Morning News: ১ মিনিটতে পঢ়ক পুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ…
ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

পুৱাৰ গুৰুত্বপূৰ্ণ খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- আহমেদাবাদত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত বিমানত থকা ২৪১ জন লোকৰ মৃত্যু হয়। AIR INDIA ই কৰিছে আনুষ্ঠানিক ঘোষণা।
- ‘নিহতসকলৰ DNA টেষ্ট কৰাৰ পিছতহে সকলো কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব।’ আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ বুজ লয় গৃহমন্ত্ৰী অমিত শ্বাহে। বিমান পৰিবহণ বিভাগে তদন্ত আৰম্ভ কৰিছে।
- আহমেদাবাদত সংঘটিত ভয়ংকৰ দুৰ্ঘটনা। এই অভিশপ্ত বিমানত আছিল কেবিন ক্ৰু মণিপুৰৰ কে এন শৰ্মা। বৰ্তমানলৈ কোনো তথ্য পোৱা নাই পৰিয়ালৰ লোকে।
- বৃহস্পতিবাৰে আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হয় এয়াৰ ইণ্ডিয়াৰ বয়িং ৭৮৭ ড্ৰিমলাইনাৰ বিমান। বিমানখনত আছিল ২৪২ জন লোক। বিমান দুৰ্ঘটনাত বিমানখনত থকা আটাইকেইজন লোকৰে মৃত্যু হোৱা বুলি আশংকা কৰা হৈছিল। অৱশ্যে এনে শংকাক ভুল প্ৰমাণিত কৰি প্ৰাণ ৰক্ষা পৰিছে এগৰাকী যাত্ৰীৰ।
- আহমেদাবাদত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত বিমানত থকা লোকসকলৰ লগতে বিমানখন বাগৰি পৰা চিকিৎসালয়ৰ আৱাসটোৰ কিছুসংখ্যক লোকৰো মৃত্যুৰ আশংকা কৰা হৈছে। এই দুৰ্ঘটনাক লৈ দেশজুৰি চাঞ্চল্য অব্যাহত থকাৰ সময়তে টাটা গ্ৰুপে ক্ষতিপূৰণৰ কথা ঘোষণা কৰিছে।
- ধ্ৰুপদী নৃত্যশিল্পী সোনাল মানছিঙক ২০২৩ৰ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান। এই বঁটা প্ৰদান কৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। বৃহস্পতিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
- আহমেদাবাদৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে। জানিব পৰা মতে, কন্যাক সাক্ষাতৰ বাবে লণ্ডনলৈ যাব বিচাৰিছিল বিজয় ৰূপানীয়ে।
- তৎকাল টিকট সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতীয় ৰে’লৱে । তৎকাল টিকট বুকিঙত প্ৰৱঞ্চনা ৰোধ কৰিবলৈ এতিয়াৰে পৰা আধাৰ কাৰ্ডৰ ই-প্ৰমাণীকৰণ বাধ্যতামূলক কৰা হৈছে। সামাজিক মাধ্যমযোগে এই কথা ঘোষণা ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে।
- ৰাজা ৰঘুবংশী কাণ্ডৰ নতুন নতুন তথ্য পোহৰলৈ আহি আছে। এই হত্যাকাণ্ড সন্দৰ্ভত ৰাজাৰ পত্নী সোণমৰ লগতে তেওঁৰ অভিযুক্ত প্ৰেমিক ৰাজ কুছৱাহা আৰু ৩ চুপাৰি কিলাৰ গ্ৰেপ্তাৰ হৈছে। আৰক্ষীৰ জেৰাক ৰাজে সোণমক মাষ্টাৰমাইণ্ড বুলি কোৱাৰ বিপৰীতে সোণমে ৰাজৰ ওপৰত সকলো দোষ জাপি দিয়াৰ চেষ্টা কৰিছে।