শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Assam Cabinet: ৰাজ্যিক কৰ্মচাৰীৰ DA বৃদ্ধিৰ পৰা সত্ৰ সুৰক্ষালৈ, কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ…

Assam Cabinet Decision: বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা অসম কেবিনেট বৈঠকত চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। ৰাজ্যিক কৰ্মচাৰীৰ পৰা সত্ৰলৈ এইসমূহ সিদ্ধান্ত।

Assam Cabinet: ৰাজ্যিক কৰ্মচাৰীৰ DA বৃদ্ধিৰ পৰা সত্ৰ সুৰক্ষালৈ, কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ…
অসম কেবিনেটৰ সিদ্ধান্তImage Credit source: Facebook (himanta biswa sarma)
barasha-sarma
Barasha Sarma | Updated On: 17 Oct 2025 07:26 AM

বৃহস্পতিবাৰ (১৬ অক্টোবৰ)এ অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি এই সন্দৰ্ভত সবিশেষ জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ তলত উল্লেখ কৰা হল-

বর্ধিত মৰগীয়া বানচ/সাহায্য প্রদানঃ

  • কেবিনেটে ১ জুলাই ২০২৫ৰ সংশোধিত হাৰত কৰ্মৰত আৰু অৱসৰপ্ৰাপ্ত ৰাজ্যিক কর্মচাৰি আৰু পেঞ্চনাৰসকলক মৰগীয়া বানচ/মৰণীয়া সাহায্য প্রদানত অনুমোদন জনাইছে।
  • অক্টোবৰ মাহৰ ৫৮% সংশোধিত মৰগীয়া বানচ/মৰগীয়া সাহায্য ২০২৫ চনৰ নবেম্বৰৰ পৰা পৰিশোধ কৰা হ’ব আৰু জুলাইৰ পৰা তিনি মাহৰ বকেয়া সমান কিস্তিত পৰিশোধ কৰা হ’ব।

 

ৰাজ্যিক ৰাজহুৱা প্ৰতিষ্ঠানৰ বাবে এক নতুন পৰিসৰ

  • ৰাজ্যিক ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানসমূহে তেওঁলোকৰ কাৰ্যালয় স্থাপন কৰাৰ বাবে কেবিনেটে গুৱাহাটীৰ উলুবাৰীত এক পৰিসৰ নিৰ্মাণত অনুমোদন জনাইছে

এম’নিয়া-ইউৰিয়া পৰিসৰত বিনিয়োগ বৃদ্ধি

  • নামৰূপ সাৰ কাৰখানাৰ এম’নিয়া-ইউৰিয়া পৰিসৰৰ কাম কৰি থকা ‘আছাম ভেলী ফার্টিলাইজান এন্ড কেমিকেল কোম্পানী লিমিটেড’ত অসম চৰকাৰৰ ১,২৭২.০৯ কোটি টকাৰ ইকুইটি বিনিয়োগত কেবিনেটৰ অনুমোদন।

অসমৰ যুৱ সবলীকৰণ

  • হাজো, মাজুলী আৰু টিংখাঙত এখন নতুন পলিটেকনিক নির্মাণৰ বাবে ১৫০ কোটি টকাৰ সংশোধিত প্রশাসনিক অনুমোদনত কেবিনেটে মঞ্জুৰি জনাইছে

মহিলা আৰু শিশুৰ বিকাশ সুনিশ্চিতকৰণ

  • মহিলাসকলক কেৰিয়াৰ গঢ়ি তুলিবলৈ আৰু শিশুসকলৰ বাবে উচ্চমানৰ দৈনিক পৰিচৰ্যাৰ সুবিধা প্রদান কৰিবলৈ কেবিনেটে অসমৰ ২০০টা অংগনবাড়ী কেন্দ্র-তথা-ক্রেচত নিযুক্ত হ’বলগীয়া ২০০গৰাকী ক্রেক কর্মী আৰু ২০০ গৰাকী ক্রেচ সহায়কৰ বাছনি আৰু সেৱাৰ চর্তাবলীত অনুমোদন জনাইছে।
  • কেবিনেটে মহিলা আৰু শিশু বিকাশ বিভাগৰ প্রশিক্ষণ আৰু গৱেষণাৰ প্রয়োজনীয়তা পুৰণ কৰিবলৈ অসম মহিলা আৰু শিশু বিকাশ প্রতিষ্ঠান (এ আই টি আব ডব্লিউ চি ডি) স্থাপনৰ বাবে অনুমোদন জনাইছে।

লক্ষ্য: দক্ষতাপূর্ণ অসমৰ মানৱ সম্পদ

  • কেবিনেটে কার্যকৰী প্রত্যাহ্বান দূৰ কৰিবলৈ সংশোধিত চি এম-ফ্লাইট কার্যসূচীত অনুমোদন জনাইছে। ইয়াৰ জৰিয়তে ১৮০জন প্রার্থীৰ সৈতে পাইলট প্রকল্পটো ৰূপায়ণৰ লগতে প্রার্থীসকলক আর্থিক সাহায্য প্রদান কৰা হ’ব।
  • কেবিনেটে লগতে এডভান্টেজ আছাম ২.০ৰ সফলতাৰ পটভূমিত অসমৰ বিশ্বব্যাপী উচ্চাকাংক্ষা পূৰণ কৰাৰ বাবে চৰকাৰী বিষয়াসকলক প্রশিক্ষণ দিয়াৰ বাবে চি. এম-গ্লোবেল কার্যসূচীত অনুমোদন জনাইছে।

২০২৫-২৬ বৰ্ষৰ বাবে নিযুত মইনা আঁচনিৰ অনুমোদন

  • কেবিনেটে ধাৰাবাহিকতা ৰক্ষা কৰি ২০২৫-২৬ বর্ষত নিযুত মইনা আঁচনিৰ বাবে প্রায় ২৫৫ কোটি টকাৰ বিত্তীয় সাহায্যৰ অনুমোদন জনাইছে।

অসমৰ গৌৰৱোজ্জ্বল ঐতিহ্য সংৰক্ষণ

কেবিনেটে পবিত্র ঐতিহ্যমূলক সত্ৰসমূহৰ সুৰক্ষা, সাংস্কৃতিক আৰু অর্থনৈতিক সম্ভাৱনীয়তাৰ প্ৰচাৰ আৰু প্ৰজন্মৰ বাবে ঐতিহ্য সংৰক্ষণ সুনিশ্চিত কৰাৰ বাবে ‘অসম সত্ৰ সংৰক্ষণ আৰু উন্নয়ন আয়োগ বিধেয়ক, ২০২৫’ত অনুমোদন জনাইছে।

 

অন্য খবৰ পঢ়কঃ ঝুমইৰ বিনন্দিনীত অংশ লোৱা প্ৰায় ৮০০০ শিল্পীয়ে লাভ কৰিলে ২৫,০০০কৈ টকা…