শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Air India Plane Crash:আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পৰা ধুবুৰীত শ্বুট এট চাইট অৰ্ডাৰলৈ দিনটোৰ শীৰ্ষ খবৰ

Air India Plane Crash:আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পৰা ধুবুৰীত শ্বুট এট চাইট অৰ্ডাৰলৈ দিনটোৰ শীৰ্ষ খবৰ

manas-borah
Manas Borah | Updated On: 13 Jun 2025 23:31 PM

ধুবুৰী চহৰত দেখা মাত্ৰেই গুলীওৱাৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সাম্প্ৰদায়িক উত্তেজনা দমনৰ উদ্দেশ্যেই দিয়া হৈছে এই নিৰ্দেশ । দুষ্ট চক্ৰই ঈদৰ পিছত মন্দিৰৰ চৌহদ গো-মাংস পেলোৱাক লৈ উত্তপ্ত হৈ পৰিছিল ধুবুৰী চহৰ । ইয়াৰ লগতে চাওঁ আহক দিনটোৰ কেইটামান শীৰ্ষ খবৰ...

আহমেদাবাদ দুৰ্ঘটনাত পতিত এয়াৰ ইণ্ডিয়াৰ অভিশপ্ত বিমানখনৰ ডিভিআৰ উদ্ধাৰ । ব্লেক বক্স উদ্ধাৰৰ বাবেও অব্যাহত আছে প্ৰচেষ্টা । ডিভিআৰ উদ্ধাৰৰ পাছত বিমান দুৰ্ঘটনাৰ প্ৰকৃত সত্য পোহৰলৈ আহিব বুলি অনুমান কৰা হৈছে ।

ধুবুৰী চহৰত দেখা মাত্ৰেই গুলীওৱাৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সাম্প্ৰদায়িক উত্তেজনা দমনৰ উদ্দেশ্যেই দিয়া হৈছে এই নিৰ্দেশ । দুষ্ট চক্ৰই ঈদৰ পিছত মন্দিৰৰ চৌহদ গো-মাংস পেলোৱাক লৈ উত্তপ্ত হৈ পৰিছিল ধুবুৰী চহৰ ।

ঈদৰ পূৰ্বে “নবীন বাংলা” নামৰ এটা গোটৰ নামত ধুবুৰীৰ কিছুমান স্থানত পোষ্টাৰ আঁৰিছিল একাংশই । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে এই তথ্য। আজি ধুবুৰীত উপস্থিত হৈ তেওঁ কয়, “এই পোষ্টাৰসমূহৰ ভিতৰত উচতনিমূলক কবিতা আৰু ধুবুৰীক বাংলাদেশত অন্তৰ্ভুক্ত কৰাৰ দাবী আছিল। তেনে তিনিখন পোষ্টাৰ দেখা গৈছে, যাৰ ভিতৰত এখন পোষ্টাৰ সেনাৰ সংকেত স্থাপনাতো লাগোৱা হৈছিল।

ইয়াৰ লগতে চাওঁ আহক দিনটোৰ কেইটামান শীৰ্ষ খবৰ…