নাম সলনি! ড০ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰৰ নতুন নাম ‘সমন্বয় তীৰ্থ’…
এবছৰীয়া কাৰ্যসূচীৰে ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী আয়োজন কৰিছে চৰকাৰে। ইয়াৰ মাজতে হাজৰিকাৰ সমাধি ক্ষেত্ৰৰ নাম সলনি কৰে চৰকাৰে। এতিয়াৰ পৰা নতুন নাম সমন্বয় তীৰ্থ।

আজি বৰেণ্য শিল্পী ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ওপজা দিন। মহান শিল্পীগৰাকীৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অসম চৰকাৰে আজিৰ পৰা বছৰজোৰা কাৰ্যসূচীৰে ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী পালন কৰিব। ইয়াৰ মাজতে চৰকাৰে গ্ৰহণ কৰে এক ডাঙৰ সিদ্ধান্ত। সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰৰ নাম সলনি কৰিলে চৰকাৰে। এতিয়াৰ পৰা সমাধি ক্ষেত্ৰখনক ‘সমন্বয় তীৰ্থ’ হিচাপে জনা যাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰে।
হাজৰিকাৰ জন্মতিথি উপলক্ষে আজি চৰকাৰৰ উদ্যোগত সমাধিস্থলীত এক বিশেষ অনুষ্ঠানৰ আয়োজন হয়। য’ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, মন্ত্ৰী বিমল বৰাকে ধৰি বহু কেইজন বিশিষ্ট লোক উপস্থিত থাকে। এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী শৰ্মাই বিভিন্ন দিশৰ ওপৰত মন্তব্য প্ৰদান কৰে।
তেওঁ কয় যে, হাজৰিকাক স্মৰণ কৰিলে সহানুভূতি, আস্থা, প্ৰতিবাদ আদি সকলো পোৱা যায়। হাজৰিকাদেৱৰ গীত মনোৰঞ্জনৰ বাবে নহয়, সেইবোৰ গান আছিল প্ৰতিবাদৰ। এই সময়চোৱাত মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীকো কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হাজৰিকাদেৱৰ জন্মতিথি উপলক্ষে এটা টোকা লিখিছে। যাৰ বাবে তেওঁক ধন্যবাদ।
ইয়াৰোপৰি ১৩ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত হাজৰিকাক স্মৰণ কৰা হ’ব বুলি শৰ্মাই কয়। তেওঁ কয় যে, প্ৰধানমন্ত্ৰীয়ে অংশ গ্ৰহণ কৰা সভাতেই ভূপেন হাজৰিকাৰ নামত প্ৰস্তুত কৰা মুদ্ৰা এটা মুকলি কৰা হ’ব। এই সময়ত এখন গ্ৰন্থও উন্মোচন কৰ হ’ব। ২০ লাখ পৰিয়ালক সেই গ্ৰন্থখন প্ৰদান কৰা হ’ব। ৰাইজকো হাজৰিকাৰ জন্ম শতবাৰ্ষিকী পালন কৰিবলৈ আহ্বান জনাই শৰ্মাই। লগতে কয় যে, ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি তেওঁৰ সমাধি ক্ষেত্ৰখনক ‘সমন্বয় তীৰ্থ’ নামেৰে নামকৰণ কৰা হৈছে।
উল্লেখ্য যে, ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে চৰকাৰে বিভিন্ন পদক্ষেপ হাতত লৈছিল। কিছুদিন পূৰ্বে ডিব্ৰুগড় বিমান বন্দৰ ড০ ভূপেন হাজৰিকাৰ নামত উৎসৰ্গা কৰাৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে। ইয়াৰোপৰি দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচী আয়োজন কৰাৰ কথা হৈছিল। শৰ্মাই কৈছিল যে, বানাৰস হিন্দু বিশ্ব বিদ্যালয়ৰ লগত হাজৰিকা প্ৰত্যক্ষভাবে জড়িত আছিল। তেওঁৰ বাবে এই বিশ্ববিদ্যালয়ত এখন আসন ৰখাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এনেস্থলত আজিৰ পৰা আগন্তুক এবছৰলৈ হাজৰিকাৰ জন্মজয়ন্তী পালন কৰিবলৈ সাজু হৈছে চৰকাৰ। উল্লেখ্য যে, শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব ভাৰতৰ ৰাষ্ট্ৰপতিয়ে।
অন্য খবৰ পঢ়কঃ ডিব্ৰুগড় বিমান বন্দৰক ড০ ভূপেন হাজৰিকাৰ নামেৰে নামকৰণ, সুধাকণ্ঠ সন্দৰ্ভত কি কি সিদ্ধান্ত ল’লে চৰকাৰে,..