শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Top9 News: বছৰৰ শেষ দিনটোত অসমৰ ক’ত, কি হ’ল? দিনটোৰ খবৰ…

Top9 News: আজি বছৰৰ শেষ দিন। ইয়াকে লৈ ইতিমধ্যে সকলোৱে প্ৰস্তুতি আৰম্ভ কৰিছে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাজাৰ হাজাৰ মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰে। ইফালে শৰ্মাই চিকেন নেকক লৈ মন্তব্য কৰে।

Top9 News: বছৰৰ শেষ দিনটোত অসমৰ ক’ত, কি হ’ল? দিনটোৰ খবৰ…
হিমন্ত বিশ্ব শৰ্মাImage Credit source: Facebook (himanta biswa sarma)
barasha-sarma
Barasha Sarma | Updated On: 31 Dec 2025 19:02 PM

আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ ৯টা খবৰ তলত উল্লেখ কৰা হ’ল-

১. আজি ২০২৫ ৰ অন্তিম দিন। কিছু সময়ৰ পাছতেই এটা নতুন বছৰক আদৰিব বিশ্ববাসীয়ে। পুৰণিক বিদায় দি নতুনক আদৰাৰ এই সময়ছোৱাত সকলোৰে মনত দেখা গৈছে ব্যাপক আনন্দ উছাহ। সকলোৱে মিলা-প্ৰীতিৰে একগোট হৈ নতুন বছৰক আদৰাৰ বাবে সাজু হোৱা পৰিলক্ষিত হৈছে।

২. ২০২৬ ৰ নিৰ্বাচনৰ পূৰ্বে প্ৰকাশ হ’ল খচৰা ভোটাৰ তালিকা। খচৰা ভোটাৰ তালিকাৰ তথ্য অনুসৰি ৰাজ্যত এইবাৰ ভোটাৰৰ মুঠ সংখ্যা হৈছে ২ কোটি ৫২ লাখ ০১ হেজাৰ ৬২৪ গৰাকী। খচৰাখনত মুঠ ১কোটি ২৫লাখ ৭২ হাজাৰ ৫৮৩জন পুৰুষ ভোটাৰ আৰু ১ কোটি ২৬ লাখ ২৮ হাজাৰ ৬৬২গৰাকী মহিলা ভোটাৰ আছে। তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ৩৭৯ গৰাকী।

৩. কাৰ্বি আংলঙত নৃশংস ঘটনা। ডাইনীৰ সন্দেহত জীৱন্তে জ্বলাই দিয়া হ’ল দম্পতীক। জানিব পৰা মতে প্ৰথমে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি তাৰ পাছত জ্বলাই দিয়া হয় জনগোষ্ঠীয় দম্পতীক। ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

৪. তামুলপুৰৰ খৈৰাণীত শোকাৱহ ঘটনা। বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে দুজনকৈ লোকে। ইয়াৰে এজন কুমাৰীকাটা বন সংমণ্ডলৰ বনকৰ্মী সঞ্জু ইছলাৰী। হাতীৰ জাকক খেদি পঠিওৱাৰ সময়তেই অনাকাংক্ষিত ঘটনাটো সংঘটিত হয়। মৃত আনজন হৈছে তপন তিমচীনা।

৫. অসমত বংগমূলীয় মুছলমানৰ জনসংখ্যা বৃদ্ধি তথা চিকেন নেকৰ আশে-পাশে বসবাস কৰা জনসাধাৰণক লৈ চিন্তিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেওঁ কয় যে চিকেন নেক কৰিড’ৰৰ আশে-পাশে থকা অঞ্চলসমূহত বাংলাদেশৰ সৈতে ঘনিষ্ঠ সাংস্কৃতিক আৰু পাৰিবাৰিক সম্পৰ্ক থকা লোকসকলে বাস কৰে। যিকোনো মুহূৰ্তত তেওঁলোকে বাংলাদেশৰ সৈতে হাত মিলোৱাৰ শংকা প্ৰকাশ মুখ্যমন্ত্ৰীৰ।

৬. আজি আমবাৰীৰ অগপ কাৰ্যালয়ত অনুষ্ঠিত হয় দলটোৰ এক বিশেষ বৈঠক। ২০২৬ চনটো দলৰ বাবে গুৰুত্বপূৰ্ণ বুলি মন্তব্য অগপ নেতৃত্বৰ। শেহতীয়াকৈ অনুষ্ঠিত দিক নিৰ্ণায়ক বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ কাৰ্যকৰী কৰাৰ লক্ষ্য অব্যাহত আছে অগপৰ। ঘৰে ঘৰে সংস্থাপন, ঘৰে ঘৰে উপাৰ্জন শীৰ্ষক কাৰ্যসূচী গ্ৰহণ কৰাৰ কথাও ঘোষণা কৰে দলটোৱে।

৭. আজি বকোত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰে হিমন্ত বিশ্ব শৰ্মাই। বকোৰ গান্ধী মৈদানত ৩৩,৮৬১ গৰাকী মহিলাক চেক বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ পৰা চেক ল’বলৈ পুৱাৰে পৰাই সমবেত হয় মহিলাসকল। এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে আন কেবাগৰাকী নেতা-মন্ত্ৰী উপস্থিত থাকে।

৮. শংকৰ-আজানৰ অসম বিতৰ্কক লৈ মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ। তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে মনোযোগেৰে অসমৰ বুৰঞ্জী অধ্যয়ন কৰা প্ৰয়োজন। অসমৰ সমাজ জীৱনৰ সম্প্ৰীতিক বিঘ্নিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সত্যৰ অপ্ৰলাপ কৰিছে বুলিও কটাক্ষ কৰে লুৰীণজ্যোতি গগৈয়ে। মুখ্যমন্ত্ৰীয়ে এইখন শংকৰ-মাধৱৰ অসম আৰু আজান ফকীৰৰ কেতিয়াও শংকৰদেৱৰ সৈতে লগ হোৱা নাছিল বুলি মন্তব্য কৰিছিল।

৯. হাইলাকান্দিত অসম আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ য়াবা টেবলেট। কাটলিছেৰা আৰক্ষীয়ে দুজন যুৱকৰ পৰা জব্দ কৰে টেবলেটখিনি। এই সন্দৰ্ভত আটক কৰা হৈছে বুৰান উদ্দিন লস্কৰ আৰু জিয়াবুল হক তালুকদাৰক। জব্দকৃত টেবলেটখিনিৰ মূল্য প্ৰায় ২৮ লাখ টকা বুলি অনুমান কৰিছে আৰক্ষীয়ে।

 

অন্য খবৰ পঢ়কঃ বছৰৰ শেষত চৰকাৰী কৰ্মচাৰীৰ বাবে বেয়া খবৰ! এইসকলে লাভ নকৰে গ্ৰেটুইটি…