শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

৯৩ বছৰ পুৰণি নামভৰ্তিৰ পঞ্জী, য’ত আছে ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ নাম…

আজি সমগ্ৰ ৰাজ্যই পালন কৰিছে ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী। ইয়াৰ মাজতে পোহৰলৈ আহিছে এখন বিদ্যালয়ৰ নামভৰ্তিৰ তথ্য, য'ত ভূপেন হাজৰিকাৰ নাম দেখিবলৈ পোৱা গৈছে।

৯৩ বছৰ পুৰণি নামভৰ্তিৰ পঞ্জী, য’ত আছে ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ নাম…
ভূপেন হাজৰিকা
barasha-sarma
Barasha Sarma | Published: 08 Sep 2025 19:13 PM

আজি বৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ জন্মতিথি। এই উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাজৰিকাৰ শতবাৰ্ষিকী অনুষ্ঠানৰ আয়োজন কৰা হয়। অসম চৰকাৰে আজিৰ পৰা এবছৰীয়া কাৰ্যসূচীৰে হাজৰিকাৰ শতবাৰ্ষিকী আয়োজন কৰিছে। ৰাজ্য়ৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়, অনুষ্ঠান আদিৰ লগতে আজি শ্ৰদ্ধাৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ধুবুৰীৰ এখন বিদ্যালয়ে। ১৮৭৯ চনত স্থাপিত অসমৰ অন্যতম পুৰণি শিক্ষানুষ্ঠান ধুবুৰী চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়। এই বিদ্যালয়খনে এক বিশেষ অনুষ্ঠানৰ যোগেদি হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জনাই তেওঁক স্মৰণ কৰে।

ইয়াৰোপৰি এই অনুষ্ঠানতে বিদ্যালয়খনে ১৯৩২ চনৰ এখন নামভৰ্তি পঞ্জী প্ৰদৰ্শন কৰে, য’ত ড০ ভূপেন হাজৰিকাৰ নাম দেখিবলৈ পোৱা যায়। ইয়ে প্ৰদৰ্শন কৰে যে বিদ্যালয়খনৰ সৈতে ড০ ভূপেন হাজৰিকাৰ এটা সময়ত থকা সম্পৰ্কৰ কথা। ইয়াৰোপৰি ই  বিদ্যালয়খনক যেন এক উচ্চ স্থানলৈ লৈ গৈছে। কিয়নো এই বিদ্যালয়ত পঢ়া এগৰাকী ছাত্ৰই পাছলৈ গৈছিল মহান শিল্পী। যাক লৈ গৌৰৱান্বিত সমগ্ৰ দেশ।

অকাডেমীক ইনচাৰ্জ আজাদ হুছেইনৰ মতে, পঞ্জীত প্ৰকাশ পোৱা অনুসৰি ড০ হাজৰিকাই ১৯৩২ চনৰ ৬ মে’ত বিদ্যালয়ত নামভৰ্তি কৰিছিল আৰু সেই বছৰৰে ১৫ আগষ্টত বিদ্যালয় ত্যাগ কৰিছিল। প্ৰায় ৩ মাহ সময় তেওঁ বিদ্যালয়খনৰ ছাত্ৰ হৈ আছিল। এই নামভৰ্তিৰ বহীখন বিদ্যালয়নে এতিয়াও সংৰক্ষণ কৰি ৰাখিছে। আজি হাজৰিকাৰ জন্মতিথি উপলক্ষে এই বহীটো প্ৰদৰ্শন কৰা হয়। ইয়াৰ পাছতে বিদ্যালখনত ড০ হাজৰিকাক স্মৰণ কৰি তেওঁৰ দ্বাৰা ৰচিত বিভিন্ন গীত, কবিতা আদি পৰিৱেশন কৰা হয়।

ধুবুৰীৰ এইখন বিদ্যালয়ে আজিও হাজৰিকাক লৈ এক বিশেষ গৌৰৱ অনুভৱ কৰে। কিয়নো সেই বিদ্যালয়খনত অধ্যয়ন কৰা এগৰাকী ছাত্ৰই আজি মৃত্যুৰ পাছতো অমৰ হৈ আছে। সেই ছাত্ৰগৰাকীয়ে ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকা। উল্লেখ্য যে, ড০ ভূপেন হাজিৰকাই পিতৃৰ চাকৰিসূত্ৰে অসমৰ বিভিন্ন স্থানত ঘূৰি ফুৰিছিল। যাৰ বাবে তেওঁৰ স্কুল সলনি হৈছিল। এনে ক্ষেত্ৰত তেওঁ কেইবাখনো বিদ্যালয় অধ্যয়ন কৰিবলগীয়া হৈছিল।

ভূপেন হাজৰিকা অসমীয়াৰ হিয়াৰ আমঠু। অসমীয়াৰ গৌৰৱ তথা অসমীয়াৰ স্বাভিমান। এইগৰাকী মহান শিল্পক সুঁৱৰি আজি সমগ্ৰ ৰাজ্যই বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰে। ১৩ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হ’ব। য’ত ভূপেন হাজৰিকাৰ নামৰ মুদ্ৰাও উন্মোচন কৰিব প্ৰধানমন্ত্ৰীয়ে।

 

 

 

অন্য খবৰ পঢ়কঃ নাম সলনি! ড০ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰৰ নতুন নাম ‘সমন্বয় তীৰ্থ’…