শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কলেষ্টেৰল বেছি হ’লে শৰীৰত দেখা দিয়া লক্ষণবোৰ কি কি? বিশেষজ্ঞৰ পৰা জানি লওক

বেয়া কলেষ্টেৰলৰ মাত্ৰা বাঢ়িলে ই ৰক্তবাহী নলীত জমা হ’বলৈ আৰম্ভ কৰে আৰু তেজৰ সোঁতত বাধাৰ সৃষ্টি কৰে। ইয়াৰ বাবে শৰীৰৰ বহু ক্ষতি হ’ব পাৰে। এনে পৰিস্থিতিত ইয়াৰ লক্ষণ আৰু প্ৰতিৰোধৰ পদ্ধতি জনাটো গুৰুত্বপূৰ্ণ। জানোঁ আহক।

কলেষ্টেৰল বেছি হ’লে শৰীৰত দেখা দিয়া লক্ষণবোৰ কি কি? বিশেষজ্ঞৰ পৰা জানি লওক
প্ৰতীকী ফটোImage Credit source: GettyImage
manas-borah
Manas Borah | Published: 13 Jun 2025 21:45 PM

বেয়া জীৱনশৈলী, খাদ্যাভ্যাস আৰু শাৰীৰিক ক্ৰিয়া-কলাপৰ অভাৱৰ ফলত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰে । কলেষ্টেৰল হৈছে এক প্ৰকাৰৰ তেলীয়া চৰ্বি, যি আমাৰ তেজত পোৱা যায়। ইয়াৰ প্ৰকাৰ দুটা-ভাল কলেষ্টেৰল আৰু বেয়া কলেষ্টেৰল। শৰীৰত বেয়া কলেষ্টেৰলৰ মাত্ৰা বাঢ়িলে ই ৰক্তবাহী নলীত জমা হ’বলৈ আৰম্ভ কৰে আৰু তেজৰ সোঁতত বাধাৰ সৃষ্টি কৰে। ইয়াৰ বাবে শৰীৰৰ বহু ক্ষতি হ’ব পাৰে। এনে পৰিস্থিতিত ইয়াৰ লক্ষণ আৰু প্ৰতিৰোধৰ পদ্ধতি জনাটো গুৰুত্বপূৰ্ণ। জানোঁ আহক।

যেতিয়া শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পায় তেতিয়া আটাইতকৈ বেছি প্ৰভাৱ পৰে হৃদযন্ত্ৰ আৰু ৰক্তবাহী নলীত। বেয়া কলেষ্টেৰল ৰক্তবাহী নলীত জমা হ’বলৈ আৰম্ভ কৰে, যাৰ ফলত বন্ধ হৈ পৰে। ইয়াৰ ফলত তেজৰ সোঁতত বাধাৰ সৃষ্টি হয় আৰু হৃদযন্ত্ৰই পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন নাপায়, যাৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়।

ইয়াৰ উপৰিও উচ্চ ৰক্তচাপ, ষ্ট্ৰোক, বৃক্কৰ সমস্যা আৰু চৰ্বিযুক্ত যকৃতৰ দৰে অৱস্থাৰ সৃষ্টি কৰিব পাৰে। সময়মতে চিকিৎসা নকৰিলে দৃষ্টিশক্তি আৰু মগজুৰ কাৰ্য্যক্ষমতাতো প্ৰভাৱ পেলাব পাৰে।

উচ্চ কলেষ্টেৰলৰ লক্ষণসমূহ কি কি?

ৰাজীৱ গান্ধী চিকিৎসালয়ৰ হৃদৰোগ বিভাগৰ সহযোগী অধ্যাপক ডাঃ অজিত জৈনে কয় যে, উচ্চ কলেষ্টেৰলৰ কোনো স্পষ্ট বা আগতীয়া লক্ষণ দেখা নাযায় যদিও কিছুমান লক্ষণ আছে যিবোৰক আওকাণ কৰা উচিত নহয়। এনে পৰিস্থিতিত সোনকালে ভাগৰুৱা অনুভৱ কৰা, বুকুৰ গধুৰতা বা বিষ হোৱা,উশাহ-নিশাহৰ কষ্ট আৰু মূৰ ঘূৰোৱা আদি ইয়াৰ লক্ষণ হ’ব পাৰে। কেতিয়াবা চকুৰ আশে-পাশে হালধীয়া চৰ্বিৰ দৰে তৰপ জমা হয়, যিয়ে শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পোৱাৰ ইংগিত দিয়ে।

বিশেষকৈ খোজ কঢ়াৰ সময়ত ভৰিৰ বিষ হ’লে তেজৰ শিৰা বন্ধ হোৱাৰ লক্ষণ হ’ব পাৰে। ইয়াৰ উপৰিও কিছুমান লোকৰ চুলি সৰা আদি লক্ষণো দেখা দিব পাৰে। এই লক্ষণবোৰক সহজভাৱে ল’ব নালাগে আৰু মাজে মাজে তেজৰ পৰীক্ষা কৰাব লাগে।

কেনেকৈ প্ৰতিৰোধ কৰিব?

খাদ্যাভ্যাসৰ ওপৰত গুৰুত্ব দিব লাগে । স্বাস্থ্যসন্মত আৰু সুষম খাদ্য গ্ৰহণ কৰক।

শাৰীৰিক কাৰ্যকলাপৰ ওপৰত গুৰুত্ব দিব লাগে । দৈনিক কমেও ৩০ মিনিট ব্যায়াম বা যোগাসন কৰক।

মদ্যপান বেয়া অভ্যাস । আপুনি যিমান পাৰে সিমান ধূমপান আৰু মদৰ পৰা আঁতৰি থাকক।

মানসিক চাপ কমাই পৰ্যাপ্ত পৰিমাণে টোপনি লওক। টোপনিৰ অভাৱে মানসিক চাপ বৃদ্ধি কৰিব পাৰে ।

মাজে মাজে কলেষ্টেৰল পৰীক্ষা কৰাব লাগে আৰু বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে ।