পৰা সত্ৰ সুৰক্ষালৈ, কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ…