ঘৰে ঘৰে লক্ষ্মী দেৱীক আৰাধনা, পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ
আজি লক্ষ্মী পূজা। দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। ৰাজ্যিক কেবিনেট বৈঠকৰ পৰা নোবেল বঁটা ঘোষণালৈকে চাওক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।

দিনটোৰ শীৰ্ষ খবৰ
আজি ৬ অক্টোবৰ, সোমবাৰ। আজি লক্ষ্মী পূজা। ঘৰে ঘৰে আৰাধনা লক্ষ্মী দেৱীক। ইয়াৰ লগতে বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। অসম চৰকাৰৰ কেবিনেট বৈঠকৰ পৰা নোবেল বঁটা ঘোষণালৈকে চাওক দিনটোৰ শীৰ্ষ খবৰ।
দিনটোৰ শীৰ্ষ খবৰ
- আজি ধন আৰু ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা। ঘৰে ঘৰে আৰাধনা লক্ষ্মী দেৱীক। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাজহুৱাভাৱেও আয়োজন কৰা হৈছে লক্ষ্মী পূজা। সকলোৱেই আৰ্থিক উন্নতিৰ বাবে প্ৰাৰ্থনা জনাইছে লক্ষ্মী দেৱীক।
- আজি অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। ৰাজ্যিক কৰ্মচাৰীৰ বাবে ইউপিএছত অনুমোদনৰ পৰা অৰুণোদয় ৩ আৰু স্বাস্থ্য সেৱাৰ বাবে পুঁজি আৱণ্টনলৈকে কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ অসম কেবিনেটৰ।
- জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত অব্যাহত ৰাখিছে চিআইডিয়ে। ছিংগাপুৰত শেষ মুহূৰ্তত জুবিন গাৰ্গৰ সৈতে উপস্থিত থকা এজন প্ৰৱাসী অসমীয়াই চিআইডিৰ সৈতে যোগাযোগ কৰা বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰীয়ে। তেওঁ নাম ৰূপকমল কলিতা।
- আজিৰে পৰা আৰম্ভ হ’ল ৰাজ্য চৰকাৰৰ শ্ৰদ্ধাঞ্জলি আঁচনি। এই আঁচনিৰ অধীনত ভাৰতৰ যিকোনো ৰাজ্যত অসম সন্তানৰ মৃত্যু হ’লে মৃতদেহ সন্মানজনক আৰু অসুবিধামুক্তভাৱে অসমলৈ অনাৰ নিশ্চিতকৰণ কৰা হ’ব। ইয়াৰ বাবে ৰাজ্য চৰকাৰে ফোন নম্বৰ মুকলি কৰিছে।
- ওড়িশাৰ পুৰীত উদ্ধাৰ অসমৰ চাৰিগৰাকী আবদ্ধ শ্ৰমিকক। কৰ্মৰ সন্ধানত শ্ৰমিক হিচাপে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ পৰা পুৰীলৈ গৈছিল শ্ৰমিক কেইজন। আটাইকেইজন শ্ৰমিক আবদ্ধ হৈ আছিল পুৰীৰ নিলাপাৰাত।
- ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে দাৰ্জিলিঙত। বৰষুণৰ ফলত হোৱা ভয়ংকৰ ভূমিস্খলনত এইপৰ্যন্ত দাৰ্জিলিঙত শিশু-মহিলাসহ ২০ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। লগতে আহত হৈছে বহু লোক। ভূমিস্খলনৰ ফলত ব্যাপক ক্ষতিসাধনৰ সন্মুখীন হৈছে জিলাখন।
- ভাৰতৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাই সোমবাৰে উচ্চতম ন্যায়ালয়ত আক্ৰমণৰ চেষ্টা এজন অধিবক্তাৰ। যুক্তি-তৰ্কৰ সময়ত অধিবক্তাজনে মঞ্চৰ কাষ চাপি মুখ্য ন্যায়াধীশলৈ জোতা দলিয়াবলৈ চেষ্টা কৰে। অৱশ্যে ক্ষীপ্ৰতাৰে নিৰাপত্তাৰক্ষীয়ে তেওঁক বাধা প্ৰদান কৰাত আক্ৰমণৰ চেষ্টা বিফল হয়। অধিবক্তাজনৰ নাম ৰাকেশ কিশোৰ।
- ৰাজস্থানৰ ৰাজধানী জয়পুৰস্থিত ছাৱাই মান সিং হাস্পতালৰ ট্ৰমা চেণ্টাৰৰ আই চি ইউ ৱাৰ্ডত ভয়ংকৰ অগ্নিকাণ্ড। এই ঘটনাত শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছে ৬ জনকৈ চিকিৎসাধীন অৱস্থাত থকা ৰোগীয়ে। আনহাতে কথমপি প্ৰাণ ৰক্ষা পৰিছে সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা আন কেইজনমান ৰোগীৰ।
- সোমবাৰে ঘোষণা হ’ল ২০২৫ চনৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা। মানৱ সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে তিনিজন ব্যক্তিৰ নাম ঘোষণা কৰা হৈছে। এইবাৰৰ ন’বেল বঁটা প্ৰদান কৰা হ’ব মেৰী ই ব্ৰুংকো, ফ্ৰেড ৰেমছডেল, আৰু শ্বিমল ছাকাগুচিক। কৰ্তৃপক্ষই উল্লেখ কৰা মতে এই তিনিওজনকে ইমিউন টলাৰেন্সৰ সৈতে জড়িত আৱিষ্কাৰৰ বাবে নোবেল বঁটা প্ৰদান কৰা হ’ব।